নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু এখন ৰাজ্যত পতন হ’ল কংগ্ৰেছৰ চৰকাৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ পডুচেৰীত বিগত এসপ্তাহ ধৰি চলা ৰাজনৈতিক অচলাৱস্থাৰ অন্ত পৰিল কংগ্ৰেছ চৰকাৰৰ পতনৰ মাজেৰে। ৩৩ জনীয়া পডুচেৰী বিধানসভাত কংগ্ৰেছ আৰু ডি এম কেৰ মিত্ৰজোঁট চৰকাৰ আছিল যদিও অলপতে কংগ্ৰেছৰ বিধায়ক জন কুমাৰে পদত্যাগ কৰাত শাসকীয় দলটোত লাগে আউল।

আনহাতে কংগ্ৰেছক সমৰ্থন দিয়া ৩ বিধায়কে বিজেপিক সমৰ্থন কৰাৰ পিছতে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা হেৰুৱায়। ইয়াৰ পিছতে বিৰোধীয়ে বিধানসভাৰ মজিয়াত শক্তিপৰীক্ষা কৰিবলৈ দাবী জনোৱাৰ পিছত আজি সন্ধিয়া ৫ বজালৈ আস্থাভোট অৰ্জনত ব্যৰ্থ হয় ভি নাৰায়ণস্বামী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ।

কংগ্ৰেছৰ সমৰ্থনত আজি মাত্ৰ ১১গৰাকী বিধায়কহে থকাত চৰকাৰৰ পতন অনিবাৰ্য হৈ পৰে।  উল্লেখ্য,অহা মে মাহৰ ভিতৰত নতুন চৰকাৰৰ বাবে নিৰ্বাচন হব ৰাজ্যখনত।

You might also like