নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতাক মাধমাৰ শোধাই ৰাজ্যত পুনৰ বাঢ়িল টোল টেক্স

বিশেষ বাৰ্তা, ৩০ মার্চঃ জীৱনদায়িনী ৩৮৪ বিধ নিত্য–প্রয়োজনীয় ঔষধৰ দাম বৃদ্ধিৰ পিছত সর্বসাধাৰণৰ মূৰত আন এক মাধমাৰ৷ অহা পহিলা এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ বাঢ়িব টোল কৰ৷ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ (এনএইচএআই)–এ এই সন্দর্ভত আজি আনুষ্ঠানিক জাননী জাৰি কৰিছে৷ ইয়াৰ লগে লগে সত্য প্রতিপন্ন হ’ল ‘নিয়মীয়া বার্তা’ত যোৱা ১১ মার্চত প্রকাশিত বাতৰি৷ বজাৰৰ জুইত সর্বস্তৰৰ জনতা দগ্ধ হোৱাৰ সময়তে এনএইচএআইৰ এনে হঠকাৰী সিদ্ধান্ত বলৱৎ হোৱাৰ লগে লগে নিশ্চিতভাৱে ৰাষ্ট্রীয় ঘাইপথসমূহেৰে জনসাধাৰণৰ আহ–যাহ আৰু সামগ্রীৰ পৰিবহণ ব্যয়বহুল হৈ পৰিব৷ পৰিণতিত অত্যাৱশ্যকীয় সামগ্রীকে ধৰি নিত্য–ব্যৱহার্য বয়বস্তু আৰু যাত্রীৰ ভাৰা বৃদ্ধি হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে৷ উল্লেখ্য যে ‘নেচনেল ৰোডছ ফী (ডিটাৰমিনেচন অৱ বেটছ এণ্ড কালেকচন) ৰুলছ–২০০৮’ৰ অধীনত এনএইচএআই কর্তৃপক্ষই প্রতিবছৰে টোল কৰৰ সংশোধনী ঘটায়৷ বিগত ২০২২ চনৰ ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ এনএইচএআই–এ ১০ৰ পৰা ১৫ শতাংশ টোল কৰ বৃদ্ধি কৰিছিল৷ ইয়াৰ ঠিক এবছৰ পিছতে এইবাৰ পুনৰ টোল কৰ বৃদ্ধিৰ বাবে গ্রহণ কৰা সিদ্ধান্তই স্বাভাৱিকতে সর্বত্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ বিগত বর্ষত ১০ৰ পৰা ১৫ শতাংশ টোল কৰ বৃদ্ধিৰ ফলত একোখন বাহনে ৰাষ্ট্রীয় ঘাইপথত ১০–৬০ টকা অতিৰিক্ত আদায় দিবলগীয়া হৈছিল, যাৰ বাবে সামগ্রী পৰিবহণ আৰু যাত্রীৰ ভাৰাৰ ক্ষেত্রত বিৰূপ প্রভাৱ পৰাৰ সময়তে পুনৰ অনুৰূপ সিদ্ধান্ত গ্রহণ কৰিলে এনএইচএআইয়ে৷ লক্ষণীয়ভাৱে অসমৰ ৰাষ্ট্রীয় ঘাইপথতো ইতিমধ্যে কেইবাখনো টোল প্লাজা স্থাপন কৰা হৈছে৷ এই টোল প্লাজাসমূহত কৰক কেন্দ্র কৰি সংঘাত সৃষ্টি হৈ আহিছে যদিও এইক্ষেত্রত এনএইচএআই কর্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ সর্বজনবিদিত৷ এনএইচএআইৰ সংশোধিত নিৰিখ অনুসৰি গুৱাহাটী–বাইহাটা চাৰিআলি পথৰ মদনপুৰত থকা টোল প্লাজাত এটা ভৱনত কাৰ, জীপ, ভেন বা লঘু যান–বাহনসমূহে পহিলা এপ্রিলৰ পৰা আদায় দিব লাগিব ১৩০ টকা৷ সেইদৰে ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্রাৰ বাবে এইধৰণৰ যান–বাহনৰ ক্ষেত্রত কৰ আৰোপ কৰা হৈছে ১৯৫ টকা৷ তদুপৰি একেখন টোল প্লাজাৰে কাৰ, জীপ, ভেন অথবা লঘু যান–বাহনসমূহে এটা মাহত ৫০টা এবাৰৰ ভ্রমণ কালত ৪,৩৩০ টকা আদায় দিব লাগিব৷ অৱশ্যে কামৰূপ জিলাত পঞ্জীয়নভুক্ত বাণিজ্যিক যান–বাহনসমূহৰ ক্ষেত্রত এটা ভ্রমণত নতুন মাচুল ধার্য কৰা হৈছে ৬৫ টকা৷ নতুন নিৰিখ অনুসৰি লঘু বাণিজ্যিক–সামগ্রী পৰিবাহী–মিনিবাছসম্ এটা ভ্রমণত ২১০ টকা, ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্রাত ৩১৫ টকা, মাহিলি ৫০টা এবাৰৰ যাত্রাত ৬,৯৯৫ টকা আৰু কামৰূপ জিলাত পঞ্জীয়নভুক্ত বাণিজ্যিক বাহনসমূহে এবাৰৰ যাত্রাত আদায় দিব লাগিব ১০৫ টকা৷ টু এক্সেলছ বাছৰ ক্ষেত্রত এই নিৰিখ হৈছে ক্রমে ৪৪০ টকা, ৬৬০ টকা ১৪,৬৫৫ টকা আৰু ২২০ টকা৷ থ্রী এক্সেলছ বাণিজ্যিক বাহনসমূহে টোল প্লাজাখনত আদায় দিব লাগিব ক্রমে ৬৯০ টকা ১,০৩৫ টকা ২২,৯৮৫ টকা আৰু ৩৪৫ টকা৷ সাত বা ততোধিক এক্সেলছ বাহনৰ ক্ষেত্রত কৰৰ পৰিমাণ হ’ব ক্রমে ৮৪০ টকা ১,২৬০ টকা ২৭,৯৮০ টকা আৰু ৪২০ টকা৷ মদনপুৰ টোল প্লাজাৰ ২০ কিলোমিটাৰ ব্যাসার্ধৰ বাহনৰ গৰাকীসকলে মাহেকীয়া অনুমতি পত্রৰ বাবে ৩৩০ টকা আদায় দিব লাগিব৷ লক্ষণীয়ভাৱে বর্তমানে মদনপুৰ টোল প্লাজাত কাৰ–জীপ–ভেনকে ধৰি লঘু যান–বাহনৰ ক্ষেত্রত এবাৰৰ যাত্রাত নির্ধাৰিত কৰ হৈছে ১২৫ টকা৷ ইয়াৰ বিপৰীতে লঘু বাণিজ্যিক–সামগ্রী পৰিবাহী বাহনে ২০০ টকা আৰু টু এক্সেলছ বাছ–ট্রাকে ৪২০ টকা আদায় দি আহিছে৷ এনএইচএআইৰ নির্দেশনাত নাজিৰাখাতৰ লোমাটি গাঁৱত থকা সোণাপুৰ টোল প্লাজাতো বৃদ্ধি কৰা হৈছে কৰৰ নিৰিখ৷ আজিৰ তাৰিখত নাজিৰাখাত টোল প্লাজাত কাৰ–ভেন–জীপকে ধৰি লঘু যান–বাহনৰ ক্ষেত্রত এবাৰৰ যাত্রাত নির্ধাৰিত মাচুল ১৩০ টকা৷ সামগ্রী পৰিবাহী লঘু বাহন, মিনিবাছ আদিৰ ক্ষেত্রত একোটা ভ্রমণত সংগ্রহ কৰা হয় ২০৫ টকা৷ তদুপৰি এটা ভ্রমণত টু এক্সেলছ বাছ আৰু ট্রাকে ৪৩০ টকা আদায় দিব লাগে৷ কামৰূপ (মহানগৰ) জিলাত পঞ্জীয়নভুক্ত বাণিজ্যিক লঘু বাহনৰ ক্ষেত্রত টোল কৰ এটা ভ্রমণত ৬৫ টকা হোৱাৰ বিপৰীতে লঘু বাণিজ্যিক বাহন আৰু মিনিবাছৰ ক্ষেত্রত এই পৰিমাণ হৈছে ১০৫ টকা৷ কিন্তু বর্তমানৰ প্রচলিত নিৰিখতকৈ সোণাপুৰ টোল গেটত কৰ বঢ়োৱা হৈছে৷ বর্ধিত নিৰিখ অনুসৰি এটা ভ্রমণত অহা পহিলা এপ্রিলৰ পৰা কাৰ–জীপ–ভেন–লঘু যান–বাহনসমূহে ১৩৫ টকা, ২৪ঘণ্টাৰ ভিতৰত ওভতনি যাত্রাত ২০০ টকা, ৫০টা এবাৰৰ ভ্রমণৰ মাহেকীয়া অনুমতিত ৪৪৭৫ টকা আৰু কামৰূপ (মহানগৰ) জিলাত পঞ্জীয়নভুক্ত বাণিজ্যিক বাহনে ৬৫ টকা আদায় দিব লাগিব৷ একেদৰে লঘু বাণিজ্যিক–সামগ্রী পৰিবাহী–মিনী বাছৰ ক্ষেত্রত এই পৰিমাণ হ’ব ক্রমে ২১৫ টকা, ৩২৫ টকা ৭,২৩০ টকা আৰু ১১০ টকা৷ টু এক্সেলছ বাছ বা ট্রাকে আদায় দিব লাগিব ক্রমে ৪৫৫ টকা, ৬৮০ টকা ১৫,১৪৫ টকা আৰু ২২৫ টকা৷ থ্রী এক্সেলছ বাণিজ্যিক বাহনৰ ক্ষেত্রত আৰোপিত কৰৰ পৰিমাণ ক্রমে ৪৯৫ টকা, ৭৪৫ টকা ১৬,৫২০ টকা আৰু ২৫০ টকা হ’ব৷ চাৰিৰ পৰা ছিক্স এক্সেলছ বাহনৰ ক্ষেত্রত ধার্য কৰা কৰৰ পৰিমাণ হৈছে ক্রমে ৭১০ টকা ১,০৭০ টকা ২৩,৭৫০ টকা আৰু ৩৫৫ টকা৷ অনুৰূপ ধৰণে সাতৰ পৰা ততোধিক এক্সেলছৰ বাহনসমূহে ক্রমে ৯৬৫ টকা ১,৩০০ টকা ২৮,৯১০ টকা আৰু ৪৩৫ টকা আদায় দিব লাগিব৷ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত থকা ৰহা টোল প্লাজাৰো কৰৰ নিৰিখ বৃদ্ধি কৰা হৈছে৷ বর্তমানে টোল প্লাজাখনত কাৰ–জীপ–ভেনকে ধৰি লঘু যান–বাহনৰ বিপৰীতে নির্ধাৰিত কৰ হৈছে ১১০ টকা৷ লঘু বাণিজ্যিক–সামগ্রী পৰিবাহী বাহনে টোল প্লাজাখনত ১৭৫ টকা আৰু টু এক্সেলছ বাছ–ট্রাকে ৩৭০ টকাকৈ আদায় দি আহিছে৷ লগতে বাণিজ্যিক কামত ব্যৱহূত লঘু যান–বাহনৰ ক্ষেত্রত এটা ভ্রমণত টোল প্লাজাখনত ৭৫টা মাচুল নির্ধাৰিত কৰাৰ বিপৰীতে লঘু বাণিজ্যিক–সামগ্রী পৰিবাহী বাহনে আদায় দিব লাগে ৯০ টকা৷ কিন্তু অহা ১ এপ্রিলৰ পৰা এটা ভ্রমণত কাৰ–জীপ–ভেন–লঘু যান–বাহনে ১১৫ টকা, ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্রাত ১৭০ টকা মাহেকত ৫০টা এবাৰৰ ভ্রমণত ৩,৮২৫ টকা আৰু সংশ্লিষ্ট জিলাখনত পঞ্জীভুক্ত যান–বাহনসমূহে এটা ভ্রমণত ৫৫ টকাকৈ আদায় দিব লাগিব৷ লঘু বাণিজ্যিক–সামগ্রী পৰিবাহী বাহন–মিনিবাছৰ ক্ষেত্রত এই নিৰিখ হ’ব ১৮৫ টকা, ২৮০ টকা ৬,১৮০ টকা আৰু ৯৫ টকা৷ টু এক্সেলছ বাছৰ ক্ষেত্রত আদায় দিব লাগিব ক্রমে ৪২৫ টকা, ৬৩৫ টকা ১৪,১২০ টকা আৰু ২১০ টকা৷ চাৰিৰ পৰা ছয় এক্সেলছ বাহনে ক্রমে ৬১০ টকা, ৯১৫ টকা ২০,৩০০ টকা আৰু ৩০৫ টকা কৰ পৰিশোধ কৰিব লাগিব৷ লগতে সাতৰ পৰা ততোধিক এক্সেলছৰ বাহনত ধার্য কৰা কৰৰ পৰিমাণ হ’ব ক্রমে ৭৪০ টকা ১,১১০ টকা ২৪,৭১০ টকা আৰু ৩৭০ টকা৷ টোল প্লাজাখনৰ ২০ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত বসবাস কৰা অ–বাণিজ্যিক বাহনৰ গৰাকীয়ে মাহিলি অনুমতিৰ বাবদ ৩৩০ টকাকৈ কৰ হিচাপে আদায় দিব লাগিব৷ অসমৰ ৰাষ্ট্রীয় ঘাইপথত থকা আন চাৰিখন টোল প্লাজাৰ ক্ষেত্রতো অহা পহিলা এপ্রিলৰ পৰা নতুন কৰৰ নিৰিখ বলৱৎ হ’ব৷ এই টোল প্লাজাকেইখন হৈছে– ২৭নং ৰাষ্ট্রীয় ঘাইপথৰ নগাঁও–ডবকা–লংকা– অংশৰ মান্দেৰডিছা টোল প্লাজা, একেটা অংশতে থকা মিকিৰআটি হগাঁও টোল প্লাজা, ৫৪নং ৰাষ্ট্রীয় ঘাইপথৰ বালাচেৰা–শিলচৰ অংশত থকা বালাচেৰা টোল প্লাজা আৰু ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ নলবাৰী–বিজনী অংশত থকা গলিয়া টোল প্লাজা৷

You might also like