নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি প্রাথমিক শিক্ষকৰ বিক্ষোভ

গ্রেড পে’ প্রদানৰ দাবী

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ  গ্রেড পে’ বৃদ্ধি, ৰাষ্ট্রীয় শিক্ষা নীতি কার্যকৰীকৰণৰ পূর্বে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ, অপ্রাদেশীকৃত বিদ্যালয়সমূহ প্রাদেশিকীকৰণ আদিকে ধৰি বিভিন্ন দাবীৰ সমর্থনত আজি ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰে প্রাথমিক শিক্ষকসকলে৷ ৰাজ্যৰ শিক্ষাখণ্ডসমূহত ধর্ণা, বিক্ষোভ প্রদর্শনেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে শিক্ষক সমাজে৷ ৰাজ্য চৰকাৰ হায়, হায়, আমাৰ প্রাপ্য আদায় দিয়ক, শীঘ্রে সমস্যা সমাধান কৰক আদি চৰকাৰবিৰোধী শ্লোগানেৰে শিক্ষাখণ্ডৰ কার্যালয়সমূহ উত্তাল কৰি তোলে প্রতিবাদী শিক্ষকসকলে৷ শীঘ্রে শিক্ষকসকলৰ এই সমস্যা সমাধান নকৰিলে পুনৰ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে৷ কামৰূপ জিলাৰ মির্জাস্থিত ৰামপুৰ খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কার্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা ধর্ণা কার্যসূচীত অংশগ্রহণ কৰি সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল গোস্বামীয়ে কয় যে ঠিকাভিত্তিক শিক্ষকসকলৰ পদসমূহ বছৰ বছৰ ধৰি নিয়মীয়াকৰণ নকৰি চৰকাৰে শিক্ষাগুৰুসকলক মনোকষ্ট দি আহিছে৷ এইক্ষেত্রত চৰকাৰে বিশেষ গুৰুত্ব দিয়া উচিত৷ একে সময়তে তেওঁ ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়– ‘বৃত্তি পৰীক্ষাৰ ফলাফল দিবলৈ তথা জলপানি প্রদান কৰিবলৈ প্রতি বছৰে বিভাগক কিয় মনত পেলাই দিবলগীয়া হয়? মুখ্যমন্ত্রীৰ নির্দেশ কিয় পালন কৰা নহয়? শিক্ষকসকলৰ প্রতি নতুন পেন্সন নীতি কিয়? এই প্রশ্ণসমূহৰ উত্তৰ চৰকাৰৰ ওচৰত আছেনে?’ উল্লেখ্য যে আজি ৰাজ্যৰ প্রতি খণ্ডৰ শিক্ষা বিষয়াৰ কার্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ কেইবাবাৰো সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্রীক স্মাৰক–পত্র প্রদান কৰিছে প্রাথমিক শিক্ষক সন্মিলনীয়ে৷ কিন্তু তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰাত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷

You might also like