নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰক্ষেত্ৰীৰ হিদিলাট্টাৰীত গাহৰি ফাৰ্মৰ দুৰ্গন্ধত অতিষ্ঠ ৰাইজক আক্ৰমণ ফাৰ্ম কৰ্তৃপক্ষৰ

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ : নলবাৰী জিলা প্ৰশাসনৰ চৰম হেমাহিৰ বাবেই কালি নিশা বৰক্ষেত্ৰীৰ হিদিলাট্টাৰীত এক তীব্ৰ উত্তেজনাই বিৰাজ কৰে। গাঁওখনৰ ডা: প্ৰাঞ্জল ডেকাৰ গাহৰি ফাৰ্মে গাঁওখনত মানুহ থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰাত ৰাইজে নলবাৰী জিলা প্ৰশাসনক গাঁওখনৰ‌ অবৰ্ণনীয় পৰিৱেশ সম্পৰ্কত বাৰম্বাৰ কৈ অহা স্বত্বেও কোনো কাণসাৰ নিদিয়াত  গাঁওখনৰ ৰাইজে ক্ষোভিত হৈ পৰে আৰু কালি বিয়লি গাঁৱৰ ৰাইজ পুনৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ফাৰ্মখন উঠাই নিবলৈ। প্ৰতিবাদকাৰী ফাৰ্মখনৰ ওচৰ পোৱাত ফাৰ্মখনৰ মালিক পক্ষই প্ৰতিবাদকাৰীসকলৰ গালৈ বিষাক্ত দ্ৰব্য স্পে কৰি যুদ্ধংদেহি মনোভাৱেৰে ওলাই আহে। লগে লগে প্ৰতিবাদকাৰী সকলৰ মাজত হুৱাদুৱা লাগে।  প্ৰতিবাদকাৰীসকল উত্তেজিত হৈ পৰে যদিও ফাৰ্মখনৰ কেইবাজনো কৰ্মচাৰী হাতত ৰ’ড লৈ  প্ৰতিবাদকাৰীক আক্ৰমণ কৰে। কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হয়। মালিকপক্ষই প্ৰতিবাদকাৰীৰ গালৈ বোমা নিক্ষেপ কৰি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে। নিশা দহ বজালৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰে গাঁওখনত। ফাৰ্মৰ মালিকপক্ষৰ আক্ৰমণত এগৰাকী কিশোৰীসহ চাৰি গৰাকী প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয়। ঘটনাৰ খবৰ পাই মুকালমুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় । অৱশ্যে পৰৱৰ্ত্তী সময়ত নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উপায়ুক্তগৰাকীয়ে গাঁৱৰ ৰাইজৰ সৈতে এক আলোচনাত মিলিত হৈ ফাৰ্মখন এসপ্তাহৰ ভিতৰত বন্ধ কৰি দিয়াৰ আশ্বাস দিয়ে। ফাৰ্মখনত কালি নিশাই ৰাইজৰ উপস্থিতিত গাঁওপ্ৰধান জয়ন্ত মেধিৰ হতুৱাই তলা লগাই ফাৰ্মখনৰ সন্মুখত জিলা প্ৰশাসনে আৰক্ষী মোতায়েন কৰে। ইপিনে ফাৰ্মখনৰ মালিক ডাঃ প্ৰাঞ্জল ডেকাৰ নিৰ্দেশত প্ৰতিষ্ঠানখনৰ অনা অসমীয়া মেনেজাৰ অম্ৰতঞ্চ ৰস্তোগীয়ে প্ৰতিবাদকাৰীক স্প্ৰে, ৰ’ডেৰে আক্ৰমণ কৰা কাৰ্যক অঞ্চলবাসীয়ে ধিক্কাৰ দিয়ে ।ঘটনা সংক্ৰান্তত নিশাই হিদিলাট্টাৰী গাঁও উন্নয়ন সমিতিৰ সম্পাদক জিতু বৰ্মনে দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে কালি নিশাই মেনেজাৰ অম্ৰতঞ্চ ৰস্তোগী আৰু এগৰাকী ৰহস্যময়ী যুৱতীক আটক কৰে। আজি দুয়োকে নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োকে জে’ল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱতীগৰাকী কোকৰাঝাৰ জিলাৰ বুলি জানিব পৰা গৈছে। কি উদ্দেশ্যেৰে যুৱতীগৰাকী আহি ফাৰ্মখনত বাহৰ পাতিছিল সেয়া এতিয়াও ৰহস্যৰ মাজত। উল্লেখ্য যে হিদিলাট্টাৰী গাঁৱৰ মাজমজিয়াত অৱস্থিত গাহৰি ফাৰ্মখনৰ দুৰ্গন্ধই বহুদিন ধৰি অঞ্চলবাসীক জ্বলাকলা খুৱাই আহিছে। ফাৰ্মখনৰ পৰা সৃষ্টি হোৱা কদৰ্যময় পৰিৱেশত অতিষ্ঠ হৈ পৰিছে ৰাইজ। ফাৰ্মখনৰ দুৰ্গন্ধই গাঁওখনলৈ চৰম ভাবুকি অনাত ৰাইজে ফাৰ্মখন স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনাইছিল ফাৰ্ম কৰ্তৃপক্ষৰ লগতে নলবাৰী জিলা প্ৰশাসনক। আনকি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদো কৰিছিল। বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো নলবাৰী জিলা প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাত কালি বিয়লি পুনৰ ৰাইজে প্ৰতিবাদ কৰিছিল।

 

প্ৰেৰক তফিকুৰ ৰহমান

You might also like