নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থানালৈ উন্নীত পাঠশালা আৰক্ষী চকী : বজালীত অন্তৰ্ভুক্ত ৫খন থানা

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানৰ আশাসুধীয়া প্ৰচেষ্টা আৰু পৃষ্ঠপোষকতাত কিছুদিন পূৰ্বে পাঠশালাৰ আৰক্ষী চকীখন থানালৈ উন্নীতকৰণ কৰা হয় আৰু আজি আৰক্ষী সঞ্চালকপ্ৰধানৰ অনুমতিমৰ্মে মই এই থানাখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলো৷ আৰক্ষী আৰু জনসাধাৰণৰ সম্পৰ্ক যাতে আৰু অধিক মধুৰ আৰু সুদৃঢ় হয় তাৰ বাবে আশা ৰাখিলো৷” এই মন্তব্য অসম আৰক্ষীৰ পশ্চিম সংমণ্ডলৰ মহা পৰিদৰ্শক দিলীপ কুমাৰ দেৰ৷ পাঠশালা আৰক্ষী চকী আজিৰ পৰা উন্নীত হ’ল আৰক্ষী থানা লৈ৷ আজি পাঠশালাৰ আৰক্ষী থানাৰ আনুস্থানিক ভাৱে উদ্বোধন কৰি অসম আৰক্ষীৰ পশ্চিম সংমণ্ডলৰ মহা পৰিদৰ্শক দিলীপ কুমাৰ দেই এক ঘোষণা কৰি কয় যে পাঠশালাৰ পিছতে বজালীৰ আন তিনিখন আৰক্ষী চকী ক্ৰমে ভবানীপুৰ, সৰুপেটা আৰু বাঘমাৰাক পৰ্যায়ক্ৰমে থানালৈ উন্নীত কৰা হব৷ আৰু এই তিনিখনক লৈ বজালীত সৰ্বমুঠ পাঁচখন আৰক্ষী থানা থাকিব৷ উল্লেখ্য যে আজিৰ পূৰ্বে বৃহত্তৰ বজালীত পাটাছাৰকুছিত মাথো এখন থানা আছিল৷ জনসংখ্য বৃদ্ধিৰ লগে লগে, ন ন অপৰাধো বৃদ্ধি পাইছে৷ যাৰ বাবে শতবৰ্ষ অতিক্ৰম কৰা বজালীৰ একমাত্ৰ থানাখনেৰে বৃহত্তৰ পৰিসৰৰ অঞ্চলটোক তদাৰক কৰা দুৰুহ হৈ পৰাত একাধিক থানাৰ প্ৰয়োজনীয়তা আহি পৰে আৰু সেয়েহে সমগ্ৰ বজালীত মুঠ ৫ খনলৈ আৰক্ষী থানা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয় বুলি আৰক্ষী মহা পৰিদৰ্শকগৰাকীয়ে ব্যক্ত কৰে৷ আজিৰ পাঠশালা আৰক্ষী থানা মুকলি উপলক্ষে বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক পেঞ্চনাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বজালী আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ কুমাৰ বুঢ়াগোহাঞি, বজালীৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টিকেন্দ্ৰজিত পাটগিৰি সমন্বিতে বজালীৰ কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ ৰশ্মি ৰেখা শৰ্মাই আঁত ধৰা আৰু শলাগৰ শৰাই প্ৰদান কৰা সভাখনত পাঠশালা আৰক্ষী চকীক থানালৈ উন্নীত কৰাৰ পিছত আজিৰ পৰা বজালীৰ আৰক্ষী প্ৰশাসনত নিশ্চিতভাবে নতুন দিশৰ সূচনা হ’ল বুলি উপস্থিত সকলোৱে ব্যক্ত কৰে৷ উল্লেখ্য যে ১৯৭১ চনত পাঠশালা আৰক্ষী চকী স্থাপন কৰাৰ আজি ৫২ বছৰ পিছত পাঠশালা আৰক্ষী চকী পাঠশালা আৰক্ষী থানালৈ উন্নীত কৰা অনুষ্ঠানৰ পিছতে সংবাদ মাধ্যমৰ আগত অসম আৰক্ষীৰ পশ্চিম সংমণ্ডলৰ মহা পৰিদৰ্শকগৰাকীয়ে কয় যে পাঠশালা সদৰ আৰক্ষী থানাখনে যাতে ৰাজ্য চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত এটি নতুন ভৱনৰ মজুৰি পায় তাৰ বাবে তেওঁ চৰকাৰলৈ অনুৰোধ জনাব৷

প্ৰেৰক কল্যাণ কলিতা

You might also like