নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালত ধুমুহাৰ তাণ্ডৱ : মুহূৰ্ততে তচনচ ৪৫টাকৈ পৰিয়াল

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ কালি সন্ধিয়া অহা এজাক প্ৰচণ্ড ধুমুহাত ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ অৰ্ন্তগত ৰহমৰীয়াৰ বগৰীতলীয়া, গেনিচুক, ৰহমৰীয়া লাইন, লকচনি, নিজ ৰহমৰীয়া, লিটিং গাঁও আৰু বোৱতি চুককে ধৰি ৫খন গাঁৱৰ ৬০ টা পৰিয়াল মূহূৰ্ততে তচনচ হৈ পৰে ৷ ধুমুহাৰ প্ৰকোপ ইমানেই প্ৰবল আছিল যে গছ-গছনি ঘৰ দুৱাৰ উৰুৱাই নিয়াৰ ওপৰি পকী দেৱাল পৰ্যন্ত খহি পৰে ৷ ঘৰৰ দেৱাল খহি পৰাত বগৰীতলীয়া গাঁৱৰ ৰতন চেতিয়া (৭৫)বছৰীয়া নামৰ লোকজনৰ ভৰি এখন ভাগি পৰাৰ লগতে মূৰত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। পকী ইটাৰে লোকজনক হেঁচা মাৰি ধৰাত লোকজনক অচেতন অৱস্থাত পুত্ৰই ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা বুলিও জানিব পৰা গৈছে ৷ ইফালে প্ৰচণ্ড ধুমুহাত ৰতন চেতিয়া নামৰ লোকজনৰ ওপৰি ডম্বৰুধৰ ফুকন নামৰ ৯০ উৰ্ধৰ এজন বৃদ্ধও ভৰিত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ইয়াৰোপৰি গেণ্ডি চুক গাঁৱৰ জানকি দাস (৫২),মৃদুলা দাস , মঞ্জু দাস (৫০) আৰু ৰহমৰীয়া লাইন গাঁৱৰ ৰেণু শইকীয়া (৪৮)নামৰ আন চাৰিগৰাকী মহিলাই হাত ,ভৰি,মুখ মণ্ডল আৰু ডিঙিত আঘাতপ্ৰাপ্ত হৈছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিছে ৷ পৰিতাপৰ কথা এইয়ে যে ধুমুহাই তচনচ কৰি পেলোৱা ৫০টাকৈ পৰিয়ালত কাপোৰ কানি সকলো অনিষ্ট হৈ পৰাত পৰিধান কৰিবলৈ এযোৰ কাপোৰৰ অভাৱ হোৱাতো বাদেই খাবলৈ এতিয়া এসাঁজ ভাতৰো নাটনি হৈছে বুলি ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজে অৱগত কৰিছে ৷ ইফালে উপ সংমণ্ডল বিষয়াই ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি পৰিয়াল কেইটাত একোখনকৈ ট্ৰিপাল প্ৰদান কৰিয়েই দায় সাৰিছে যদিও খাদ্য বস্তু আৰু বিনামূলীয়া চিকিৎসা সেৱাৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷ ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলৰ হৈ জিলা উপায়ুক্তৰ পৰা সাহায্য বিচাৰি আবেদন জনোৱাত ক্ষতিগ্ৰস্ত লোকসকলক এককালীন সাহায্য প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে বুলিও জানিব পৰা গৈছে। কিন্তু জিলা উপায়ুক্ত আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা এই ক্ষতিগ্ৰস্ত লোকসকলক কেতিয়া সাহায্য প্ৰদান কৰিব এইয়া নিশ্চিত ভাৱে ক্ষতিগ্ৰস্ত লোকসকলে জানিব পৰা নাই বুলিও অৱগত কৰিছে ৷ উল্লেখৰ আৱশ্যক যে ,বিধৱংসী ধুমুহাত ৫০টাকৈ পৰিয়ালৰ গৃহ ইমানেই ধৱংসস্তূপত পৰিণত কৰি পেলালে যে সেই পৰিয়াল কেইটাই এতিয়া নতুনকৈ একোটি গৃহ নিৰ্মাণ কৰাৰ বিপৰীতে অন্য বিকল্প একোৱেই নাই বুলিব পাৰি ৷ উপসংমণ্ডল বিষয়াই প্ৰদান কৰা একোখন ট্ৰিপালৰ তলত একোটা পৰিয়ালৰ ৬/৭জনকৈ মানুহে কোনোপ্ৰকাৰে কিবা এটা ৰান্ধি খাবলৈ সম্ভৱ হৈছে যদিও নিশা আশ্ৰয় ল’বলৈ এটুকুৰা ঠাইৰ অভাৱ হৈছে ৷সেয়ে ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলে গৃহতি নতুনকৈ নিৰ্মাণ কৰিব সামৰ্থ নোহোৱালৈকে নতুবা দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা সাহায্য লাভ নকৰা পৰ্যন্ত লোকসকলক অস্থায়ীভাৱে কোনোবা এটা ঠাইত সংস্থাপিত কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ৷ নিয়মীয়া বাৰ্তাৰ সাংবাদিকে ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰা সংগ্ৰহ কৰা গ্ৰাউণ্ড জিৰ ৰিপৰ্টত উন্মোচিত হোৱা উন্নয়নৰ ছবিখন ইমানেই পুতৌজনক যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ প্ৰতিটো গৃহেই উৰুঁখা পঁজা বুলি ক’ব পাৰি ৷ প্ৰতিটো গৃহই এখন কেঁচা বেৰত এখন টিনৰ ছাল ৷ যিকেইটা পৰিয়ালে চৰকাৰী গৃহ লাভ কৰিছিল সেই গৃহ কেইটিও ইমান দুৰ্বল আন্তগাঁঠনিৰে নিৰ্মাণ কৰা হৈছিল যে প্ৰচণ্ড এজাক ধুমুহাৰ ফলত মূহূৰ্ততে তচনচ হৈ পৰিছে ৷ একাংশ ৰাস্তা পদূলিও পকী হ’বলৈ এতিয়াও বাকী আছে ৷ যাৰফলত নিশা অহা প্ৰচণ্ড ধুমুহা জাকত আহত হোৱা লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে ৷ আজি ৰহমৰীয়াত ধুমুহাই তাণ্ডৱ লীলা সৃষ্টি কৰা ৫খনকৈ গাঁৱলৈ নিয়মীয়া বাৰ্তা কাকতৰ লাহোৱালৰ সাংবাদিকে বাতৰি সংগ্ৰহৰ বাবে যোৱা মূহূৰ্ত্তত সাংবাদিকগৰাকীক অঞ্চলসমূহ পৰিদৰ্শন কৰাত সহযোগ কৰাৰ উদ্দেশ্যে লগত যোৱা ভাৰতীয় জনতা যুৱ মৰ্চা পানীতোলা মণ্ডলৰ সভাপতি ৰন্তুু শইকীয়াই ধুমুহাত আঘাতপ্ৰাপ্ত লোককেইজনক সাংবাদিকজনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই চিকিৎসাৰ বাবে যৎকিঞ্চিৎ সহায়ৰ হাত আগবঢ়াই উৎকৃষ্ট মানৱ নিৰ্দশন দাঙি ধৰে ৷

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like