নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত ‘সপোন কোঁ‌ৱৰ’ শীৰ্ষক গীত মুকলি

বিশেষ বাৰ্তা, ৪ এপ্ৰিলঃ ১৯ বছৰৰ পিছত গীতৰ মাজলৈ উভতি আহিছে বিহু সম্ৰাট ৰুবুল বৰা। প্ৰতিশ্ৰুতিসম্পন্ন গায়িকা সাগৰিকা ডেকাৰ বাবে এটি বিহুগীত ৰচনা কৰাৰ ওপৰিও গীতটি সুৰ আৰু সংগীতেৰে সজাই তুলিছে। গীতটোৰ পৰিচালনাও ৰুবুল বৰাৰ। এছ ডি প্ৰডাকচনৰ বেনাৰত ৰুমা বড়ো ডেকাই প্ৰযোজনা কৰা ‘সপোন কোঁ‌ৱৰ’ শীৰ্ষক গীতটি ৰুবুল বৰাৰ তাহানিৰ সৃষ্টিৰ দৰেই শ্ৰুতিমধুৰ হৈ উঠিছে। সাগৰিকা ডেকাই প্ৰাণঢালি গোৱা গীতটিত কণ্ঠত সহযোগ কৰিছে কন্ঠশিল্পী উপাসনা দত্তই। দেবেশ্বৰ শইকীয়া, পংকজ বৰা, কৈলাশ ৰাভা, পিতি বৰা, ভদ্ৰকান্ত দাস আদিয়ে বাদ্যযন্ত্ৰ সংগত কৰা গীতটি জিন্টু বৰদলৈৰ তত্বাৱধানত গুৱাহাটীৰ ষ্টুডিঅ’ ড্ৰিমছত বাণীবদ্ধ কৰা হয়। কালি ৰাতি মৰিয়নিৰ কিংশুক ভৱনত এই নতুন গীতটো এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উন্মোচন কৰা হয়। বিহু সম্ৰাট ৰুবুল বৰা, বিশিষ্ট শিল্পী তৰুণ শইকীয়া আৰু নাট্যকাৰ-শিক্ষাবিদ ৰঞ্জিত গোহাঁইবৰুৱাই একেলগে গীতটো উন্মোচন কৰে। এই উপলক্ষ্যে অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত ৰুবুল বৰাৰ ওপৰিও বিহুৱা শিল্পী অৰবিন্দ দত্ত, এসময়ৰ বিহুৱৰী চন্দ্ৰমা বৰা, সংগীত শিক্ষয়িত্ৰীদ্বয় দুলুমনি মালাকাৰ হাতীবৰুৱা আৰু উজ্জলা মজুমদাৰ, শিল্পী তৰুণ শইকীয়া, নাট্যকাৰ ৰঞ্জিত গোহাঁইবৰুৱা, শিক্ষাবিদ- গীতিকাৰ নেকিবুল ইছলাম, চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়া, শিল্পী গোপাল কৃষ্ণ দাস, বিশিষ্ট চিকিৎসক ডাঃ খ্ৰীষ্টজ্যোতি বৰা, গীতিকাৰ-সুৰকাৰ-গায়ক নাৱাজ আহমেদ, আছুৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য দ্বীপ দত্ত, জ্যেষ্ঠ গীতাৰ বাদক সুভাষ মালাকাৰ, কৃষ্ণগোপান দেৱ (লাকী), অৰূপ চেতিয়া, অজিত শইকীয়া, অৰুণ বেৰিয়া, মুকিব জামাল আহমেদ, স্বাস্থ্য কৰ্মী ভানু মজুমদাৰ আৰু তপন চক্ৰৱৰ্তী, শিক্ষক চহন কানু, সাংস্কৃতিক কৰ্মী দীপক দত্ত (জোন), ধৰ্মেন্দ্ৰ চেতিয়া, তবলা বাদক অজিত দে (পাকু), মৰিয়নি মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড° ভাস্কৰ বুঢ়াগোঁ‌হাই, অধ্যাপক বিজিত বৰা, জগত গগৈ, উদীয়মান শিল্পী মনদ্বীপ মাজুলী, কন্ঠশিল্পী উপাসনা দত্ত আদি বহুজনক প্ৰডাকচন হাউচৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, চিন্তাবিদ আনন্দ শইকীয়াই বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী মুকলি কৰাৰ অন্তত শিল্পী সাগৰিকা ডেকাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। আনহাতে, ৰুবুল বৰা, তৰুন শইকীয়া, ৰঞ্জিত গোহাঁইবৰুৱা আদিয়েও বক্তব্য প্ৰদান কৰি ৰুবুল বড়াক পুনৰ সংগীতৰ মাজলৈ উভতি আহিবলৈ আহ্বান জনায়। তেওঁলোকে লগতে গীতটোত কন্ঠদান কৰা সাগৰিকা ডেকাৰ গীতে সকলো শ্ৰেণীৰ শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে। আকৰ্ষণীয় অনুষ্ঠানটোত শিল্পী ৰুবুল বৰাই বিহু কেছেটৰ দিনৰ পৰা কিদৰে সাম্প্ৰতিক সময়লৈ বিহু সলনি হ’ল সেই সম্পৰ্কে মনোগ্ৰাহী বক্তব্য প্ৰদান কৰাৰ লগতে তেওঁৰ অনুভৱ ব্যক্ত কৰে। কথাৰ মাজে মাজে তেওঁ পৰিৱেশন কৰা তেওঁৰ পুৰণি বিহুনামে উপস্থিত সকলোকে আপ্লুত কৰাৰ লগতে ন’ষ্টালজিক কৰি তোলে। বিশেষকৈ ‘নল বিৰিনাৰ পাত’, ‘ৰুনুজুনু জুনু জুনুমাই’, ‘এতোলা সোণেৰে মিনা কৰাই কৰাই’ আদি প্ৰিয় বিহুগীতসমূহ পৰিৱেশন কৰি সকলোকে তাহানিৰ দিনবোৰলৈ উভতাই নিয়ে । ক্ষিৰোদ ডেকাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাৰ্ফ’মিং আৰ্ট (নৃত্য)ৰ ছাত্ৰী লিজা দত্ত, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী আস্থা গোহাঁইবৰুৱা কনচেপ্ট হাইস্কুলৰ ছাত্ৰী মনিষা মজুমদাৰ আৰু কণমানি দেৱাশ্ৰী গগৈৰ নৃত্যানুষ্ঠানৰ লগতে জ্যেষ্ঠ শিল্পী তৰুণ শইকীয়া, গোপাল কৃষ্ণ দাস আৰু বাগ্মিতা হাতীবৰুৱাৰ গীতৰ অনুষ্ঠানে সমগ্ৰ অনুষ্ঠানটোৰ অন্য মাত্ৰা প্ৰদান কৰে। গীতটোৰ উন্মোচনী অনুষ্ঠানত প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে। আনহাতে, ইউ টিউবৰ ৰুবুল বৰা চেনেলত ইতিমধ্যে গীতটো উপলব্ধ হৈছে বুলি জানিবলৈ দিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like