নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে প্ৰায় ২ ঘণ্টা ধৰি বন্ধ হৈ পৰিল Whatsapp

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ:  আজি দুপৰীয়া হঠাৎ বন্ধ হৈ পৰে ছ’চিয়েল মেছেজিং এপ হোৱাটছএপৰ সেৱা। তেতিয়াৰ পৰা গ্ৰাহকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। হঠাতে চাৰ্ভাৰ ডাউন হোৱাৰ বাবে ব্যৱহাৰকাৰীসকলে বাৰ্তা প্ৰেৰণ বা গ্ৰহণ কৰাত অসুবিধাৰ সন্মুখীন হয়।

ইতিমধ্যে আই টি মন্ত্ৰণালয়ে মেটাৰ পৰা হোৱাটছএপ চাৰ্ভাৰ ডাউন হোৱা সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে। ভাৰতকে ধৰি বহু দেশত মঙলবাৰে মেটাৰ মালিকানাধীন ইনষ্টেণ্ট মেছেজিং প্লেটফৰ্ম হোৱাটছএপ ডাউন হৈ পৰিছিল।ইয়াৰ পিছতে কোম্পানীটোয়ে তেওঁলোকে সেৱা ঘূৰাই অনাৰ কাম কৰি আছে বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে যোগাযোগ আৰু পেমেণ্টৰ বাবে ২ বিলিয়নতকৈ অধিক ব্যৱহাৰকাৰীয়ে হোৱাটছএপৰ ওপৰত নিৰ্ভৰ কৰে। যাৰ ভিতৰত ভাৰততে সৰ্বাধিক ৩৯ কোটি ১ লাখ হোৱাটছএপ ব্যৱহাৰকাৰী লোক আছে।

You might also like