নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰচণ্ড ধুমুহাত ডিব্ৰুগড়ৰ বিস্তীৰ্ণ অঞ্চল ক্ষতিগ্ৰস্ত

বিশেষ বাৰ্তা, ২৪ এপ্ৰিলঃ গাঁওখনৰ ঘৰবোৰৰ চিন-মোকামেই যেন নাইকিয়া হল।শাকনি বাৰী,তামোল বাৰী সকলোবোৰ নিমিষতে শেষ হৈ গল। ঘৰৰ টিনপাত উৰুৱাই নিয়া, প্ৰকাণ্ড শিলে ফুটাই দিয়াত বিনিদ্ৰ ৰজনীৰে পাৰ কৰিলে গাওঁবাসীয়ে। যোৱানিশা ডিব্ৰুগড় আৰু ইয়াৰ পাশ্বৰ্ৱত্তী অঞ্চলত অহা এজাক প্ৰবল ধুমুহা আৰু শিলাবৃষ্টিত জিলাখনৰ ভালেমান গ্ৰাম্য অঞ্চল ব্যাপক ক্ষতিগ্ৰস্ত হয়।বৰবৰুৱা ব্লকৰ জকাই বৰবাম, টঙীয়া, বিনৈগুটীয়া, ঠেঙাল, লাঠীকড়ীয়া, শোভাচুক, চৰাইহাবী, বগীবিল চাউলখোৱা, মেডেলা পকা লাইনত বিস্তৰ ক্ষতি সাধন হয়৷ মুষলধাৰে হোৱা বৰষুণৰ লগতে শিলাবৃষ্টিৰ প্ৰকাণ্ড শিলবোৰে প্ৰায়বোৰ ঘৰৰে টিনপাত ফুটাই পেলায়৷উক্ত অঞ্চলৰ শাক-পাচলিৰ বাৰীসমূহ সম্পূৰ্ণৰূপে নষ্ট হোৱাত কৃষকৰ মাজত হাহাকাৰ স্বৃষ্টি হয়৷ জানিব পৰা অনুসৰি কেইবাটাও আৱাসিক ঘৰ আৰু ভঁৰালৰ টিনপাত বতাহে উৰুৱাই লৈ যায়৷ ফলত উৰে নিশা উজাগৰে পাৰ কৰিব লগাত পৰে পৰিয়াল সমূহ। আনহাতেদি বিনৈগুটীয়া, শোভাচুক অঞ্চলৰ প্ৰায়বোৰ ঘৰৰ টিনপাতেই ফুটাইছে৷যাৰ বাবে পৰিয়ালবোৰৰ মাজত এক অবৰ্ণনীয় পৰিস্থিতিৰ স্বৃষ্টি হৈছে। ইফালে জামিৰা, গৰুধৰীয়া, বাৰঘৰীয়া, মধুপুৰ, চৰাইহাবী অঞ্চলতো কেইটামান ঘৰৰ আৰু ভঁৰালৰ টিনপাত উৰুৱাই নিয়ে৷ শিলাবৃষ্টিয়ে ৰবিশস্যৰ লগতে টিনপাত ফুটাই গঞা ৰাইজৰ যথেষ্ট ক্ষতিসাধন কৰে৷ধুমুহাত ঘৰ-বাৰী ক্ষতিগ্ৰস্ত হলেও জনহানি হোৱা খবৰ পোৱা হোৱা নাই। ক্ষতিগ্ৰস্ত অঞ্চল সমূহত প্ৰশাসনে জৰীপ কৰি সাহায্য প্ৰদান কৰিবলৈকো আহবান জনাইছে স্থানীয় ৰাইজে।

প্ৰেৰক বিভাস দুৱৰা

You might also like