নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তথ্য বিচাৰিলেও নিদিয়ে ধুবুৰী পৌৰসভা-জনস্বাস্থ্য কাৰিকৰী বিভাগে

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ ধুবুৰীৰ বিশুদ্ধ খোৱপানীত আৰ্ছেনিকৰ উপস্থিতি থকাটো নিশ্চিত হোৱা-নোহোৱা তথা তাৰ সৈতে জড়িত আনুসঙ্গিক কেতবোৰ বিষয় লৈ তথ্য জনাৰ আইনৰ অধীনত কৰা এখন আবেদনৰ কোনো ধৰণৰ তথ্য প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ধুবুৰী পৌৰসভা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধুবুৰী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাৰ কাৰ্য্যালয়ৰ বিৰুদ্ধে। জানিব পৰা মতে, বিগত ১ মাৰ্চৰ দিনা ধুবুৰীৰ এগৰাকী সংবাদ কৰ্মীয়ে ধুবুৰী পৌৰসভাৰ কাৰ্য্যকৰী বিষয়া আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধুবুৰী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাৰ ওচৰত তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত কেতবোৰ তথ্য বিচাৰি আবেদন কৰিছিল। ঠিক অনুৰূপে, সিদিনাই গুৱাহাটীৰ হেঙেৰাবাৰীস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাৰ ওচৰত কেতবোৰ তথ্য বিচাৰি কৰিছিল আন এখন আবেদন। কিন্তু অভিযোগ অনুসৰি বিগত ১ মাৰ্চৰ দিনাই ধুবুৰীৰ মূল ডাকঘৰৰ পৰা ৰেজিষ্টাৰ্ড ডাকযোগে প্ৰদান কৰা আবেদন দুখন প্ৰদান কৰাৰ তথ্য জনাৰ আইনে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট সময়সীমা উকিল যদিও কোনো ধৰণৰ তথ্য প্ৰদান নকৰিলে ধুবুৰী পৌৰসভা কৰ্তৃপক্ষ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধুবুৰী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাই। অৱশ্যে বিগত ১২ মাৰ্চৰ দিনা তথ্য জনাৰ আইনৰ অধীনত কৰা অৱেদনখনৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা (পানী)ৰ কাৰ্য্যালয়ৰ পৰা বিভাগটোৰ ধুবুৰীস্থ কাৰ্য্যালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰৰ প্ৰতিলিপি লাভ কৰিছিল আবেদনকাৰীগৰাকীয়ে। বিভাগটোৰ মুখ্য অভিযন্তা মহাদেৱ ডেকা স্বাক্ষৰিত সেই পত্ৰখনত তথ্য জনাৰ আইনৰ অধীনত তেওঁৰ কাৰ্য্যালয়ৰ পৰা বিচৰা তথ্যখিনি ধুবুৰী সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তাৰ কাৰ্য্যালয়ক প্ৰদান কৰাৰ নিৰ্দেশ দিয়া হোৱা বুলি স্পষ্ট ভাবে উল্লেখ আছিল। কিন্তু তাৎপৰ্যপূৰ্ণ ভাবে, সেই নিৰ্দেশ প্ৰদান কৰাৰ এমাহৰ অধিক সময় পাৰ হ’ল যদিও আজিলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধুবুৰী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাগৰাকীয়ে নিজৰ বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশকো কেৰেপ নকৰি আজিলৈ আবেদনকাৰীক কোনো ধৰণৰ তথ্য প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াতে উল্লেখ্য যে, বিগত বিগত ৫ জানুৱাৰীৰ দিনা  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধুবুৰী সংমণ্ডলে গুৱাহাটীৰ এচআৰএললৈ প্ৰেৰণ কৰিছিল পানীৰ এক নমুনা।  ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ চিলড্ৰেন পাৰ্কৰ একাষে থকা পৌৰসভাৰ পানী পৰিশোধন তথা পানী যোগান কেন্দ্ৰটোৰ পৰা বিভাগটোৱে সংগ্ৰহ কৰা পানীৰ সেই নমুনাত এচআৰএলত কৰা পৰীক্ষাত অশোধিত (raw) পানীৰ প্ৰতি লিটাৰত ০.৫০০ মিলিগ্ৰাম আৰ্ছেনিক থকাৰ বিপৰীতে ফিল্টাৰ যুক্ত পানীৰ প্ৰতি লিটাৰত ০.৪৭২ মিলিগ্ৰাম আৰ্ছেনিক থকা বুলি পোৱা গৈছিল। উল্লেখ্য যে, ভাৰতীয় মানদণ্ড অনুসৰি খোৱাপানীৰ আৰ্চেনিকৰ সীমা হ’ল প্ৰতি লিটাৰত ০.০১ মিলিগ্ৰাম। ইপিনে উচ্চ মাত্ৰাত আৰ্ছেনিক থকাটো নিশ্চিত হোৱাৰ পিছত চহৰখনৰ ১ আৰু ২নং ৱাৰ্ডৰ কেইবা শতাধিক পৰিয়ালক দৈনিক পুৱা আৰু বিয়লি খোৱাপানী যোগান ধৰাৰ চিলড্ৰেন পাৰ্কৰ পানী যোগান কেন্দ্ৰটো বন্ধ কৰি ধুবুৰী পৌৰসভাই বিকল্প ব্যবস্থা ৰূপে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্থানীয় প্ৰকল্পটোৰ জৰিয়তে পানী যোগান ধৰাৰ ব্যৱস্থা কৰিছে। কিন্তু সেই পানী ঘোলা অৰু খোৱাৰ অনুপোযোগী বুলিয়েই কিন্তু অভিযোগ ৱাৰ্ড দুটাৰ ভূক্তভোগী বহু পৰিয়ালৰ। আনহাতে খোদ পৌৰসভাৰ পানীযোগান কেন্দ্ৰ এটাৰ পানীত আৰ্ছেনিক থকাটো পোহৰলৈ অহাৰ পিছত ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন এলেকাৰ একাংশ স্থানীয় ব্যৱসায়ীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বটল/ড্ৰামৰ পানী, বিভিন্ন ৰেষ্টুৰেন্ট-হোটেলে গ্ৰাহকক যোগান ধৰা পানী, বিভিন্ন শিক্ষানুষ্ঠানৰ খোৱাপানীকে ধৰি নিৰ্মিত অথবা নিৰ্মীয়মান অৱস্থাত থকা জল জীৱন আঁচনিৰ প্ৰকল্পবোৰৰ পানীতো আৰ্ছেনিক থকা-নথকাৰ বিষয়টো লৈ সংশ্লিষ্ট চৰকাৰী বিভাগ অথবা প্ৰতিষ্ঠানবোৰে পদক্ষেপ গ্ৰহণ কৰিছে নে নাই বুলিও কিন্তু জনজীৱনৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ জন্ম দিছে। কিন্তু বিষয়টো লৈ ধুবুৰী পৌৰসভা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধুবুৰী সংমণ্ডলকে ধৰি প্ৰশাসনেও নিৰৱতা অৱলম্বন কৰাৰ হে অভিযোগ উঠিছে। আনকি বিষয়টো লৈ মৌনতা অৱলম্বন কৰা দেখা গৈছে ধুবুৰীৰ স্থানীয় ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনবোৰেও।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like