নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমাকুছিৰ ১নং বৰংগাজুলিত ছাত্ৰ সন্ধানহীন, পৰিয়ালত হাহাকাৰ

নিয়মীয়া বাৰ্তা, ২ আগষ্ট : ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত ১নং বৰংগাজুলি (নালাপাৰা)ৰ এজন ১৪ বছৰীয়া ছাত্ৰ সন্ধানহীন হৈছে । ডিমাকুছি শংকৰদেৱ শিশু নিকেতনৰ নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰজন সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

নালাপাৰা অঞ্চলৰ জয়চন বিশ্বাস আৰু ৰীণা বিশ্বাসৰ পুত্ৰ তথা ডিমাকুছি শিশু শংকৰদেৱ নিকেতনৰ ছাত্ৰ অৰ্জুন বিশ্বাস আজি পাঁচ দিন ধৰি সন্ধানহীন হৈ আছে । সন্ধিয়া বিদ্যালয়ৰ পৰা গৃহলৈ আহি চ’কলৈ যাম বুলি ওলোৱাৰ পৰা কিশোৰটি সন্ধানহীন হৈ আছে । পৰিয়ালে বিভিন্ন প্ৰান্তত নিৰুদ্দিষ্ট কিশোৰটিৰ সন্ধান কৰিও ক’তো একো শুংসূত্ৰ নাপালে। অৱশেষত উপায়হীন হৈ নিৰুদ্দিষ্ট কিশোৰৰ পিতৃ জয়চন বিশ্বাসে ডিমাকুছি আৰক্ষী থানাত পুত্ৰ সন্ধানহীন সম্পৰ্কত এজাহাৰ দাখিল কৰে । তদুপৰি কোনো সদাশয় লোকে কিশোৰটিৰ কিবা সম্ভেদ পালে 99546-45277 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

প্ৰেৰক পিংকু কলিতা

You might also like