কেন্দ্রীয় চৰকাৰৰ তীক্ষ্ণ দৃষ্টিত ‘গ্রেটাৰ বাংলাদেশ’
🔹 অসমকে ধৰি দেশৰ ৭খন ৰাজ্য সামৰি ইছলামিক গোটৰ কাৰচাজি
নিউজ ডেস্ক, ২ আগষ্ট : উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যকে ধৰি ভাৰত ভূখণ্ডৰ এটা অংশ সংলগ্ন কৰি বাংলাদেশত প্রদর্শন কৰা ‘গ্রেটাৰ বাংলাদেশ’ৰ মানচিত্রৰ বিষয়টো কেন্দ্রীয় চৰকাৰৰ দৃষ্টিগোচৰ হৈছে৷ নতুন দিল্লীয়ে বাংলাদেশক কেন্দ্র কৰি ৰাষ্ট্রীয় সুৰক্ষাৰ সৈতে জড়িত বিষয়সমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে৷ ৰাজ্যসভাৰ মজিয়াত কেন্দ্রীয় বিদেশ মন্ত্রী সুব্রমণিয়ম জয়শংকৰে এই সন্দৰ্ভত গুৰুত্বপূর্ণ বিবৃতি প্রদান কৰিছে৷
সদনৰ প্রশ্ণোত্তৰকালত কংগ্রেছ সাংসদ ৰণদীপ সিং সূর্যৱালাই উত্থাপন কৰা প্রশ্ণৰ উত্তৰত বিদেশ মন্ত্রীজনে পিছে উক্ত মানচিত্রক লৈ উদ্বিগ্ন হ’বলগীয়া একো নাই বুলিহে সদনক আশ্বাস প্ৰদান কৰিছে৷ তেওঁ কয় যে তুর্কীৰ ‘টার্কিছ য়ুথ ফেডাৰেচন’ নামৰ এক বেচৰকাৰী সংগঠনৰ সহযোগিতাত ‘চুলতানত–ই–বাংলা’ নামৰ এটা ইছলামিক গোটে ভাৰত ভূখণ্ডৰ এটা অংশক সামৰি ঢাকাত প্রদর্শন কৰা ‘গ্রেটাৰ বাংলাদেশ’ক লৈ প্রকাশিত বাতৰি সন্দর্ভত চৰকাৰ অৱগত৷ পিছে উক্ত বাতৰিৰ সত্যতাক লৈ জয়শংকৰে আশংকা ব্যক্ত কৰে৷ ‘বাংলাফেক্টে’ কৰা দাবী অনুসৰি বাংলাদেশ ভূখণ্ডত ‘চুলতানত-ই-বাংলা’ নামৰ সংগঠন থকাৰ কোনো তথ্য–প্রমাণ নাই৷ দৰাচলতে ঢাকা বিশ্ববিদ্যালয়ত ইতিহাস সংক্রান্তীয় এক প্রদর্শনীত বাংলা চুলতানী সাম্রাজ্যৰ মানচিত্রহে প্রদর্শন কৰা হৈছিল৷ বাংলাদেশৰ নতুন বছৰ ‘পহলা বৈশাখ’ উপলক্ষে প্রদর্শিত মানচিত্রখনত অসম, মেঘালয়, ত্রিপুৰা, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাৰ কিছু অংশক সামৰি লোৱা হৈছিল–– যি আছিল বাংলা চুলতানী শাসনৰ অংশ৷ প্রদর্শনীৰ আয়োজকেও উক্ত প্রদর্শনীৰ আঁৰত কোনো বিদেশী ৰাজনৈতিক শক্তি জড়িত নাছিল বুলি বিবৃতি প্রদান কৰিছে৷
বাংলাদেশৰ সৈতে সম্পর্কিত ভাৰতৰ ৰাষ্ট্রীয় সুৰক্ষা সংক্রান্তীয় বিষয়ৰ ওপৰত কেন্দ্রীয় চৰকাৰে সদায় সতর্কতা অৱলম্বন কৰি আহিছে তথা তীক্ষ্ণ দৃষ্টি ৰাখি আছে৷ ভাৰতক সুৰক্ষিত ৰখাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ দায়বদ্ধ বুলি বিদেশ মন্ত্রী জয়শংকৰে সদনক আশ্বস্ত কৰে৷