নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে পুৰিছে চুঙা চাউল, চুঙা পিঠা…

ৰাজ্যজুৰি চলিছে ভোগালী বিহু আয়োজনৰ প্ৰস্তুতি। কাইলৈ ভোগালী বিহুৰ উৰুকা। ভোগালী বিহুৰ প্ৰাকক্ষণত ঢকুৱাখনাৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত আজি দেখা গ’ল ব্যতিক্ৰমী পৰিৱেশ। জাতিৰ চিনাকি, স্বাভিমান, কৃষ্টি-সংস্কৃতিৰে উত্তৰ প্ৰজন্মৰ মাজলৈ যোৱাৰ ভূমিকাত সততে অৱতীৰ্ণ হোৱা এই শিক্ষানুষ্ঠানখন হৈছে কাইজেন একাডেমী, ঢকুৱাখনা।

ভোগৰ বতৰা কঢ়িযাই পোহৰ কেঁকুৰিত দেও দি ফুৰা হেঁপাহৰ বিহুটিক আদৰিবলৈ শিক্ষানুষ্ঠানখনৰ চৌহদত সোমবাৰে বহিল পিঠা-পনাৰ মেল। ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠানখনৰ চৌহদতে নিজ হাতে তৈয়াৰ কৰি প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰিলে বিভিন্ন প্ৰকাৰৰ সুস্বাদু পিঠা কিম্বা জলপান। মেজি সাজি বিদ্যালয়ৰ চৌহদতে তৈয়াৰ কৰিছে ভোগালী ভোগালী লগা এক পৰিৱেশৰ। পাঠদানৰ সমান্তৰালকৈ অসমীয়াৰ চহকী সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে চিনাকি কৰাই দিয়া হৈছে শিক্ষাৰ্থীক। দায়িত্ব লৈছে দায়বদ্ধ শিক্ষকে।

কোনোবাই বনাইছে কুমলীয়া বাঁহৰ চুঙা, কোনোবাই সাজিছে মেজি। আন কোনোবাই সাজিছে ভেলাঘৰো। বাৰীৰ কুমলীয়া বাঁহ কাটি অকণমানি হাতেৰে চুঙা সাজি ছাত্ৰ-ছাত্ৰীসকলে জুইত পুৰি প্ৰস্তুত কৰিছে চুঙাপিঠা, চুঙা চাউল। অসমীয়াৰ ভোগালী বিহুটি কি আৰু কেনেদৰে উদযাপন কৰা হয়, সেয়া বুজি পাবলৈ যাতে সক্ষম হয়, তাৰেই প্ৰয়াস কৰিছে শিক্ষানুষ্ঠানখনে। মাঘ বিহুত কি কি পিঠা-পনা প্ৰস্তুত কৰা হয়, এই সকলো অভিজ্ঞতা দিবৰ বাবে এনে এক ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰা দেখিবলৈ পোৱা গ’ল।

নিজৰ কৃষ্টি-সংস্কৃতিৰ সৈতে একাত্ম হৈ ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশৰ। শিক্ষানুষ্ঠানখনৰ এই পদক্ষেপ কৰিলে অভিভাৱকসকলেও। ব্যতিক্ৰমী কৰ্মৰে সদায় চৰ্চাত থকা শিক্ষানুষ্ঠানখনে ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰাৰ লগতে যাতে অন্যান্য দিশবোৰৰ সকলো শিক্ষা প্ৰদান কৰিব পাৰি, ইয়াৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি আহিছে।

অসমীয়াৰ প্ৰাচীন পৰম্পৰা ধৰি ৰখা প্ৰয়াসৰ এতিয়া ইতিবাচক এক বতৰা। কাইজেন একাডেমী, ঢকুৱাখনাৰ জাতিৰ প্ৰতি থকা এই দায়বদ্ধ প্ৰয়াসৰ শলাগ লৈছে অভিভাৱক আৰু সচেতন সমাজে।

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১২ জানুৱাৰী :

You might also like