নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত নিশা ভয়ংকৰ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২৭ মেঃ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানৰ মইমতালিৰ বাবে ইজনৰ পিছত সিজন নিৰীহই কৰুণ মৃত্যুক সাবটি লোৱা ঘটনাই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তেই আজি শিৱসাগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হল অনুৰূপ এক দুৰ্ঘটনা ৷ ঠিকাদাৰী প্ৰতিষ্ঠানে সংকেতবিহীনভাৱে পথৰ কাষৰ বিপজ্জনক স্থানত ৰখাই থোৱা পথ নিৰ্মাণত ব্যৱহৃত মচলা তৈয়াৰ কৰা বৃহৎ আকাৰৰ পেভাৰ ফিনিচাৰত খুন্দিয়াই এজন পালছাৰ বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হোৱা ঘটনাই সমগ্ৰ জিলাখনতেই গভীৰ শোঁকৰ ছা পেলাইছে ৷ ফৰলেনৰ উন্মুক্ত যন্ত্ৰাংশত খুন্দিয়াই থিতাতে নিহত হোৱা যুৱকজনক শিৱসাগৰ গড়কাপ্তানী বিভাগৰ কলনীৰ বাসিন্দা ধৰ্মেশ্বৰ বৰুৱ্ৰ পুত্ৰ লক্ষ্য বৰুৱা ওৰফে সোণমণি ( ৩০) বুলি জানিব পৰা গৈছে ৷ আনহাতে, ঘটনাস্থলীৰ পৰা আহত অৱস্থাত উদ্ধাৰ কৰা আনজন আৰোহীৰ নাম অজয় পাছোৱান বুলি আৰক্ষীৰ সূত্ৰই জনাইছে ৷ জানিব পৰা মতে, যোৰহাটৰ দিশৰ পৰা নিশা সাত মান বজাত এ এছ-০৪ কে-১২১৭ নম্বৰৰ পালছাৰ বাইকখনেৰে সোণমনি আৰু অজয়ে আহি থকাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰগতি চাৰিআলিৰ সমীপৰ ৰাজলক্ষ্মী ধাবাৰ সন্মুখতেই সংঘটিত হয় এই কৰুণ ঘটনা ৷ ঘটনাৰ খবৰ লাভ কৰি যান বাহন শাখাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নিহত লক্ষ্য ওৰফে সোণমণিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে আহত অজয়ৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাইকখন জব্দ কৰাৰ লগতে ঘাতক পেভাৰ ফিনিচাৰ বাহনখনৰ চালক,হেণ্ডিমেনৰ সন্ধান চলাইছে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like