নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হঠাৎ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত হঠাৎ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰা হৈছে। এইক্ষেত্ৰত জ্যেষ্ঠ আৰক্ষী অধীক্ষক, আৰক্ষী অধীক্ষক পৰ্যায়ৰ ৩৬ বিষয়াক ৰদ-বদল কৰা হৈছে। এইসকলৰ ভিতৰত শ্ৰীভূমিৰ এছ এছ পি পাৰ্থ প্ৰতিম দাসক কাছাৰলৈ বদলি কৰা হৈছে। লীনা দলেক শ্ৰীভূমিৰ এছ এছ পিৰ দায়িত্ব দিয়া হৈছে। ধুবুৰীৰ পৰা শাস্তিমূলকভাৱে বদলি হৈছিল লীনা দলে। তদুপৰি ধুবুৰীৰ এছ এছ পিৰ দায়িত্বত দেৱাশিস বৰা, কাছাৰৰ এছ এছ পি নোমল মাহাত্তাক বদলি, কোকৰাঝাৰৰ এছ এছ পি পদলৈ বদলি মাহাত্তাক। কোকৰাঝাৰৰ এছ এছ পি পুষ্পৰাজ সিঙক বদলি, শিৱসাগৰৰ এছ এছ পি শুভ্ৰজ্যোতি বৰাক বদলি, যোৰহাটৰ এছ এছ পি হিচাপে বদলি শুভ্ৰজ্যোতি বৰাক, যোৰহাটৰ এছ এছ পি শ্বেতাং মিশ্ৰাক 4APBnলৈ বদলি, ডিমা হাছাওৰ এছ এছ পি মায়ং কুমাৰক তিনিচুকীয়ালৈ বদলি, এ আই জি ৰিপুঞ্জয় কাকতিক বদলি, ডিমা হাছাওৰ নতুন এছ এছ পি ৰিপুঞ্জয় কাকতি, বিশ্বনাথৰ এছ এছ পি শুভাশিস বৰুৱাক বদলি, শুভাশিস বৰুৱা শিৱসাগৰৰ নতুন এছ এছ পি, বজালীৰ এছ এছ পি এ বসুমতাৰীক বিশ্বনাথলৈ বদলি, DCP Central অমিতাভ বসুমতাৰীক DCP WESTৰ দায়িত্ব, ADCP Central সম্ভৱী মিশ্ৰক DCP Centralৰ দায়িত্ব, বৰ্তমানৰ DCP WEST পদ্মনাভ বৰুৱাক Vigilance and Anti-Corruptionৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব, কাৰ্বি আংলঙৰ এছ এছ পি পদলৈ বদলি পুষ্পৰাজ সিঙক, কাৰ্বি আংলঙৰ এছ এছ পি সঞ্জীৱ কুমাৰ শইকীয়াক কামৰূপলৈ বদলি কৰা হৈছে।

ডিজিটেল ডেস্ক, ১৮ অক্টোবৰ

You might also like