নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰেই বিজেপিলৈ আহিব গণশক্তিৰ নেতা, বিধায়ক ভুবন পেগু

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ  আঞ্চলিকতাবাদী ৰাজনীতি পৰিহাৰ কৰি অচিৰেই ৰাষ্ট্রীয় দল বিজেপিত যোগ দিব ধেমাজিৰ বিধায়ক তথা গণশক্তিৰ অন্যতম শক্তিশালী নেতা ভুবন পেগুৱে৷ শাসকীয় দলটোত ভুবন পেগুৰ যোগদানৰ নিশ্চয়তা আজি সদৰী কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সোমবাৰে ধেমাজিত এক চাইকেল ৰেলীত অংশগ্রহণ কৰা মন্ত্রীগৰাকীয়ে বিধায়ক পেগুৰ বিজেপিত যোগদান সন্দর্ভত কয়– ভুবন পেগুৱে বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত সম্পূর্ণ হৈছে৷ দুই–এদিনতে আনুষ্ঠানিকতা সম্পন্ন কৰা হ’ব৷

উল্লেখ্য যে লখিমপুৰ–ধেমাজিকে ধৰি উত্তৰ অসমত শক্তিশালী ৰূপত গণশক্তিৰ উত্থানৰ আঁৰত আছিল বিধায়ক ভুবন পেগু আৰু জনজাতীয় নেতা ৰণোজ পেগু৷ জোনাই সমষ্টিৰ উপ–নির্বাচনৰ জৰিয়তে ৰণোজ পেগু বিজেপিলৈ অহাৰ পাছত ভুবন পেগুৰ বিজেপিত যোগদানক লৈও শেহতীয়াকৈ যথেষ্ট চর্চা চলিছিল৷

আনকি, অলপতে বিধায়ক পেগুৱে গুৱাহাটীলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰিছিল৷ আজি জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে অহা নির্বাচনত বিজেপিৰ প্রতীক লৈয়েই নির্বাচনত অৱতীর্ণ হ’ব ভুবন পেগু৷ ইফালে, কালি ধেমাজি জিলাৰ জোনাইত টিএমপিকেৰ সোণালী জয়ন্তী বর্ষৰ শুভাৰম্ভ কার্যসূচীত অংশগ্রহণ কৰাৰ পাছত কালি মন্ত্রী ড০ শর্মাই ধেমাজিত এক দিনজোৰা কার্যসূচীত অংশ লয়৷ এক চাইকেল ৰেলীত অংশগ্রহণ কৰা মন্ত্রীগৰাকীক চিচিবৰগাঁওস্থিত ৰাষ্ট্রীয় ঘাইপথত চিচিবৰগাঁও কলেজৰ সমীপত বিপুলভাৱে শ শ লোকে উষ্ম আদৰণি জনায়৷ কেইবাখনো বিদ্যালয়ৰ ছাত্র–ছাত্রীৰ লগতে বিজেপিৰ কার্যকর্তাসকলে ফুল চটিয়াই গামোচা, চেলেং পিন্ধাই সম্ভাষণ জনায়৷

You might also like