নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক শান্তিজানত বান্ধ নির্মাণেৰে বেদখল সন্দেহযুক্ত লোকৰ

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ ২০১৬ চনৰ ছেপ্ঢেম্বৰ মাহত বেদখলমুক্ত হোৱা বটদ্রৱা থানৰ আকাশীগংগাৰ তীৰৰ ১৬০ বিঘা মাটিত অহা ২৫ ফেব্রুৱাৰীত গৃহমন্ত্রী অমিত শ্বাহে বটদ্রৱা প্রকল্পৰ নির্মাণকার্য সত্রীয়া পৰম্পৰাৰে শুভাৰম্ভ কৰিব৷ অমিত শ্বাহৰ আগমনৰ প্রাক্মুহূর্তত প্রশাসনিক ব্যস্ততাৰ সুযোগ গ্রহণ কৰি পুনৰ বটদ্রৱা থানৰ শান্তিজান জলপৃষ্ঠত আৰম্ভ হৈছে বেদখল৷ গুৰুজনাৰ পৱিত্র জন্মস্থান বটদ্রৱা থানৰ আকাশীগংগাৰ তীৰত থকা ভূমিখণ্ড চৰকাৰৰ প্রচেষ্টাত ইতিমধ্যে বেদখলমুক্ত হ’ল যদিও এতিয়াও চৰকাৰী বহু ভূমি আৰু বিশেষকৈ বটদ্রৱা থানৰ দাঁতিকাষৰীয়া প্রায় ৯৬২ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে৷ শেহতীয়াভাৱে দেশৰ গৃহমন্ত্রীৰ ভ্রমণসূচীৰ সময়তে বটদ্রৱাৰ ঐতিহাসিক শান্তিজান জলপৃষ্ঠৰ উত্তৰ–পূব দিশত ঐতিহাসিক গোসাঁইঘাট খ্যাত ঘাটত একাংশ দুষৃকতিকাৰীয়ে মীনপালনৰ নাম লৈ বান্ধ নির্মাণ কৰি অবৈধভাৱে চলাইছে বেদখল৷ অসম চৰকাৰে আকাশীগংগাৰ তীৰত ১৬০ বিঘা ভূমি বেদখলমুক্ত কৰিলে যদিও বটদ্রৱাৰ প্রাচীন ইতিহাসৰ ঘটনাবহুল পৰিক্রমাৰ স্মৃতিস্বৰূপ শান্তিজানৰ বজাৰখনৰ লগতে থকা দলংখনৰ বিপৰীত দিশত থকা গোসাঁইঘাট খ্যাত তাহানিৰ বটদ্রৱাৰ জনজীৱনৰ লগত নিবিড সম্পর্ক থকা জলপৃষ্ঠৰ মাজত মীনপালনৰ নামত মাহমুদ আলী নামৰ এজন বেদখলকাৰীয়ে পানীৰ মাজত ভেটা দি বৃহৎ বান্ধ নির্মাণ কৰি পুনৰ বেদখল আৰম্ভ কৰিছে৷

এই অবৈধ কার্যকলাপেৰে মাহমুদ আলীৰ দৰে এইসকল বেদখলকাৰীয়ে বটদ্রৱাৰ জনজীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে৷ বটদ্রৱা আৰক্ষীৰ নিষ্ক্রিয় ভূমিকাৰ বাবেই চৰকাৰী ভূমিখণ্ডৰ ওপৰত বেদখলকাৰীৰ দপ্দপনি দিনকদিনে বৃদ্ধি পাই আহিছে৷ বহু সময়ত বেদখলকাৰীৰ সন্দর্ভত আৰক্ষীয়ে মৌনতা অৱলম্বন কৰে৷ গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ বৃহত্তৰ অঞ্চলটোৰ শান্তিজান জলপৃষ্ঠত মীনপালনৰ নামত বেদখল কৰাৰ উপৰি বটদ্রৱা থানৰ বৰহিছা গ্রেজিং ৰিজার্ভ, বটদ্রৱাৰ চৰকাৰী কৃষি বীজপাম, ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ কাষৰ চৰকাৰী গ্রেজিং ৰিজার্ভত জামাইবস্তি স্থাপনেৰে অসামাজিক কাম–কাজ চলোৱা, ভোমোৰাগুৰিৰে লালুংগাঁও অঞ্চলত প্রাক্তন সৈনিকৰ নামত আবণ্টিত ভূমিত বেদখলকাৰীয়ে ৰাজত্ব চলাই অহাৰ বিষয়ে ইতিপূর্বে বাতৰি প্রকাশ পাইছে৷ এই সন্দর্ভত আজি বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্রীশ্রীনৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে সম্প্রতি এনেধৰণৰ বিষয়সমূহে গুৰুজনাৰ অৱদানেৰে সমৃদ্ধ অসমীয়া মহাজাতিৰ বাবে ভাবুকি কঢ়িয়াই আনিছে৷ লগতে বেদখলৰ মাজেৰে জগতগুৰুৰ জন্মস্থানৰ ঐতিহ্য ভূলুণ্ঠনকাৰীসকলক্ কঠোৰতম শাস্তি বিহক বুলিও সত্রাধিকাৰগৰাকীয়ে কয়৷ বটদ্রৱা থানৰ অস্তিত্ব ৰক্ষাৰ বাবে বেদখলমুক্তৰ দাবী উত্থাপন কৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্রমোহন বৰুৱা, বটদ্রৱা প্রেছ ক্লাব, অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ নগাঁও জিলা সমিতি, হিন্দু যুৱ–ছাত্র পৰিষদৰ নগাঁও জিলা সমিতি, বটদ্রৱা আঞ্চলিক ছাত্র সন্থাকে আদি কৰি কেইবাটাও দল–সংগঠনে৷

You might also like