নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মগজুৰ কর্কটৰ জটিল অস্ত্রোপচাৰৰ ৰেপিড এছেছমেণ্ট উদ্ভাৱন অসম সন্তানৰ

টাইৱানত সফলতা মাজুলীৰ সন্তান ভাস্কৰজ্যোতি বৰাৰ

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ প্রতিভা, একাগ্রতা আৰু অধ্যৱসায়ৰ বলত টাহৱানত সফলতা বুটলিছে মাজুলীৰ যুৱ বিজ্ঞানী ভাস্কৰজ্যোতি বৰাহ৷ নেচনেল টাহৱান বিশ্ববিদ্যালয়ৰDistinguished প্রফেছৰDr. C. K. Sunৰ তত্ত্বাৱধানত গৱেষণা কৰি থকা ভাস্কৰজ্যোতি বৰাহ বর্তমানলৈকে কেহবাটাও সফল উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ লাভ কৰিছে কেহবাটাও আন্তঃৰাষ্ট্রীয় পেটেণ্ট৷ হয়াৰ ভিতৰত দুটা পেটেণ্ট হতিমধ্যে মনোনীত হোৱাৰ লগতে আন চাৰিটা পেটেণ্ট প্রাৰম্ভিক পর্যায়ত আছে বুলি জানিব পৰা গৈছে৷ বিশ্বৰ‘Fastest Pixel-Rate’ Laser-Scanning MesoScope উদ্ভাৱন কৰাৰ লগতে শেহতীয়াকৈ মগজুৰ টিউমাৰ অস্ত্রোপচাৰৰ বাবে এটাRapid Assessment পদ্ধতি উদ্ভাৱন কৰি চমক সৃষ্টি কৰিছে মাজুলীৰ সন্তান যুৱ বিজ্ঞানীজনে৷ এহ নতুন পদ্ধতিটোৰ নাম বিজ্ঞানীজে Rapid Virtual Histopathology ৰখা বুলি জনাহছে৷ পূর্বৰFrozen Section Biopsyত প্রয়োজন হোৱা ৩০ মিনিট পর্যন্ত সময়ৰ বিপৰীতে ইয়াৰ দ্বাৰা ৫–৬ মিনিটৰ ভিতৰত এটা ১ বর্গ চেণ্টিমিটাৰTissue অংশ পৰীক্ষা কৰিব পৰা যায় বুলি কয় বিজ্ঞানীজনে৷ এই পদ্ধতিয়েinoperative assessment প্রক্রিয়াক প্রায় ৫ গুণ ক্ষিপ্রতৰ কৰি তুলিব৷ এহ পদ্ধতিটোNonlinear Optical Microscopyৰ ওপৰত প্রতিষ্ঠিত আৰু হOptical Sectioningৰ জৰিয়তেFrozen Section Biopsyৰ সমপর্যায়ৰ নির্ণায়ক তথ্য তুলনামূলকভাৱে কম সময়ত প্রদান কৰে৷ এহ প্রযুক্তিৰ জৰিয়তে এটা ১ বর্গ চেণ্টিমিটাৰ অংশত থকা সূক্ষ্ম স্নায়ু, ৰক্তবাহিকা আৰু কোষসমূহ ৯০ ছেকেণ্ডৰ ভিতৰত ০.৪micron Digital Resolution (2 Billion pixels)ৰ সৈতে চাব পাৰি৷ সহজ অর্থত এহResolution হৈছে ১ বর্গ চেণ্টিমিটাৰৰ ৬২৫,০০০,০০০ ভাগৰ ১ অংশ৷

ইতিমধ্যেNational Taiwan University Hospitalৰ একাধিকNeurosurgeon তথ Pathologist-এ নিশ্চিত কৰিছে যে এহRapid Virtual Histopathologyৰ জৰিয়তে সঠিকভাৱে কম সময়ৰ ভিতৰতে টিউমাৰৰ অৱস্থিতি নির্ণয় কৰিব পৰা যায়৷ হয়াৰ জৰিয়তে ভৱিষ্যতে ব্রেহন টিউমাৰত আক্রান্ত লোকসকল বিশেষভাৱে উপকৃত হ’ব বুলি মন্তব্য কৰে যুৱ বিজ্ঞানী ভাস্কৰজ্যোতি বৰাই৷ শেহতীয়াকৈ টাহৱানৰ প্রতিষ্ঠিতCTCI Foundationৰ তৰফৰ পৰা ভাস্কে Science and Technology শিতানত বঁটা লাভ কৰি অসম তথা মাজুলীলৈ গৌৰৱ কঢ়িয়াহ আনিছে৷ ভাস্কৰজ্যোতি বৰা বানবিধ্বস্ত মাজুলীৰ কমলাবাৰী নিৱাসী সত্রীয়া সংস্কৃতিৰ গৱেষক মাজুলী আউনীআটী হেমচন্দ্র হাহসুকলৰ অৱসৰপ্রাপ্ত অধ্যক্ষ কৰুণা বৰা আৰু ৰূপা বৰাৰ জ্যেষ্ঠ পুত্র৷ অসমীয়া মাধ্যমত শিক্ষা জীৱন আৰম্ভ কৰা ভাস্কৰে যোৰহাটস্থিত প্রজ্ঞা একাডেমীৰ পৰা ২০১২ চনতPragyan of Academic Excellence Award তথা পৰৱর্তী পর্যায়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা পদার্থ বিজ্ঞানত স্বর্ণ পদক লাভ কৰিছিল৷ তীক্ষ্ণ মেধাসম্পন্ন ভাস্কৰৰ সফলতাত আনন্দিত পিতৃ–মাতৃৰ লগতে মাজুলীবাসী৷ ভাস্কৰজ্যোতি বৰাৰ কৃতকার্যতাত গৌৰৱান্বিত অনুভৱ কৰাৰ লগতে যুৱ বিজ্ঞানীজনৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে মাজুলীবাসীয়ে৷

You might also like