নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ হাতে–লোটে ধৰা পৰিল স্বাস্থ্য নিৰীক্ষক হিতেশ ডেকা

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ জীৱিত লোকৰ কথা বাদেই মৃত লোকৰ প্রমাণ–পত্রৰ বাবেও দিব লগা হছে উৎকোচ৷ এই উৎকোচ সংগ্রহ কৰাৰ সময়তে দুর্নীতি নিবাৰক শাখাই গোপন অভিযান চলাই ৰাণীত গ্রেপ্তাৰ কৰে এগৰাকী চৰকাৰী কর্মচাৰীক৷ আজাৰা প্রাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তর্গত ৰাণী সামূহিক স্বাস্থ্য কেন্দ্রৰ স্বাস্থ্য নিৰীক্ষকগৰাকীয়ে মৃত্যুৰ প্রমাণ–পত্র দিয়াৰ বিনিময়ত উৎকোচ গ্রহণ কৰাৰ সময়তে আজি দুপৰীয়া দুর্নীতি নিবাৰক শাখাই হাতে–লোটে ধৰা পেলায়৷ জানিব পৰা মতে, ৰাণীৰ অৰূপ দাস নামৰ যুৱকজনে কেইদিনমান পূর্বে আত্মীয় লোকৰ মৃত্যুৰ প্রমাণ–পত্রৰ বাবে ৰাণী সামূহিক স্বাস্থ্য কেন্দ্রৰ স্বাস্থ্য নিৰীক্ষক হিতেশ ডেকাৰ ওচৰত আবেদন জনাইছিল৷ তেতিয়া ডেকাই যুৱকজনক প্রমাণ–পত্র দিয়াৰ দিয়াৰ বাবদ নগদ ৫,০০০ টকা দাবী কৰিছিল৷ পিছত যুৱকজনৰ পত্নীয়ে এহেজাৰ টকা দি যাৱতীয় কামখিনি আগবঢ়াবলৈ কৈছিল৷ তাৰ দুদিন পিছত অৰূপ দাসে স্বাস্থ্য নিৰীক্ষক ডেকাক প্রমাণ–পত্রৰ কাম কিমান আগবাঢ়িছে বুলি সোধাত ডেকাই সম্পূর্ণ টকা দিলেহে কাম আগবাঢ়িব বুলি কয়৷ তেতিয়া আকৌ দাসে স্বাস্থ্য নিৰীক্ষক ডেকাৰ হাতত ১,০০০ টকা দিয়ে যদিও প্রমাণ–পত্র কাম আগবঢ়োৱা নাছিল৷ উপায়ান্তৰ হৈ অৰূপ দাসে দুর্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰে৷ আজি দুপৰীয়া অৰূপ দাসে বাকী থকা ৩,০০০ টকা দি থকা অৱস্থাত গোপনে খাপপিটি থকা দুর্নীতি নিবাৰক শাখাৰ বিষয়াই হাতে–লোটে ধৰা পেলাবলৈ সক্ষম হয়৷ গ্রাম্য স্বাস্থ্য নিৰীক্ষক হিতেশ ডেকাৰ ধন লোৱা সন্দর্ভত সাংবাদিকৰ আগত তেওঁ কোনো ধন দাবী কৰা নাই বুলি মন্তব্য আগবঢ়ায়৷ আটক হোৱা স্বাস্থ্য নিৰীক্ষকগৰাকীৰ ঘৰ শুৱালকুছিৰ ৰাজগডত বুলি জানিব পৰা গৈছে৷ আনহাতে স্বাস্থ্য নিৰীক্ষক হিতেশ ডেকাৰ লগতে একাংশই অভিযোগ দিছিল স্বাস্থ্য কেন্দ্রৰ দায়িত্বত থকা ৰূপা শইকীয়াৰ বিৰুদ্ধেও৷ কিন্তু এই সকলো অভিযোগ একমুখে খণ্ডন কৰে ৰাণী সামূহিক স্বাস্থ্য কেন্দ্রৰ দায়িত্বত থকা ৰূপা শইকীয়াই৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি হিতেশ ডেকাই বিভিন্ন লোকক জন্ম–মৃত্যুৰ প্রমাণ–পত্র দিয়াৰ নামত ওপৰ মহলত ধন দিব লাগে বুলি কৈ ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈকে সংগ্রহ কৰি আহিছিল৷

You might also like