নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুষ্টিকৰণৰ ৰাজনীতিৰ বাবেই বিপর্যয়ৰ সন্মুখীন হৈছে কংগ্রেছঃ ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা

সাক্ষাৎগ্রহণ- গুণজিৎ ভট্টাচার্য 

সাক্ষাৎগ্রহণকাৰীৰ ফোন ৯৮৬৪০–২১১৬৭

 

ভাৰতীয় জাতীয় কংগ্রেছৰ জ্যেষ্ঠ নেতা হিচাপে এক দীঘলীয়া সময় সংসদীয় ৰাজনীতি কৰাৰ পিছত হঠাৎ আপোনাৰ বিজেপিত যোগদানৰ মূল কাৰণ আৰু উদ্দেশ্য কি? বিজেপিত যোগদান সুবিধাবাদী ৰাজনীতি বুলিও সমালোচনা হৈছে৷ কি ক’ব আপুনি?
মই কংগ্রেছৰ পৰা পদত্যাগ কৰাটো এক সম্পূর্ণ ৰাজনৈতিক বিষয়৷ কোনো উদ্দেশ্য আৰু সুবিধাৰ লক্ষ্যৰে মই বিজেপিত যোগদান কৰা নাই৷ কংগ্রেছৰ পৰা পদত্যাগ কৰাৰ প্রাক্ক্ষণত সৃষ্টি হোৱা ৰাজনৈতিক পৰিৱেশ আৰু দলটোত মোৰ গুৰুত্বক অস্বীকাৰ কৰা বিষয়টোৱে আছিল মূল কাৰণ৷ আপোনালোকে জানে যে পদত্যাগ কৰাৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি নেতৃত্বাধীন চৰকাৰখনে সংবিধানৰ ৩৭০নং ধাৰা প্রত্যাহাৰৰ বাবে এখন বিধেয়ক উত্থাপন কৰিছিল৷ মুখ্যতঃ সেই বিধেয়ক সমর্থনৰ বাবে মই পদত্যাগ কৰিছিলোঁ৷ এই বিধেয়কখনক সমর্থন দিবৰ বাবে মই কংগ্রেছৰ ভিতৰত থাকি দলটোৰ নেতৃত্বক কেইবাবাৰো ব্যক্তিগতভাৱে অনুৰোধ জনাইছিলোঁ৷ কিন্তু মোৰ এই অনুৰোধ তথা আহ্বানক তিলমাত্রও গুৰুত্ব নিদিলে কংগ্রেছ নেতৃত্বই৷ একপ্রকাৰ বিধেয়কখন সংসদত উত্থাপন হোৱালৈ কংগ্রেছে গুৰুত্বপূর্ণ বিধেয়কখনক লৈ কোনো সিদ্ধান্ততেই উপনীত হ’ব নোৱাৰিলে৷ সেই সময়ত এক ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হৈছিল যে কেৱল জম্মু আৰু কাশ্মীৰত বলৱৎ হৈ থকা ৩৭০ ধাৰা প্রত্যাহাৰ হ’ব লাগে৷ দেশত এক দাবী উত্থাপন হৈছিল যে এখন দেশতে কোনো অঞ্চলৰ বাবে দুখন সংবিধান বা দুখন পতাকা কিয়? কংগ্রেছে এই বিষয়টোক গুৰুত্বসহকাৰে গ্রহণ নকৰিলে৷ সেয়াই নহয়, ৩৭০ ধাৰা প্রত্যাহাৰৰ ক্ষেত্রত দলৰ স্থিতি কি হ’ব, তাকো সঠিকভাৱে দলীয় নেতৃত্বই প্রকাশ কৰিবলৈ সক্ষম নহ’ল৷ বিৰোধিতাৰ খাতিৰতে কেৱল বিৰোধ কৰি কংগ্রেছে গুৰুত্বপূর্ণ বিষয় এটাক নস্যাৎ কৰাটো আছিল দলীয় নীতি আৰু আদর্শৰ পৰিপন্থী৷ যাৰ বাবে মই ব্যক্তিগতভাৱে বিধেয়কখনক সমর্থন কৰি দলটোৰ পৰা পদত্যাগ কৰিলোঁ৷ এই বিধেয়কখনক সমর্থনেৰে মই এক ৰাষ্ট্র, এক সংবিধান অনাৰ বাবে বিজেপিয়ে গ্রহণ কৰা স্থিতিক সমর্থন কৰি দলটোত যোগদান কৰিলোঁ৷
কেন্দ্রত দ্বিতীয়বাৰৰ বাবে বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছতে ক্রমাৎ কংগ্রেছৰ স্থিতি যথেষ্ট দুর্বল হৈছে নেকি? বিগত সময়ছোৱাত কংগ্রেছৰ এনে দুর্বল দলীয় স্থিতিৰ বাবে বহু নেতাই দল ত্যাগ কৰা পৰিলক্ষিত হৈছে৷ এই দলত্যাগ সুবিধাবাদ নে নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ?
চাওক, জাতীয় কংগ্রেছ হ’ল ৰাষ্ট্রীয় দল৷ ৰাষ্ট্রবাদ হৈছে কংগ্রেছৰ মূল আদর্শ৷ কিন্তু কংগ্রেছে শেহতীয়াকৈ ৰাষ্ট্রবাদৰ আদর্শৰ পৰা ক্রমান্বয়ে আঁতৰি গৈছে৷ যাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত জনসাধাৰণে কংগ্রেছক এলাগী কৰিছে৷ সমভাবাপন্ন দিশক পৰিহাৰ কৰি দলটোৱে কেৱল এক বিশেষ সম্প্রদায়ক সন্তুষ্ট কৰাৰ বাবে ব্যস্ত হৈ পৰিছে৷ ইয়াৰ বাবে ক্রমাৎ সাধাৰণ ৰাইজ তথা দেশবাসীৰ বিশ্বাস হেৰুৱাইছে কংগ্রেছ দলে৷ দলৰ এই অৱস্থাৰ বাবে মুখ্যতঃ দায়ী কংগ্রেছৰ শীর্ষ নেতৃত্ব আৰু বিভিন্ন ৰাজ্যৰ ৰাজ্যিক নেতাসকল৷ দলটোত পূর্বে সকলোধৰণৰ বিষয়ৰ আলাপ–আলোচনাৰে সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ সিদ্ধান্ত গ্রহণৰ বাবে আলাপ–আলোচনা আছিল মূল পদ্ধতি, কিন্তু তাৰ পৰা দলটো আঁতৰি আহিছে৷ তুষ্টিকৰণ ৰাজনীতিক অগ্রাধিকাৰ দিয়াৰ ফলত কংগ্রেছ দলটো বিপর্যয়ৰ সন্মুখীন হৈছে৷ এতিয়া দলটোত কোনো আলোচনাই স্থান নাপায়৷ একপক্ষীয় সিদ্ধান্ত আৰু আঁকোৰগোজ স্থিতিয়ে দলটোৰ প্রতিটো স্তৰতে ক্ষোভৰ সৃষ্টি কৰিছে আৰু তৃণমূল কর্মী আঁতৰি আহিছে৷ সেয়াই নহয়, দলটোত এতিয়া সাংগঠনিক নির্বাচনো অনুষ্ঠিত নোহোৱা হ’ল৷ একধৰণৰ, একপক্ষীয় নীতিৰে কংগ্রেছ দল চলি আছে৷ ইয়াৰ প্রতিবাদতে ৰাজ্যিক তথা ৰাষ্ট্রীয় স্তৰৰ পৰা বিভিন্ন শীর্ষ নেতাই আঁতৰি আহিছে৷ পদত্যাগ কৰা এই নেতাৰ অধিকাংশই বিজেপিত যোগদান কৰাটো বহুতেই সুবিধাবাদৰ ৰাজনীতি বুলি ক’ব খোজে৷ কিন্তু বিজেপিত যোগদান কৰা নেতাসকলে যোৱা সময়ছোৱাত কোনোধৰণৰ সুবিধা লাভ কৰা নাই৷ নিঃচর্তে বিজেপিত যোগদান কৰিছে এই নেতাসকলে৷ কাৰণ বিজেপিয়েই একমাত্র দল, যি ৰাষ্ট্রবাদক মূল অগ্রাধিকাৰ দি ৰাইজৰ ওচৰত এই দলটোৱে বিশ্বাস দাঙি ধৰিবলৈ সক্ষম হৈছে৷ কংগ্রেছত যি পদমর্যাদাত আছিল, সেই সম–পদমর্যাদাৰে বিজেপিত যোগদান কৰিছে৷ একমাত্র ৰাষ্ট্রীয় স্তৰতে নহয়, ৰাজ্যিক স্তৰতো কংগ্রেছৰ এই দলত্যাগ অব্যাহত আছে৷ অসমৰ কথাকে আপোনাক আঙুলিয়াই দিওঁ, যোৱা সময়ছোৱাত প্রদেশ কংগ্রেছৰ নীতিহীন আৰু বিশৃংখল পৰিৱেশৰ বাবে বহু নেতাই দলটোৰ পৰা আঁতৰি আহিছে৷ দলৰ নীতি–আদর্শত স্খলন ঘটিছে আৰু এয়া আৰম্ভ হৈছে ১৫ বছৰীয়া কংগ্রেছ চৰকাৰৰ কার্যকালতে৷ সেই সময়ত নেতৃত্বই দলটোৰ নেতা–কর্মীক গুৰুত্বহীন কৰি একপক্ষীয়ভাৱে লোৱা সিদ্ধান্তৰ বাবে আজি দলত প্রতিদিনে সৃষ্টি হৈছে খহনীয়া৷ দলৰ ভিতৰত এতিয়া সিদ্ধান্তৰ অভাৱ আৰু অস্থিৰতাৰ কাৰণে ঘনে ঘনে সলনি হৈছে নীতি৷ ৰাজ্যিক স্তৰত দলৰ নেতৃত্ব এনে কিছু লোকৰ হাতলৈ গৈছে, যিসকলে দলৰ নীতি–আদর্শৰ পৰিৱর্তে নিজৰ স্বার্থ পূৰণতহে দলক আগুৱাই দিছে৷ ইয়াৰ উদাহৰণ হ’ল– বিগত বিধানসভা নির্বাচনত কংগ্রেছে এআইইউডিএফৰে কৰা মিত্রতা৷ এই মিত্রতাই কংগ্রেছক অসমৰ মূলসুঁতিৰ ৰাইজৰ ওচৰৰ পৰা আঁতৰাই লৈ গ’ল৷ নির্বাচনত অভাৱনীয় ক্ষতি দেখি শেহতীয়াকৈ এই মিত্রতা ভংগ কৰিবলৈ দলটো উঠি–পৰি লাগিছে৷ কিন্তু ৰাজনৈতিক স্বার্থ পূৰণৰ বাবে একাংশই এতিয়াও এক বিশেষ সম্প্রদায়ক সন্তুষ্ট কৰিবলৈ দলটোৰ সৈতে সম্পর্ক অটুট ৰখাত গুৰুত্ব দিছে৷ ইয়ে স্পষ্ট কৰিছে দলটোৰ ভিতৰত থকা অস্থিৰতা আৰু নীতিহীনতা৷
 জাতি–মাটি–ভেটি ৰক্ষাৰ প্রতিশ্রুতিৰে দুবাৰকৈ শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনে এতিয়াও ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ, ‘কা’ আদিক লৈ সঘনে স্থিতি সলনি কৰিছে৷ এই বিষয়বোৰক লৈ সংসদতো বিশেষ গুৰুত্ব লাভ কৰা নাই৷ কেন্দ্রীয় চৰকাৰে এনে সমস্যাবোৰক গুৰুত্বসহকাৰে গ্রহণ কৰা বুলি আপুনি ভাবেনে? সংসদৰ দীর্ঘদিনীয়া অভিজ্ঞতাৰ পৰা এই বিষয়সমূহ সন্দর্ভত আপোনাৰ মন্তব্য কি?
আপুনি উল্লেখ কৰা এই বিষয়বোৰ বর্তমান সময়ত আটাইতকৈ চর্চাৰ বিষয়৷ চর্চাৰ বিষয় এইকাৰণে হৈছে– এই সমস্যাবোৰক প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ জনজাতিকৰণ, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ বিষয়সমূহ পূর্বেও বহুবাৰ উত্থাপন হৈছিল৷ কিন্তু যি পর্যায়ত আছিল, সেই পর্যায়তে ৰৈ গৈছে৷ কিন্তু বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে এই বিষয়বোৰ সমাধানৰ লক্ষ্যৰে আগবাঢ়িছে৷ জনজাতিকৰণৰ বাবে এখন বিধেয়ক প্রস্তুত কৰা হৈছিল৷ ৬নং দফা কার্যকৰী কৰাৰ বাবে উচ্চ পর্যায়ৰ কমিটী গঠন কৰাৰ পিছত এই কমিটীয়ে প্রতিবেদনো দাখিল কৰিছে৷ এই প্রতিবেদনৰো সক্রিয় বিচাৰ–বিবেচনা চলি আছে৷ গতিকে ৰাষ্ট্রীয় স্তৰত বিষয়বোৰৰ চর্চা চলিছে, গুৰুত্ব পাইছে আৰু ইয়াক সমাধানৰ সদিচ্ছাও দেখুৱাইছে৷ আপুনি ‘কা’ৰ কথা উল্লেখ কৰিছে৷ আইনখনক লৈ ইতিমধ্যে বহু বিতর্ক–আলোচনা হৈ গৈছে৷ কিন্তু আইনখনক লৈ যি ভুল ধাৰণা ৰাইজৰ মাজত দিবলৈ চেষ্টা কৰা হৈছিল, তাক ৰাইজে বুজি পাইছে৷ সকলো স্তৰৰ ৰাইজক আইনখনৰ বিষয়ে সঠিক জ্ঞান দিবলৈ চৰকাৰে চেষ্টা কৰিছে৷ এই আইনখনে যে অসমৰ জাতি বা ভাষাৰ ওপৰত কোনো বিৰূপ প্রভাৱ নেপেলায়, সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ পূর্বতে অসমৰ সমস্যাক লৈ কোনো এখন কেন্দ্রীয় চৰকাৰ ইমান সক্রিয় হোৱা নাছিল৷ কেৱল সমস্যাসমূহ ওপঙাই ৰখাটোৱে আছিল পূর্বৰ চৰকাৰসমূহৰ মূল উদ্দেশ্য৷ বিজেপিয়ে এই সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে আৰু ৰাইজক বিশ্বাস দিবলৈ সক্ষম হৈছে৷ সংসদত এই আটাইবিলাক বিষয় ইতিমধ্যে আলোচনা হৈছে৷ সংসদীয় কমিটীত বিস্তাৰিতভাৱে জনজাতিকৰণ, ৬নং দফা, ‘কা’ আদিৰ আলোচনা হৈছে আৰু বিচাৰ–বিচার্য কৰি এই ক্ষেত্রত কেন্দ্রীয় চৰকাৰক পৰামর্শ দিছে৷ বিশেষকৈ ‘কা’খন যুটীয়া সংসদীয় কমিটীলৈ পঠিওৱা হৈছিল৷ যুটীয়া সংসদীয় কমিটীয়ে দিয়া পৰামর্শসমূহ চৰকাৰে বিবেচনা কৰিহে সিদ্ধান্ত লৈছিল৷ একেদৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ৬নং দফা কার্যকৰীকৰণৰ বাবে যি ব্যৱস্থা, সেয়া যাতে ত্রুটিহীন হয়, তাৰ বাবে পৰামর্শ দিয়া হৈছে৷ ভৱিষ্যতে এই বিষয়সমূহক লৈ কোনেও যাতে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব নালাগে, সেইবাবে আইনগত দিশসমূহ চালি–জাৰি চোৱাৰ প্রয়োজনীয়তা আছে৷ আৰু সেই দৃষ্টিৰে কেন্দ্রীয় চৰকাৰে পদক্ষেপ লৈছে৷
 ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ধর্মীয় মেৰুকৰণৰ ৰাজনীতি কৰা বুলি বিৰোধীয়ে অভিযোগ তুলি আহিছে৷ বিশেষকৈ বেদখল উচ্ছেদৰ ক্ষেত্রত এই চৰকাৰখনে এটা সম্প্রদায়ক লক্ষ্য কৰি লোৱা বুলিও অভিযোগ উঠিছে৷ তদুপৰি চৰকাৰখনে হিন্দুত্ববাদ নীতিৰে পৰিচালিত হোৱা বুলিও বিভিন্ন পক্ষই সমালোচনা কৰে৷ এজন অভিজ্ঞ ৰাজনীতিবিদ হিচাপে আপুনি বিষয়সমূহ কি ধৰণে লক্ষ্য কৰিছে?
চাওক, এয়া একাংশ ৰাজনৈতিক দল তথা ব্যক্তিবিশেষৰহে অভিযোগ৷ চৰকাৰৰ গঠনমূলক কাম–কাজসমূহক নেতিবাচক দৃষ্টিৰে চোৱা বাবেই তেওঁলোকে হিন্দুত্ববাদ নীতিত চলা বুলি অভিযোগ তুলিছে অথবা সাম্প্রদায়িকতাৰ গোন্ধ পাইছে৷ কিন্তু সর্বসাধাৰণ লোকে বিষয়সমূহক সেই দৃষ্টিৰে চোৱা নাই৷ সম্পূর্ণ আইনী আৰু ন্যায়সংগত দৃষ্টিৰে এই কাম–কাজসমূহ হোৱা বুলি ৰাইজে ধাৰণা কৰে৷ এই চৰকাৰখনে খিলঞ্জীয়াৰ জাতি–মাটি–ভেটি সংৰক্ষণৰ বাবে কাম–কাজ আগুৱাই নিছে৷ চৰকাৰখনৰ ন্যায়সংগত কামসমূহক সাম্প্রদায়িকতাৰে বিশ্লেষণ কৰিলে ৰাজ্য কেতিয়াও আগবাঢ়িব নোৱাৰে৷ বিৰোধীৰ সমালোচনাৰ বিপৰীতে কিন্তু চৰকাৰখনক সাধাৰণ ৰাইজে ভূয়সী প্রশংসা কৰিছে৷ সেয়েহে এনেবোৰ কামক লৈ উঠা সমালোচনাই মই ভাবোঁ চৰকাৰক পথভ্রষ্ট কৰিব নোৱাৰে৷ পৰিৱর্তনশীল সময়ত অসমে উন্নত ৰাজ্যৰ দিশে আগন্তুক সময়ত এটা নতুন খোজ পেলাবলৈ সক্ষম হ’ব আৰু সেই দিশেৰে চৰকাৰখন আগবাঢ়িছে৷
 মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিগত আঠ মাহত কেইবাটাও উল্লেখনীয় কাম কৰিছে৷ আইন–শৃংখলাৰ দিশতেই হওক বা উন্নয়নমূলক আঁচনি গ্রহণৰ ক্ষেত্রতে হওক, চৰকাৰখনৰ কাম–কাজে যথেষ্ট পৰিৱর্তন আনিছে ৰাজ্যত৷ ইয়াৰ বিপৰীতে কিন্তু চৰকাৰখনে হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি কৰিছে বুলি চর্চা চলিছে৷ আপোনাৰ মতামত?
এখন কল্যাণকামী ৰাজ্যত দুখীয়া লোকক সহায় কৰাটো চৰকাৰৰ মূল কর্তব্য৷ এয়া হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি নহয়, দুখীয়া লোকসকলক আর্থিকভাৱে সকাহ দিলেহে ৰাজ্যৰ বিকাশ হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে অসমক দেশৰ উন্নত পাঁচখন ৰাজ্যৰ এখন কৰাৰ লক্ষ্যৰে এই পদক্ষেপসমূহ গ্রহণ কৰিছে৷ আপুনি লক্ষ্য কৰিব– চৰকাৰখন গঠন হোৱাৰ প্রথম দিনৰে পৰা কোনো সময় নষ্ট নকৰি প্রতিটো দিনেই সকলো দিশত পর্যালোচনা সহকাৰে আৰু কিছু সিদ্ধান্ত লৈ আগবাঢ়িছে৷ চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যখনৰ সকলো স্তৰৰ জনসাধাৰণৰ উপকাৰ সাধন কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যৰ অর্থনৈতিক দিশ সবল হৈছে আৰু প্রতিজন সাধাৰণ লোকে জীৱিকা উলিয়াই আত্মনির্ভৰশীল হোৱাৰ সুযোগ পাইছে৷ সেয়াই নহয়, শেহতীয়াকৈ ৰাজ্যখনে শৈক্ষিক, বৌদ্ধিক ক্ষেত্রতো উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে৷ বিৰোধীয়ে সমালোচনাৰ খাতিৰত সমালোচনা কৰাৰ পৰিৱর্তে চৰকাৰক গঠনমূলক সমালোচনাৰে ৰাজ্যৰ উন্নয়নত সহায় কৰা প্রয়োজন৷

You might also like