নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰিৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰি গৃহ চহৰত উপস্থিত তপন গগৈ

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ আঘাতপ্ৰাপ্ত হৈ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাছত দিল্লীৰ পৰা আহি গৃহ চহৰত উপস্থিত হ’ল যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী তপন কুমাৰ গগৈ। হুইল চেয়াৰ লৈ সোণাৰিস্থিত চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত প্ৰথমবাৰলৈ উপস্থিত হ’ল তপন কুমাৰ গগৈ। ঢোলে-দগৰে বিপুল আদৰণি জনায় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা পুনৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়া বিজেপিৰ প্ৰাৰ্থীগৰাকীক। উন্নয়নকেই মূল বিষয় হিচাপে লৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি মন্তব্য প্ৰাৰ্থীগৰাকীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুখলৈ চাই ৰাইজে বিজেপিৰ প্ৰাৰ্থীসকলক ভোট দিব বুলি মন্তব্য সাংসদ তপন কুমাৰ গগৈৰ।

প্ৰেৰক আব্দুল জাব্বাৰ

You might also like