নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰ্মশালাত স্পীনভেল্কিত দিশহাৰা ইংলেণ্ড বাহিনী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ মাৰ্চঃ ধৰ্মশালা টেষ্টৰ প্ৰথম ইনিংছত ইংলেণ্ডে মাত্ৰ ২১৮ ৰানহে কৰিবলৈ সক্ষম হৈছে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহাৰ পিছত ইংলেণ্ডে ভাল আৰম্ভণি কৰিছিল। প্ৰথম উইকেটত অ’পেনাৰ জেক ক্ৰ’লি আৰু বেন ডাকেটে ৬৪ ৰান সংযোজন কৰে। ১৭৫ ৰানৰ স্ক’ৰত ইংলেণ্ডৰ চাৰিটা উইকেট গৈছিল যদিও ইয়াৰ পিছত ইংৰাজ বেটছমেনসকলে স্পিনাৰৰ হাতত ধৰাশায়ী হৈ পৰে। ইংলেণ্ডৰ হৈ জেক ক্ৰ’লিয়ে সৰ্বাধিক ৭৯ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে ৫টা, অশ্বিনে ৪টা আৰু ৰবীন্দ্ৰ জাদেজাই এটা উইকেট লাভ কৰে।

You might also like