নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতি সংকটজনক অৱস্থাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত জিএমচি এইচত

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ ক্ৰমান্বয়ে সংকট হৈ আহিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। কালিতকৈ অধিক সংকটৰ দিশে গতি কৰিছে গগৈৰ স্বাস্থ্য। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউৰ নন ইনভেছিভ ভেণ্টিলেচনৰ ছাপ’ৰ্ট দি থকা গগৈক আজি মেকানিকেল ভেণ্টিলেচনৰ ছাপোৰ্ট দি থকা হৈছে।

আগন্তুক ৪৮ ঘণ্টা গগৈৰ কাৰণে অতি সংকটজনক বুলি জানিব পৰা গৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ খবৰ ল’বলৈ আজি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় জি এম চি এইচত। এইক্ষেত্ৰত মন্ত্ৰী ড০ শৰ্মাই কয় যে গগৈৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক।

তেওঁ লগতে কয়- ‘আবেলি ভাগৰ পৰা তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে। দেহৰ কিছু অংগৰ সাধাৰণ ক্ৰিয়া-কাৰ্যও দুৰ্বল হৈ পৰিছে, এইক্ষেত্ৰত তেওঁক ঔষধ দি থকা হৈছে। বৰ্তমান গগৈ অচেতন অৱস্থাতে আছে। মানুহ চিনিব পৰা অৱস্থাত নাই।’

উল্লেখ্য, গগৈৰ স্বাস্থ্য কালিও কিছু সংকটপূৰ্ণ আছিল। এইমছৰ স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ মৰ্মেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি থকা হৈছে।

You might also like