নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ আছুৰ সভাপতি হিচাপে নিৰ্বাচিত দীপাংক নাথ

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ  দুলীয়াজানৰ ছলাকটকী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈ থকা আছুৰ সপ্তদশ অধিৱেশনত আজি পুৱতি নিশা আছুৰ বিষয় বাচনি সভা অনুষ্ঠিত হয়। সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই পুনৰ আছুৰ পৰৱৰ্তী সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক পদত শংকৰজ্যোতি বৰুৱা নিৰ্বাচিত হৈছে। ইয়াৰ পাছতেই নৱনিৰ্বাচিত সভাপতি-সম্পাদকদ্বয়ে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি সেৱা লয়। নৱনিৰ্বাচিত সভাপতি সম্পাদকক লগত লৈ দুলীয়াজান ক্লাবৰ পৰা শ্বহীদ বেদী প্ৰাংগণস্হলীলৈ সমদল উলিয়াই আছুৰ কৰ্মীয়ে । আছু সদাকালৰ বাবে উজ্জীৱিত ধ্বনিৰে তৈলনগৰী ৰাজপথ মুখৰ কৰি তোলে শ-শ আছু কৰ্মীয়ে।

আনহাতে এই অধিৱেশনৰ পৰাই বিদায় লয় লুৰিণ জ্যোতি গগৈয়ে। সকলোকে আৱেগিক কৰি শনিবাৰে আছু ত্যাগ কৰি লুৰিণজ্যোতি গগৈয়ে কয়- ‘মই এই দুলীয়াজান অধিৱেশনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদায় লব বিচাৰো। নিজৰ বাবে নহয়, জাতিৰ বাবে আছু ত্যাগ কৰিব লৈছো।’

You might also like