নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈৰ শেষকৃত্যৰ স্থানক লৈ বিতৰ্ক, চৰকাৰে মাটি দিয়া-নিদিয়াক লৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰশ্ন

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে প্ৰদেশ কংগ্ৰেছত। বৰ্তমানলৈ চৰকাৰে গগৈৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কোনো স্থান নিৰ্ধাৰণ নকৰা হেতুকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ক্ষোভ প্ৰকাশ কৰি কয় যে গুৱাহাটীত হাজাৰ হাজাৰ বিঘা চৰকাৰী মাটি থকাৰ পিছতো চৰকাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বাবে মাটি বিচাৰি নোপোৱাটো দুখৰ কথা।

ইতিমধ্যে কামৰূপ মহানগৰৰ উপায়ুক্তই অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কোনো মাটি বিচাৰি পোৱা নাই বুলি প্ৰকাশ কৰা বুলি সভাপতিগৰাকীয়ে জনায়। এই প্ৰসংগত ৰিপুণ বৰাই কয়- ‘যিহেতু তেখেতৰ পৰিয়ালে গুৱাহাটীত অন্ত্যেষ্টিক্ৰিয়া কৰিব বিচাৰিছে আৰু তেখেত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এগৰাকী বৰ্তমানৰ বিধায়ক, গতিকে চৰকাৰে কৃতজ্ঞতা স্বৰূপে তেখেতৰ সমাধিস্থলৰ নামত অকণমান চৰকাৰী মাটি দান কৰিব লাগে। এয়া আমাৰ চৰকাৰলৈ আহ্বান।’

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত কয়- ‘ৰাজ্যখনত শোকৰ এই মুহূৰ্তত কোনো বিতৰ্কৰ সৃষ্টি কৰিব বিচৰা নাই, চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সন্মান প্ৰদৰ্শন কৰিব বুলি আমি আশাবাদী।’ বৰাই চৰকাৰে গধূলিৰ ভিতৰত প্ৰদেশ কংগ্ৰেছক এই বিষয়ে জনাবলৈ আহ্বান জনায়।আনহাতে চৰকাৰে গগৈৰ নামত এটুকুৰা মাটি দান নকৰিলে প্ৰদেশ কংগ্ৰেছে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতে তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব বুলি জানিবলৈ দিয়ে।

You might also like