নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষক দিৱসত গৰৈমাৰী আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ : শিক্ষাগুৰুক সন্মান যাচিলে দুই আৰক্ষী বিষয়াই 

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই দুজন আৰক্ষী বিষয়াই সন্মান যাচিলে গৰৈমাৰীৰ এখন আগশাৰীৰ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষাগুৰুসকলক। জ্ঞানৰ ভঁৰাল হিচাপে বিবেচনা কৰা শিক্ষাগুৰুক উৎসাহ যোগাবলৈ বিদ্যালয়ত শিক্ষক দিৱসৰ অনুষ্ঠান চলি থকাৰ সময়ত হঠাতে উপস্থিত হয় দুজনকৈ আৰক্ষী বিষয়া।

কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকা আৰু সহকাৰী উপ-পৰিদৰ্শক মন্টু কলিতাই গৰৈমাৰীস্থিত ৰয়েল ইংলিছ স্কুলত উপস্থিত হৈ পৱিত্ৰ শিক্ষক দিৱস উপলক্ষে পৃথিৱীৰ আটাইতকৈ তীক্ষ্ণ অস্ত্ৰ কলমেৰে প্ৰতিজন শিক্ষাগুৰুক সন্মান জনায়।

ইপিনে, আৰক্ষী বিষয়া দুজনে হঠাতে বিদ্যালয়খনত উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰে বিদ্যালয়খনৰ শিক্ষাৰ্থী তথা বিদ্যালয় কৰ্তৃপক্ষ। ৰয়েল ইংলিছ স্কুল কৰ্তৃপক্ষই আৰক্ষী বিষয়া দুগৰাকীক উপহাৰৰ টোপলাৰ লগতে ফুলাম গামোচাৰে সন্মান জনায়। ৰয়েল ইংলিছ স্কুলৰ পৰিচালন সঞ্চালক ফাৰুক আলমে আৰক্ষী বিষয়া দুজনে শিক্ষক দিৱসৰ দিনা বিদ্যালয়খনৰ প্ৰতিজন শিক্ষাগুৰুক সন্মান জনাই উৎসাহিত কৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে বৃহত্তৰ গৰৈমাৰী অঞ্চলৰ আইন-শৃংখলাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে আৰক্ষী বিষয়া দুজনক আহ্বান জনায়। উল্লেখ্য যে শিক্ষক দিৱস উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলেও শিক্ষাগুৰুসকলক ফুলাম গামোচা আৰু কলম উপহাৰ দি সন্মান জনায়।

প্ৰেৰক জমিৰ আল হাছান

You might also like