নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাপেখাতীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু : শাহু-স্বামীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

🔹 মৃত্যুৰ হৈতে যুঁজি থকা অৱস্থাতো স্বামীৰ প্ৰহাৰ
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : চৰাইদেউ জিলাৰ সাপেখাতীত শেহতীয়াকৈ এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । উল্লেখ্য যে জিলাখনৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত লখিমীপাম গাঁৱৰ বাবলু বৰুৱাৰ পত্নী ৰিতুমণি হাজৰিকা বৰুৱাই যোৱা ১ ছেপ্টেম্বৰৰ দিনা স্বামীৰ হৈতে হোৱা কাজিয়াৰ অন্তত ঘৰতে চাহ বাগিচাৰ বাবে আনি থোৱা কীটনাশক দ্ৰব্য সেৱন কৰে । লগে লগে পৰিয়ালৰ লগতে স্থানীয় লোকে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ আনে যদিও চিকিৎসকে সোণাৰি ৰজাপুখুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ৰজাপুখুৰীতো চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে । ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে যোৱা ৩ ছেপ্টেম্বৰৰ নিশা ৭ বজাত ৰিতুমণিয়ে মৃত্যুক আঁকোৱালি লয় । মৃত্যুৰ সময়ত ৰিতুমণিয়ে এটি তিনি বছৰীয়া পুত্ৰ সন্তানক এৰি গৈছে ।
আনহাতে, মৃত্যুৰ ঘটনাটোক সহজভাৱে ল’ব পৰা নাই ৰিতুমণিৰ জ্যেষ্ঠ  ভাতৃ ৰাহুল হাজৰিকাই । আজি সাপেখাতী প্ৰেছ ক্লাবলৈ দিয়া বিবৃতিত ৰাহুল হাজৰিকাই উল্লেখ কৰে যে স্বামী আৰু শাহু টুটুমণিৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বাবেই ৰিতুমণিয়ে এনে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল । লগতে তেওঁ জানিবলৈ দিয়ে যে উক্ত দিনা ৰিতুমণিয়ে ৰাসায়নিক দ্ৰব্য সেৱন কৰাৰ পাছতে মৃত্যুৰ হৈতে যুঁজি ছটফটাই থকা অৱস্থাতো স্বামী বাবলুৱে ৰিতুমণিক মাৰপিট কৰে । ভগ্নীৰ মৃত্যু সহজভাৱে ল’ব নোৱাৰি কালি ৰাহুল হাজৰিকাই বাবলু বৰুৱাৰ পৰিয়ালৰ বিৰুদ্ধে সাপেখাতী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । সাপেখাতী আৰক্ষীয়ে ঘটনাটোৰ এক গোচৰ ৰুজু কৰি আজি স্বামী বাবলু বৰুৱাক গ্ৰেপ্তাৰ  কৰে ।
উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত ৰহণ চাংমাই গাঁৱৰ প্ৰয়াত মৃদুল হাজৰিকাৰ কন্যা ঋতুমণি হাজৰিকা ২০১৯ বৰ্ষত একে আৰক্ষী থানাৰ অন্তৰ্গত লখিমীপাম গাঁৱৰ বিটুল বৰুৱাৰ পুত্ৰ বাবলু বৰুৱাৰ হৈতে  বিবাহপাশত আবদ্ধ হৈছিল । ২০২২ চনত তেওঁলোকৰ মাজলৈ এটি পুত্ৰ সন্তানৰ আগমন ঘটে । প্ৰথম অৱস্থাত সংসাৰ ভালদৰেই পাৰ হৈছিল যদিও পাছলৈ স্বামী আৰু শাহুৱেকে ৰিতুমণিক শাৰীৰিক আৰু মানসিক অত্যাচাৰ আৰম্ভ কৰা বুলি জ্যেষ্ঠ ভাতৃ ৰাহুল হাজৰিকাই জানিবলৈ দিয়ে । স্বামীৰ পৰিয়ালৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত ভগ্নী ৰিতুমণিয়ে এনে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল বুলিও ৰাহুল হাজৰিকাই অৱগত কৰে ।
প্ৰেৰক অঞ্জন গগৈ
You might also like