নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলীতোলা কামাৰপোতাত কিশোৰ ছাত্ৰ সন্ধানহীন, চাঞ্চল্য

গোৱালপাৰাৰ শিমলীতোলা আৰক্ষী চকীৰ অধীনস্থ কামাৰপোতা গাঁৱৰ এটা দুখীয়া শ্ৰমিক পৰিয়ালত বিৰাজ কৰিছে শোক আৰু চাঞ্চল্য | বৃহস্পতিবাৰে পুৱাতেই ইউনিফৰ্ম পিন্ধি স্কুললৈ গৈ এই মুহুৰ্তলৈ ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে ফুলচান্দ আলী (১৫) নামৰ কিশোৰ ছাত্ৰজন |

ফুলচান্দ আলী নগৰবেৰা ইলিগেণ্ট ইনষ্টিটিউট’ৰ দশম মানৰ ছাত্ৰ | পুত্ৰৰ একো শুংসূত্ৰ নাপাই এতিয়া পৰিয়ালটোত সকলোৰে মনত শোক আৰু চাঞ্চল্য। ছাত্ৰজনৰ আন এযোৰ ইউনিফৰ্ম  হাতত লৈ মাতৃয়ে উচ্চস্বৰত কন্দাকটা কৰি অস্থিৰ হৈ পৰিছে|

কোনো সদাশয় লোকে কিশোৰজনৰ কিবা সম্ভেদ পালে পিতৃ ছাইফুল ইছলামৰ ৬০০১৪-২৮৫১০ মোবাইল নম্বৰত অথবা আৰক্ষীত যোগাযোগৰ কাতৰ আহ্বান জনাইছে পিতৃ-মাতৃয়ে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৭ অক্টোবৰ

You might also like