নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাদ্ৰাছা ভংগৰ আগজাননী! বিজ্ঞান-অংকৰ সলনি ধৰ্মগ্ৰন্থৰ শিক্ষা দিব নিবিচাৰে ৰাজ্য চৰকাৰে

সদনত উত্থাপন বিধেয়ক

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ ‘আমি কোনো ধৰ্মৰ শিক্ষা বা দৰ্শনৰ বিৰোধিতা কৰা নাই। কিন্তু চৰকাৰ পক্ষপাতমূলক হ’ব নোৱাৰে। চৰকাৰে যদি ইছলাম ধৰ্মৰ শিক্ষাদান ৰাইজৰ ধনেৰে দিয়ে, তেন্তে হিন্দু, জৈন, বৌদ্ধ, খ্ৰীষ্টান আদি ধৰ্মৰো শিক্ষাদান কৰিবলৈ দায়বদ্ধ। আমি অসমখনক যদি এনে পৰ্যায়ৰ মাজলৈ লৈ যাওঁ, তেন্তে বিজ্ঞান-অংকৰ শিক্ষাদানৰ সলনি বিভিন্ন ধৰ্মগ্ৰন্থৰ শিক্ষাই দি থাকিব লাগিব। গতিকে ৰাজ্যখনৰ ভৱিষ্যতৰ স্বাৰ্থত আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।’ আজি অসম বিধানসভাৰ শীতকালীন অধিৱশনৰ প্ৰথম দিনা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দ্য আছাম ৰিপিলিং বিল ২০২০ উত্থাপন সন্দৰ্ভত সাংবাদিকৰ আগত উল্লেখ কৰে এই কথা।

উল্লেখ্য সদনত এই বিলখন উত্থাপনৰ বিৰোধিতা কৰে কংগ্ৰেছ আৰু AIUDFৰ বিধায়কসকলে ৷ কিন্তু বিলখন সদনত উত্থাপন কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা দিয়া নহ’ব বুলি উল্লেখ কৰে ৷ বিধায়ক নৰুল হুদা, ৰকিবুল হুছেইন, কমলাক্ষ দে’ পুৰকায়স্থ, শ্বেৰমান আলী আদি এই বিধেয়কৰ বিৰোধিতাৰে নিজ মন্তব্য প্ৰকাশ কৰে।

বিধেয়কখন সদনত উত্থাপন কৰাৰ পিছত হোৱা বিতৰ্কৰ মাজতে এ আই ইউ ডি এফৰ বিধায়কসকলে ত্যাগ কৰে সদন।

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই সম্পৰ্কে পুনৰ কয়- ‘বিৰোধিতা কৰাৰ অধিকাৰ বিৰোধীৰ আছে, কিন্তু অসম চৰকাৰে এই বিল সদনৰ মজিয়াত গৃহীতকৰণৰ বাবে দৃঢ় হৈ থাকিব।’ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিধেয়কখন গৃহীত হ’লে মাদ্ৰাছা ভংগ কৰি দিয়া হ’ব আৰু মাদ্ৰাছা শিক্ষাৰ বিদ্যালয়সমূহ সাধাৰণ শিক্ষাৰ বিদ্যালয়লৈ পৰিৱৰ্তন কৰা হ’ব।

You might also like