নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশা ট্ৰেজেডীঃ  দ্ৰুতগতিত আহিছিল ‘ক’ৰ’মণ্ডল এক্সপ্ৰেছ…

বিশেষ বাৰ্তা, ৩ জুনঃ  ২ জুনৰ নিশা ওড়িশাৰ বালাচোৰত সংঘটিত শোকাৱহ ৰে’ল দুৰ্ঘটনাত এতিয়ালৈকে আঢ়ৈশৰো অধিক যাত্ৰীৰ প্ৰাণহানি হৈছে। বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ, শালিমাৰ-চেন্নাই চেন্ট্ৰেল ক’ৰ’মণ্ডল এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’ল এই দুৰ্ঘটনাটোত পতিত হয়। আজি ৰে’লৱে ব’ৰ্ডৰ এজন সদস্যই জনোৱা মতে, ক’ৰ’মণ্ডল এক্সপ্ৰেছত ১২৫৭জন সংৰক্ষিত যাত্ৰী থকাৰ বিপৰীতে বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছত ১০৩৯জন সংৰক্ষিত যাত্ৰী আছিল। ক’ৰ’মণ্ডল এক্সপ্ৰেছখন আপলাইনত পূৰ্ণগতিৰে আহি আছিল আৰু ষ্টেচনত ৰ’ব লগা নাছিল। ডাউনলাইনত থাকোঁতে বেংগালুৰু-হাওৰা য়শৱন্তপুৰ এক্সপ্ৰেছ হাওৰা অভিমুখে গৈ আছিল। তদুপৰি সাধাৰণ লুপত মালবাহী ৰে’লখন ৰৈ আছিল। দ্ৰুতগতিৰ ক’ৰ’মণ্ডল এক্সপ্ৰেছে সেউজ সংকেত লাভ কৰিছিল যদিও এক্সপ্ৰেছখনৰ দবা লাইনচ্যুত হৈ মালবাহী ৰে’লখনত খুন্দা মৰাৰ লগতে কিছুসংখ্যক দবাই য়শৱন্তপুৰ এক্সপ্ৰেছত খুন্দা মাৰে। ৰে’লৱে ব’ৰ্ডৰ সদস্যজনে আৰু কয় যে দুৰ্ঘটনাৰ কাৰণ হৈছে ক’ৰ’মণ্ডলৰ দবা লাইনচ্যুত হোৱা। এই শোকাৱহ ঘটনাত ৯০০ৰো অধিক লোক আহত হৈছে।
এই শোকাৱহ ৰে’ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰে।

You might also like