১ কোটি ভোটেৰে পুনৰ ক্ষমতা দখলৰ লক্ষ্য বিজেপিৰ
’২৬ৰ নির্বাচনলৈ প্রায় সকলো প্রকাৰে সাজু হৈছে ৰাজ্যিক বিজেপি৷ তৃতীয়বাৰৰ বাবে ক্ষমতাৰ বাঘজৰী হাতত ল’বলৈ ৰণকৌশল প্রস্তুত কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ’ল গুৰুত্বপূর্ণ ৰাজ্যিক কার্যনির্বাহক সভা৷
ৰাষ্ট্রীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত এই গুৰুত্বপূর্ণ বৈঠকতেই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ঘোষণা– এশখন আসন নহয়, এক কোটি ভোটৰ লক্ষ্যৰে ’২৬ত তৃতীয়বাৰৰ বাবে গঠন কৰা হ’ব বিজেপি চৰকাৰ৷
উল্লেখ্য যে ৰাষ্ট্রীয় কার্যকৰী সভাপতি নীতিন নবীনৰ উপস্থিতিত দিলীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত প্রথমখন বৈঠকতে তৃণমূল কর্মীক নির্বাচনৰ প্রস্তুতি সম্পূর্ণ কৰিবলৈ আহ্বান জনালে ৰাজ্যিক তথা ৰাষ্ট্রীয় নেতৃত্বই৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক প্রভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সম্পাদক ৰবীন্দ্র ৰাজু, কেন্দ্রীয় মন্ত্রী পৱিত্র মার্ঘেৰিটা, ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডাৰ লগতে প্রায় ৯০০ প্রতিনিধিৰ উপস্থিতিত অনুষ্ঠিত শাসকীয় দলটোৰ গুৰুত্বপূর্ণ কার্যনির্বাহক বৈঠকত সভাপতি দিলীপ শইকীয়াৰ মন্তব্য– আমি সকলোৱে লক্ষ্য বান্ধি লৈছোঁ এক কোটিৰো অধিক ভোট আগন্তুক নির্বাচনত আমি লাভ কৰিব লাগিব৷ মোৰ বুথ সকলোতকৈ মজবুত– এই শ্ল’গানেৰে অহা এশ দিন বিৰামহীনভাৱে তৃতীয়টো কার্যকালৰ বাবে অসমত বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে সকলোৱে আমি কাম কৰিব লাগিব৷
কার্যনির্বাহক বৈঠকত ভাষণ প্রদান কৰি আজি দিলীপ শইকীয়াৰ মন্তব্য–আকৌ এবাৰ বিজেপি চৰকাৰ অহাটো নিশ্চিত৷ ৰাইজৰ হৈ আমি কাম কৰিছোঁ, আমি কৰা কামৰ দাম নিশ্চয় ৰাইজে আশীর্বাদ ৰূপত আমাক দিব৷ এই আত্মবিশ্বাস অধিক যাতে আমাৰ নহয়, সেই দিশটোলৈ লক্ষ্য ৰাখি দায়িত্ব আৰু কর্তব্য সুচাৰুৰূপে সম্পাদন কৰি চৰকাৰ গঠনত সকলোৱে আগভাগ ল’ব লাগিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত প্রচণ্ড বিজয়েৰে অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সকলোৱে সাজু হ’ব লাগিব৷
উল্লেখ্য যে নির্বাচনলৈ আৰু মাত্র দুমাহ বাকী থকা অৱস্থাত অন্তিমখন সাংগঠনিক সভা অনুষ্ঠিত কৰি ৰাজ্যিক বিজেপিয়ে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ পৰাই নির্বাচনী ৰণডংকা বজোৱাই নহয়, তৃতীয়খন এনডিএ চৰকাৰ গঠনৰ বাবে তৃণমূল কর্মীক এই বৈঠকৰ জৰিয়তে উদ্বুদ্ধ কৰিলে৷ কেইবাটাও গুৰুত্বপূর্ণ ৰাজনৈতিক প্রস্তাৱ গ্রহণেৰে বিৰোধীলৈ সকীয়নি প্রদান কৰি ৰাজ্যিক বিজেপিয়ে কার্যতঃ স্পষ্ট কৰি দিলে যে ’২৬ৰ নির্বাচনৰ বাবে বিৰোধীতকৈ যথেষ্ট আগবাঢ়ি আছে শাসকীয় দলটো৷
মন কৰিবলগীয়া যে বিধানসভা নির্বাচনক লক্ষ্য কৰি ৰাজ্যিক বিজেপিয়ে গ্রহণ কৰা ৰাজনৈতিক প্রস্তাৱত সংৰক্ষিত বনাঞ্চল, পিজিআৰ–ভিজিআৰ ভূমি, সাংস্কৃতিক–আধ্যাত্মিক চর্চাৰ কেন্দ্রস্থান আজি মিঞা মুছলমানে কৰা বেদখলক আঙুলিয়াই ইয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক কঠোৰ পদক্ষেপ গ্রহণৰ আহ্বান জনোৱা হয়৷ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে দাঙি ধৰা এই ৰাজনৈতিক প্রস্তাৱত দলটোৱে স্পষ্ট কৰিছে যে কংগ্রেছে নিজৰ ভোটবেংক সুৰক্ষিত কৰি ৰাখিবৰ বাবে মিঞা মুছলমানৰ তুষ্টিকৰণ কৰাৰ লগতে জনবিস্ফোৰণৰ মুকলি পৃষ্টপোষকতাত কৰি আহিছে৷ ফলত অসমৰ জনগাঁথনি এক জ্বলন্ত আগ্ণেয়গিৰিলৈ ৰূপান্তৰিত হৈছে৷ এই সংকটৰ মোকাবিলা কৰিবলৈ কঠোৰ, বাস্তৱসন্মত আৰু কার্যকৰী কিছু পদক্ষেপ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে গ্রহণ কৰিছে৷ চৰকাৰে গ্রহণ কৰা এনে পদক্ষেপে থলুৱা সমাজলৈ আস্থাৰ পৰিৱেশ ঘূৰাই অনাৰ লগতে খিলঞ্জীয়া মানুহৰ মনত আশা–বিশ্বাস আৰু সুৰক্ষাৰ বাতাৱৰণ সৃষ্টি কৰিছে৷ কার্যনির্বাহক বৈঠকত গ্রহণ কৰা ৰাজনৈতিক প্রস্তাৱত ইয়াকো স্পষ্ট কৰা হৈছে যে ৰাজ্যখনৰ জনজাতি আৰু চাহ বাগিচাৰ পৰিয়ালক বাদ দি তিনিটাতকৈ অধিক সন্তান থকা পৰিয়ালৰ লোকক নির্বাচিত চৰকাৰী আঁচনিৰ সা–সুবিধাৰ বঞ্চিত কৰাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰক৷ কার্যনির্বাহক সভাই চৰকাৰক কঠোৰ নিয়ম প্রণালীবদ্ধ ৰূপত ইয়াৰ বাবে প্রয়োগ কৰিবলৈ আহ্বান জনায়৷
সমান্তৰালভাৱে মিঞা মুছলমানৰ আগ্রাসন প্রতিৰোধ কৰাৰ বাবে চৰকাৰে গ্রহণ কৰা পদক্ষেপলৈ কার্যনির্বাহক সভাই সমর্থন জনোৱাৰ লগতে মিঞাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈও চৰকাৰক আহ্বান জনায়৷ আজিৰ কার্যনির্বাহক সভাই আগন্তুক নির্বাচনৰ প্রতি লক্ষ্য ৰাখি গ্রহণ কৰিলে আন কেইবাটাও গুৰুত্বপূর্ণ প্রস্তাৱ৷ মুখ্যতঃ ৰাজ্য চৰকাৰখনে সমাজ, ভাষা–সংস্কৃতিলৈ অহা ভাবুকি প্রতিৰোধ কৰাৰ বাবে খিলঞ্জীয়া লোকক মাটিৰ পট্টা, সত্র–মঠ–মন্দিৰ আদিৰ সংৰক্ষণ আৰু সংৱর্ধনৰ বাবে অসম দর্শন আঁচনি ৰূপায়ণকে ধৰি গ্রহণ কৰা বিভিন্ন পদক্ষেপক আদৰণি জনায়৷ সভাই ছয় জনগোষ্ঠী ক্রমে– টাই আহোম, চুতীয়া, কোচ ৰাজবংশী, মৰাণ, মটক আৰু চাহ জনজাতি তথা আদিবাসী জনজাতিক অনুসূচিত জনজাতিৰ মর্যাদা প্রদানৰ বাবে মন্ত্রীগোটে দাখিল কৰা প্রতিবেদনক অসম বিধানসভাই অনুমোদন দিয়া বাবে ধন্যবাদ জনায় আৰু ৰাজ্য চৰকাৰখনক ইয়াৰ বাবে পূর্ণ সমর্থন আগবঢ়ায়৷ মুখ্যমন্ত্রীৰ মহিলা
উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ বাবে এক যুগান্তকাৰী পদক্ষেপ হাতত লৈ গ্রামাঞ্চলৰ আত্মসহায়ক গোটৰ ৩০ লাখ সদস্য আৰু নগৰ অঞ্চলৰ ২ লাখ সদস্যৰ প্রতিগৰাকীকে ১০ হাজাৰ টকাৰ বীজ মূলধন প্রদান কৰা এই আঁচনিয়ে মহিলাকেন্দ্রিক অর্থনৈতিক সবলীকৰণৰ পদক্ষেপসমূহৰ ভিতৰত অন্যতম বুলিও আজিৰ সভাই প্রস্তাৱ গ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসম চুক্তি আখৰে আখৰে পালন কৰাৰ লক্ষ্যৰে চৰকাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা আয়োগৰ ৬৭টা পৰামর্শৰ ভিতৰত ৫২টা পৰামর্শ কার্যকৰী কৰাৰ বাবেও কার্যনির্বাহক বৈঠকে আজি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আয়োগৰ বাকী পৰামর্শসমূহ ৰূপায়ণৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈও আহ্বান জনায়৷ কার্যনির্বাহক সভাই ৰাজনৈতিক প্রস্তাৱযোগে স্পষ্ট কৰে যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সুৰক্ষিত, বিকশিত আৰু আত্মনির্ভৰশীল অসম গঢ়াৰ বাবে অহোপুৰুষার্থ কৰাৰ সময়ত ৰাজ্যখনৰ কিছু বিৰোধী দলে দেশবিৰোধী শক্তি আৰু ৰাষ্ট্রৰ লগ লাগি ৰাজ্যখনক অশান্ত কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে৷
কংগ্রেছকে ধৰি বিৰোধী ৰাজনৈতিক দলে ৰাজ্যখনক অস্থিৰতাৰ ফালে ঠেলি দিবৰ বাবে চলোৱা কুৎসিত প্রয়াসক সভাই নিন্দা কৰাৰ লগতে ভুৱা বাগধাৰা আৰু বিভ্রান্তকাৰী বিষয়সমূহৰ পৰা অসমৰ উন্নয়নকামী জনতাক সজাগ হৈ থাকিবলৈ আহ্বান জনায়৷ কার্যনির্বাহক সভাই ৰাজনৈতিক প্রস্তাৱযোগে বিৰোধী কংগ্রেছ দলে অৰাজকতা বিয়পোৱাৰ অভিযোগ তুলি সমালোচনা কৰি কয়– দলটোৰ নেতা–পালিনেতাই পৰিকল্পিতভাৱে দেশৰ সনাতনী সমাজৰ লগতে অসম আৰু অসমীয়াৰ আৱেগক কুঠাৰাঘাত কৰি আহিছে৷ কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেই সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্রদানৰ বিৰোধিতা কৰাৰ লগতে নিকৃষ্ট শব্দ ব্যৱহাৰ কৰি তেওঁক অৱমাননা কৰিছিল৷
আনকি তেওঁৰ পুত্র প্রিয়ংক খার্গেয়েও জাগীৰোডত স্থাপন হোৱা ছেমিকণ্ডাক্টৰ উদ্যোগৰ বিৰোধিতা কৰাৰ লগতে অসমৰ যুৱপ্রজন্মক অযোগ্য বুলি ইতিকিং কৰিছিল৷ একেদৰে তামিলনাডুৰ মন্ত্রী উদয়নিধি ষ্টেলিনে হিন্দু ধর্মক কেঞ্চাৰ–মেলেৰিয়াৰ লগত তুলনা কৰি সনাতনী সমাজক উপলুঙা কৰিছিল৷ কংগ্রেছৰ এনে চিন্তাধাৰাৰ আজি কার্যনির্বাহক সভাই তীব্র গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে সনাতনী সমাজ তথা অসম আৰু অসমীয়াৰ স্বাভিমানক অৱমাননা কার্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দি এক প্রস্তাৱ গ্রহণ কৰে৷
ইয়াৰ পূর্বে ৰাজনৈতিক প্রস্তাৱযোগে কার্যনির্বাহক সভাই প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বলিষ্ঠ দিক্ নির্দেশনাত অসমে আজি ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ দীর্ঘদিনীয়া আশা–আকাংক্ষা, পৰিচয়, ন্যায় আৰু মর্যাদা তথা জনগাঁথনিত সুস্থিৰতা অহাৰ এক পৰিৱেশত প্রৱেশ কৰাৰ বাবেই দুয়োগৰাকী জ্যেষ্ঠ নেতালৈ ধন্যবাদ জ্ঞাপন কৰে৷
ডিজিটেল ডেস্ক, ২৭ ডিচেম্বৰ