নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ আইশী প্রিশা বৰাক ৰাষ্ট্রীয় শিশু পুৰস্কাৰ প্রদান ৰাষ্ট্রপতি মুর্মুৰ

ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে বিভিন্ন ক্ষেত্রত অসাধাৰণ কৃতিত্ব অর্জন কৰি উত্তৰ–পূর্বাঞ্চলৰ নিজ নিজ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা দুগৰাকী যুৱ প্রতিভাক প্রধানমন্ত্রী ৰাষ্ট্রীয় শিশু পুৰস্কাৰ প্রদান কৰে৷ অসমৰ যোৰহাটৰ ১৪ বছৰীয়া উদ্ভাৱক ছাত্রী আইশী প্রিশা বৰা আৰু মিজোৰামৰ লুংলেইৰ ৯ বছৰীয়া সংগীত শিল্পী এষ্টাৰ লালদুহমী নামটেক ক্রমে বিজ্ঞান–প্রযুক্তি আৰু কলা–সংস্কৃতিৰ ক্ষেত্রত অসাধাৰণ প্রতিভা, নিষ্ঠা তথা অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে ৰাষ্ট্রীয় পর্যায়ত স্বীকৃতি প্রদান কৰা হয়৷

আইশী প্রিশা বৰাই প্রাকৃতিক কৃষি পদ্ধতি, বাতৰিকাকতৰ মালচিং, বাতৰিকাকতৰ আৱর্জনাৰে পেঞ্চিল প্রস্তুত কৰিব পৰা মেচিনৰ বিকাশৰ বিষয়ত গুৰুত্ব আৰোপ কৰি বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্রত উল্লেখযোগ্য উদ্ভাৱন প্রদর্শন কৰিছিল৷ তেওঁ আঞ্চলিক পর্যায়ৰ ৰাজ্যিক বিজ্ঞান প্রদর্শনী, নতুন দিল্লীৰ ৰাষ্ট্রীয় শিশু বৈজ্ঞানিক প্রদর্শনী, আহমেদাবাদৰ ৰাষ্ট্রীয় শিশু বিজ্ঞান কংগ্রেছকে ধৰি কেইবাটাও সন্মানীয় মঞ্চত নিজৰ বিদ্যালয় আৰু অঞ্চলটোক প্রতিনিধিত্ব কৰি আহিছে৷

তেওঁৰ উল্লেখনীয় কৃতিত্বৰ ভিতৰত ২০২৫ চনৰ উদ্ভাৱন মহোৎসৱত ইনস্পায়াৰ মানক ৰাজ্যিক বঁটা (২০২২) আৰু দীননাথ পাণ্ডে ছিলভাৰ উদ্ভাৱক বঁটা লাভ কৰাটো অন্যতম৷ বহনক্ষম সমাধান আৰু বৈজ্ঞানিক উদ্ভাৱনৰ বাবে কৰি অহা তেওঁৰ ধাৰাবাহিক অভিযানৰ বাবে তেওঁ বিজ্ঞান তথা প্রযুক্তিৰ উৎকৃষ্টতাৰ স্বীকৃতি স্বৰূপে প্রধানমন্ত্রী ৰাষ্ট্রীয় শিশু পুৰস্কাৰ লাভ কৰিছে৷

ইফালে, অতি কম বয়সতে হৃদয়স্পর্শী দেশপ্রেমমূলক গীত পৰিৱেশনেৰে সমগ্র দেশৰ শ্রোতা–দর্শকক মোহিত কৰিছে এষ্টাৰ লালদুহমী নামটেই৷ ইউটিডবত তেওঁৰ অভিনয়ে ২০ নিযুতকৈও অধিক ভিউজ লাভ কৰাৰ লগতে তেওঁৰ ১১.৩ লাখতকৈ অধিক ছাবস্ক্রাইবাৰ আছে৷ তেওঁক কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রশংসা কৰাৰ লগতে তেওঁ ২০২৪ চনৰ ডিচেম্বৰ মাহত দিল্লীত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ মুকলি অনুষ্ঠানত, প্রধানমন্ত্রী নৰেন্দ্র মোদী উপস্থিত থকা অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰাৰ গৌৰৱ লাভ কৰিছিল৷

এক সাংস্কৃতিক পটভূমিৰ পৰা অহা এষ্টাৰৰ এই যাত্রা প্রতিভা, অধ্যৱসায় আৰু আৱেগৰ এক প্রেৰণাদায়ক উদাহৰণ হিচাপে পৰিগণিত হৈছে৷ কণমানি কন্যা শিশুটিয়ে কলা আৰু সংস্কৃতিৰ ক্ষেত্রত প্রদর্শন কৰা উৎকৃষ্টতাৰ বাবে প্রধানমন্ত্রী ৰাষ্ট্রীয় শিশু পুৰস্কাৰ লাভ কৰিছে৷়

উল্লেখ্য যে ১৮খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ ২০গৰাকী শিশুক প্রধানমন্ত্রী ৰাষ্ট্রীয় শিশু পুৰস্কাৰ প্রদান কৰে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে৷ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্রীয় মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্রী অন্নপূর্ণা দেৱী আৰু কেন্দ্রীয় মহিলা তথা শিশু উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্রী সাবিত্রী ঠাকুৰ৷

ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ

You might also like