বিটিচিৰ বিশেষ বাজেট অধিৱেশনত ১০১ কোটি ২০ লাখ টকাৰ পৰিপূৰক বাজেট গৃহীত
বিটিচি বিধান পৰিষদীয় ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে বিটিচিৰ বিশেষ বাজেট অধিবেশন অনুষ্ঠিত হৈ যায়৷ উল্লেখ্য যে ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বিশেষ বাজেট অধিবেশনখন আজি প্ৰশ্নকালিন শিতানৰে আৰম্ভ কৰা হয়।
প্ৰশ্নকালীন শিতানৰ অন্তত বিটিচিৰ বিত্ত বিভাগৰো দায়িত্বত থকা বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে অহা চাৰি মাহ অৰ্থাৎ এপ্ৰিলৰ পৰা জুলাই মাহৰ বাবে ১০১ কোটি ২০ লাখ টকাৰ পৰিপূৰক (অতিৰিক্ত) বাজেট সদনত দাখিল কৰে৷
পিছত সদনৰ মজিয়াত আলোচনাৰ বিলোচনাৰ অন্তত ১০১ কোটি ২০ লাখ টকাৰ পৰিপূৰক বাজেট সদনৰ সৰ্বসন্মতিমৰ্মে গৃহীত কৰা হয় ৷ ইপিনে প্ৰশ্ন কালিন শিতানত আজি সদনত বিৰোধী আৰু শাসক পক্ষৰ কেইবাগৰাকী পাৰিষদে বিভন্ন বিষয়কলৈ সদনত প্ৰশ্ন কৰা পৰিলক্ষিত হয় ৷
ইপিনে বিটিচিৰ বাক্সা জিলাত এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনুমোদন জনাইছে আৰু চিৰাং জিলাত নতুনকৈ কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিটিচিক প্ৰস্তাৱ আগবঢ়াইছে বুলি আজি শাসক পক্ষই সদনক অৱগত কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীয়ে৷
আনহাতে প্ৰশ্নকালীন শিতানত পাৰিষদ ৰিদীপ কুমাৰ ডেকাই সোধা এক প্ৰশ্নৰ বিপৰীতে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে যোৱা পাঁচ বছৰত বাক্সা আৰু তামুলপুৰ জিলাত উচ্চতৰ মাধ্যমিক, হাইস্কুল, মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ত কোনো আৰ্থিক অনুদান দিয়া নাই বুলি দিয়া উত্তৰত অসন্তুষ্টি প্ৰকাশ কৰিছে বিৰোধী দল ইউপিপিএলৰ পাৰিষদ দাওবাইছা বড়োই ৷
ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ২৪ ফেব্ৰুৱাৰী