নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন গ্ৰন্থ ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী’ মুকলি

  • মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ প্ৰথমটো বছৰৰ দিনলিপিৰ গ্ৰন্থৰূপ ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী ৰ’ ৰ শুভ উদ্বোধন কৰিলে উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী: উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্য সভাৰ সাংসদ ৰঞ্জন গগৈয়ে আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ প্ৰথমটো বছৰৰ দিনলিপিৰ গ্ৰন্থৰূপ ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী ৰ’ ৰ শুভ উদ্বোধন কৰে৷ এই উপলক্ষে আয়োজিত সভাত আদৰণী ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ব্যক্তিগত জীৱনৰ কোনো বিষয় আলোকপাত নকৰাকৈয়ে দৈনন্দিন কাৰ্য ক্ৰমণিকাক এই গ্ৰন্থখনত স্থান দিয়া হৈছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ১৯৫০ চনৰ ভূমিকম্প, ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধ, অসম আন্দোলন আদিৰ দৰে¸ ঘটনা প্ৰৱাহ সংঘটিত হৈছিল৷ নিজকে ভাগ্যবান মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰি তেওঁ কয় যে তেওঁৰ কাৰ্যকালত তেনে বিশেষ ঘটনা প্ৰৱাহ সংঘটিত হোৱা নাই৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দিনলিপিখনত পৰ্দাৰ আঁৰৰ কোনো কথা নাই৷ মুখ্যমন্ত্ৰী হিচাপে দৈনন্দিন জীৱনৰ কাম-কাজৰ এক প্ৰতিফলিত ৰূপ৷ তেওঁ কয়যে এই পাঁচটা বছৰ বিকাশৰ নতুন অধ্যায় হ’ব পাৰে৷ চৰকাৰী গোপনীয়তা ভংগ নকৰাকৈ ইয়াত প্ৰতিদিনৰ কাম-কাজ লিপিবদ্ধ কৰা হৈছে যাতে আগন্তুক দিনত কিছু সমল পোৱা যায়৷ গ্ৰন্থখনত নিজকে স্বমহিমামণ্ডিত কৰাৰ প্ৰয়াস কৰা হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে গ্ৰন্থখনত কোনো পাৰিবাৰিক জীৱনৰ কথাও উল্লেখ কৰা হোৱা নাই৷

মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা দুটা পৃথক সত্ত্বা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাইজক প্ৰতিনিধিত্ব কৰে আৰু হিমন্ত বিশ্ব শৰ্মাই এক ব্যক্তিত্বকহে সূচায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে কিছু ব্যক্তিক সততে লগ পোৱা যায়৷ তেওঁলোকৰ নামৰ বাৰম্বাৰ ব্যৱহাৰ ইচ্চাকৃতভাৱে কৰা হোৱা নাই৷অৱশ্যে কিছু ব্যক্তিৰ নাম অনিশ্চাকৃতভাৱে দিনলিপিখনৰ পৰা বাদ পৰি ৰৈছে৷ আগন্তুক চাৰি বছৰত এই ডায়েৰী প্ৰকাশ কৰা হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে গ্ৰন্থখন উন্মোচন কৰাৰ বাবে উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্য সভাৰ সাংসদ ৰঞ্জন গগৈক ধন্যবাদ জ্ঞাপন কৰে৷

গ্ৰন্থ উন্মোচনী উপলক্ষে প্ৰদান কৰা ভাষণত উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্য সভাৰ সাংসদ ৰঞ্জন গগৈয়ে কয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে৷ অধিবক্তা হিচাপে থকাৰ সময়ৰে পৰা থকা সম্পৰ্কৰ কথা উলেখ কৰি গগৈয়ে কয় যে ড॰ শৰ্মাই অধিবক্তা পেছা এৰি ৰাজনীতিত যোগদান কৰিলে৷ আইন বিশ্বই এগৰাকী প্ৰতিভাধৰ অধিবক্তাক হেৰুৱালে যদিও ৰাজনৈতিক ক্ষেত্ৰখন লাভৱান হ’ল বুলিও তেওঁ কয়৷ ভাষণ প্ৰসংগত উচ্ছতম ন্যায়ালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কয় য়ে স্বাস্থ্যমন্ত্ৰী হিচাপে সেই সময়ত ড॰ শৰ্মাই ক’ৰণা মহামাৰীৰ সময়ত অনন্য ভূমিকা গ্ৰহণ কৰিছিল৷ মুখ্যমন্ত্ৰীৰ সেই সময়ৰ কাৰ্যকলাপে তেওঁক যথেষ্ট প্ৰভাৱিত কৰিছিল বুলিও গগৈয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে তেওঁৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি আহিছে বুলি গগৈয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে ব্যক্তি জীৱন আৰু মুখ্যমন্ত্ৰীৰ জীৱন পৃথক কৰাৰ বিষয়টো উলেখ কৰি গগৈয়ে সমন্বিতভাবে ডায়েৰী প্ৰকাশ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷

উন্মোচনী অনুষ্ঠানত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুভাষ দাস, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাস, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, বহু কেইগৰাকী কেবিনেট সতীৰ্থ, সাংসদ দিলীপ শইকীয়া আৰু পৱিত্ৰ মাৰ্ঘেৰিটা, বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়ো, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, ৰাজ্যিক প্ৰশাসনৰ বহু কেইগৰাকী শীৰ্ষ বিষয়াৰ উপৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ মাতৃ মৃণালিনী দেৱী, সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা, দুহিতা সুকন্যাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

You might also like