নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত মার্চ মাহত উষ্ণতা হ’ব অভিলেখপূর্ণ

🔹 বতৰ বিজ্ঞান বিভাগৰ আগজাননী

🔹 নিশাও তাপমাত্রাই পূর্বৰ অভিলেখ ভংগৰ আশংকা

নিউজ ডেস্ক, ১ মাৰ্চ : চলিত বর্ষৰ মার্চ মাহটো অভিলেখসংখ্যক উষ্ণ মাহ হ’ব৷ মাহটোত প্রতিদিনেই স্বাভাৱিকতকৈ অধিক তাপমাত্রা হ’ব৷ দিনৰ সমান্তৰালকৈ নিশাৰ ভাগতো পূর্বৰ তাপমাত্রাৰ অভিলেখ ভংগৰ সম্ভাৱনা আছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই আগজাননী প্রকাশ কৰিছে৷ মার্চ মাহত সমগ্র দেশতে তাপমাত্রা বৃদ্ধিৰ সম্ভাৱনাৰ সমান্তৰালকৈ উত্তৰ প্রান্তৰ ভাৰতত বৰষুণৰ সম্ভাৱনা আছে৷ বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা মতে, অস্বাভাৱিকভাৱে চলিত বর্ষৰ মার্চ মাহটোত দিনৰ লগতে নিশাৰ ভাগতো তাপমাত্রা স্বাভাৱিকতকৈ অধিক বৃদ্ধি পাব৷ প্রকাশ কৰা মতে, মার্চৰ দ্বিতীয় সপ্তাহৰ পৰাই দিনৰ ভাগত তাপমাত্রা বৃদ্ধিৰ সম্ভাৱনা আছে৷ দেশৰ কেইবাখনো ৰাজ্যত তাপমাত্রা ৪০ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিব৷ স্বাভাৱিকতকৈ ৪.৫ ডিগ্রী চেলছিয়াছ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে মুম্বাইকে ধৰি বিভিন্ন অঞ্চলত ফেব্রুৱাৰী মাহৰ অন্তিম দিনকেইটাত তাপমাত্রা বৃদ্ধি হৈছে৷ মুম্বাইত গড় তাপমাত্রাতকৈ অধিক বৃদ্ধি হৈ ২৬ ফেব্রুৱাৰীত ৩৮.৭ ডিগ্রী চেলছিয়াছ স্পর্শ কৰিছে৷ গোৱা আৰু মহাৰাষ্ট্রৰ উপকূলীয় অঞ্চলত তাপমাত্রা ৩৭ৰ ঊর্ধ্বত গৈছে৷ গুজৰাট আৰু কর্ণাটকতো তাপমাত্রা ৩৫ৰ পৰা ৩৭ ডিগ্রী চেলছিয়াছ হৈছে৷ ফেব্রুৱাৰীত বর্ধিত এই তাপমাত্রা মার্চত আৰু অধিক বৃদ্ধি হ’ব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে৷ মন কৰিবলগীয়া যে মার্চ মাহৰ তাপমাত্রা বৃদ্ধিয়ে ঘেঁহু খেতিৰ ওপৰত বিস্তৰ ক্ষতিসাধন কৰাৰ সম্ভাৱনা আছে৷

You might also like