নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসা–স্বাস্থ্য নিযুক্তি ব’ৰ্ডত ৪১৫ চাকৰি

আবেদনৰ অন্তিম তাৰিখ ৫ ডিচেম্বৰ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানত খালী হৈছে ৪১৫ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি ব’ৰ্ডৰ সচিবে এক নিয়োগ বিজ্ঞাপন জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ পত্রত প্রকাশ কৰিছে৷ উক্ত খালী পদকেইটা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পৰিচালিত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত্ পূৰণ কৰা হ’ব৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Registrar, Demonstrator আৰুPhysicianৰ ৪১৫ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–Anatomy (9), Anaesthesiology (66), Bio-Chemistry (12), Cardiology (7), CTVS (6), Dematology (5), Dentistry (5), Endocrinology (2), ENT (8), Emergency Medicine (8) , FSM (14), Gastroenterology (1), Medicine (24), Nephrology (3), Neurology (1), Neuro Survey (4), Orthopaedics (14), Opthalmology (7), O&G (12), Physiology (17), Pharmacology (11), Pathology (25), Psychiatry (7), Plastic Surgery (3), Paediatric Surgery (4), Paediatrics (16), PM&R (14), Radiology (36), Radiotherapy (12), Surgery (27), SPM – Commuinity Medicine (30), TB & Chest – Pulmonary Medicine (2) আৰুUrology (3)৷ মুঠ খালী পদ ৪১৫টাৰ ভিতৰত অসংৰক্ষিত ১টা, অ’বিচি/এম’বিচি ১টা, এছ চিৰ ১টা, এছ টি–পিৰ ১টা, এছ টি–এইচৰ ১টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১ পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰীAnatomy, Anaesthesiology, Bio-Chemistry, Cardiology, Dermatology, Dentistry,ENT, Emergency Medicine, FSM, Medicine, Opthalmology, O&G, Physiology, Pharmacology, Pathology, Psychiatry, Paediatrics, PM&R, Radiology, Radiotherapy, Surgery, SPM – Commuinity Medicine, TB & Chest – Pulmonary Medicine বিষয়তNational Medical Commission/Medical Council of India/Dental Council of India/National Board of Examinationৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰাMD/MS/MDS/DMDৰ পোষ্ট গ্রেজুৱেট ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থীCardiology/Neurology/Endocrinology/Gastroenterology/Nephrology বিষয়তMD/DNB উত্তীর্ণ হোৱা হ’ব লাগিব অথবাPlastic Surgery/CTVS/Neuro-Surgery/Urology/Paediatric Surgery বিষয়তMS/DNB ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ নিযুক্তিৰ ক্ষেত্রতDM/M.Ch/DNB ডিগ্রীধাৰী প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ দৰমহাৰ নিৰিখ ৫৭,৭০০–১,৮২,৪০০ টকা৷ ইয়াৰ উপৰি প্রার্থীয়ে অন্যান্য ভাট্টা লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২০লৈ ২১–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা পৰিশোধ কৰাৰ বিপৰীতে অ’বিচি/এম’বিচি/এছচি/এছটি–পি/এইচ শ্রেণীৰ প্রার্থীয়ে ১৫০ টকা ট্রেজাৰী চালানৰ মাধ্যমেৰেHead Accountantৰ হকে পৰিশোধ কৰিব লাগিব নাইবা অনলাইন(https://assamegras.gov.in) মাধ্যমেৰেGovernment Receipt Accounting System-GRASৰ হকে পৰিশোধ কৰিব পাৰিব৷ অৱশ্যে দাৰিদ্র্য সীমাৰেখাৰ তলৰ আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে এই মাচুল পৰিশোধ কৰিব নালাগে৷ প্রার্থী বাছনি অনলাইন সাক্ষাৎকাৰৰ মাধ্যমেৰে কৰা হ’ব৷ পদপ্রত্যাশীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটhttps://nhm.assam.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ ডিচেম্বৰ, ২০২০৷

You might also like