নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোষণা কৰা হ’ল SI ৫৯৭ টা পদৰ চূড়ান্ত ফলাফল

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ  অৱশেষত আজি ঘোষণা কৰা হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ ৫৯৭ টা পদৰ চূড়ান্ত ফলাফল। এই ৫৯৭ টা পদৰ বিপৰীতে ৪১৮ গৰাকী যুৱক আৰু ১৭৯ গৰাকী যুৱতী উত্তীৰ্ণ হৈছে।

উপ-পৰিদৰ্শক (ইউবি)ৰ ৫৯৭ টা পদৰ বাবে চূড়ান্ত বাছনি তালিকা ঘোষণা কৰা হৈছে আৰু এই তালিকা slprbassam.inত উপলব্ধ। অসম আৰক্ষীৰ ফালৰ পৰা জনোৱা অনুসৰি উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ চূড়ান্ত আৰক্ষী প্ৰমাণীকৰণৰ পিছত নিযুক্তি পত্ৰ জাৰি কৰা হ’ব।

উল্লেখ্য যে প্ৰথমে ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। কিন্তু একাংশ দুষ্ট চক্ৰই ছ’চিয়েল মিডিয়াত ফাদিল কৰিছিল প্ৰশ্নকাকত। ফলস্বৰূপে ৰাজ্যজুৰি বাতিল কৰা হৈছিল এই পৰীক্ষা। পাছত পুনৰ ২২ নৱেম্বৰত অনুষ্ঠিত কৰা হয় আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা।

ইপিনে প্ৰশ্নকাকত ফাদিলৰ পাছতে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে অনুষ্ঠিত কৰা এই পৰীক্ষাৰ দায়িত্ব পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক অৰ্পণ কৰা হৈছিল।

&

nbsp;

You might also like