নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিভাগে জব্দ কৰিলে ভ্ৰাম্যমাণ কাঠ ফলা মিল

🔹 বিলাসীপাৰাত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিল : বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তত একাংশ চোৰাং কাঠ মাফিয়াই বন বিভাগৰ চকুত ধূলি দি ভিতৰুৱা চৰাঞ্চলত অবৈধভাৱে ভ্ৰাম্যমাণ কাঠ ফলা মিল স্থাপন কৰি চলাই গৈছিল ৰমৰমীয়া বেহা। তেনে চোৰাং কাঠ আৰু কাঠ ফলা মিলৰ বিৰুদ্ধে শালকোচা আঞ্চলিক বন বিষয়া আৰু ধুবুৰী বন সুৰক্ষা বাহিনীয়ে যৌথভাৱে চলায় এক অভিযান। অভিযানত কাজাইকাটা পঞ্চম খণ্ড গাঁৱৰ পৰা দুটা ভ্ৰাম্যমাণ অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। বন বিভাগৰ দলৰ উমান পাই কাঠ মাফিয়া ক্ৰমে বছিৰ আলী আৰু বদৰ আলীয়ে পলায়ন কৰে। কাঠ মাফিয়া বছিৰ, বদৰ আৰু আনোৱাৰৰ বিৰুদ্ধে বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব। সম্প্ৰতি জব্দকৃত কাঠ ফলা মিল দুটা ৰোকাখাতা খণ্ড বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like