নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দললৈ প্রত্যাৱর্তন কৰিব সূর্যকুমাৰ যাদৱে

🔹 মুম্বাই ইণ্ডিয়ানছ শিবিৰৰ বাবে সুখবৰ

বিশেষ বাৰ্তা, ৫ এপ্রিল : চলিত আইপিএলত পৰাজয়ৰ হেটট্রিক অর্জন কৰা মুম্বাই ইণ্ডিয়ানছৰ বাবে সুখবৰ৷ আঘাতৰ পৰা সুস্থ হৈ পুনৰ দললৈ প্রত্যাৱর্তন কৰিবলৈ সাজু হৈছে বিস্ফোৰক বেটাৰ সূর্যকুমাৰ যাদৱ৷ দীর্ঘদিন ধৰি খেলপথাৰৰ বাহিৰত থকা বিশ্বৰ শীর্ষ বাছনিৰ টি–২০ বেটাৰ সুর্যকুমাৰ যাদৱে ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ প্রায় সকলো ফিটনেছ মূল্যায়নতে সফলতাৰে উত্তীর্ণ হৈছে৷ ফলত চলিত আইপিএলত প্রথমখন মেচ খেলিবলৈ সাজু হৈছে বিস্ফোৰক বেটাৰগৰাকী৷ সূর্যকুমাৰ যাদৱৰ সুস্থতা সন্দর্ভত বিচিচিআইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ৰাষ্ট্রীয় ক্রিকেট একাডেমীত সূর্যকুমাৰে সকলো পৰীক্ষাতে সফলতাৰে উত্তীর্ণ হৈছে৷ বর্তমান তেওঁ খেলিব পৰাকৈ সম্পূর্ণ সুস্থ৷ টি–২০ৰ বিস্ফোৰক বেটাৰ সূর্যকুমাৰ যাদৱে আজি মুম্বাই ইণ্ডিয়ানছত যোগ দিয়াৰ সম্ভাৱনা আছে৷ ২০২৩ চনৰ ডিচেম্বৰৰ পৰা প্রতিযোগিতামূলক ক্রিকেটৰ পৰা আঁতৰি থকা সূর্যকুমাৰে ৭ অথবা ১১ এপ্রিলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলাৰ সম্ভাৱনা আছে৷

You might also like