নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অগ্নি–প্রাইম’ ক্ষেপণাস্ত্রৰ সফল পৰীক্ষা ভাৰতৰ

🔹 প্রতিৰক্ষা মন্ত্রালয়ৰ ঘোষণা

বিশেষ বাৰ্তা, ৫ এপ্রিল : নতুন প্রকাৰৰ বেলিষ্টিক ক্ষেপণাস্ত্র ‘অগ্নি–প্রাইম’ৰ সফল পৰীক্ষা চলালে ভাৰতে৷ কালি ওড়িশাৰ উপকূলৰ এপিজে আব্দুল কালাম দ্বীপৰ পৰা অত্যাধুনিক এই ক্ষেপণাস্ত্রৰ সফল উৎক্ষেপণ কৰা হয়৷ সমৰাস্ত্র পৰীক্ষাৰ কথা ঘোষণা কৰিছে প্রতিৰক্ষা মন্ত্রালয়ে৷ প্রতিৰক্ষা মন্ত্রালয়ৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে ক্ষেপণাস্ত্রৰ পৰীক্ষাৰ সময়ত সমস্ত কার্যকাৰিতা তথা উদ্দেশ্য সফল হৈছে৷ এছএফচি আৰু ডিআৰডিঅ’ৱে যৌথভাৱে এই ‘অগ্নি–প্রাইম’ বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষা চলায়৷ কালি পুৱা ৫ বজাত ক্ষেপণাস্ত্রটো উৎক্ষেপণ কৰা হয়৷ এই ক্ষেপণাস্ত্র উৎক্ষেপণৰ সাক্ষী হয় চীফ অৱ ডিফেঞ্চ ষ্টাফ অনিল চৌহান৷ ইয়াৰ উপৰি ডিআৰডিঅ’ তথা সেনাৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে৷ সফল পৰীক্ষাৰ বাবে ডিআৰডিঅ’, এছএফচি আৰু সেনাক অভিনন্দন জনাইছে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷

You might also like