নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰে নিজাকৈ ক্রয় কৰিব নতুনকৈ পাঁচখন ৰ’পেক্স জাহাজ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উদ্যোগত আৰু বিশ্ববেংকৰ অর্থ সাহায্যৰে নির্মাণ কৰা পাঁচখন নতুন জাহাজ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উচর্গা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ 

শুকুৰবাৰে গুৱাহাটীৰ লাচিত ঘাটত মুখ্যমন্ত্রী ড০ শর্মাই পতাকা জোকাৰি সেৱা আৰম্ভ কৰা এই জাহাজকেইখনৰ এম ভি লুইত নামৰ জাহাজখন নিমাতীঘাট আৰু কমলাবাৰীৰ মাজত, এম ভি সোণাই নামৰ জাহাজখন গুৱাহাটী আৰু কুৰুৱাৰ মাজত আৰু গোৱালপৰীয়া লোকগীতৰ সম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ নামত উৎসর্গিত এম ভি প্রতিমা নামৰ জাহাজখন ধুবুৰীৰ ফেৰী সেৱাত নিয়োজিত হ’ব৷ এই জাহাজকেইখনৰ প্রত্যেকখনে এবাৰত ১০০গৰাকী যাত্রী আৰু ৫০খন মটৰচাইকেল কঢ়িয়াই নিব৷

আনহাতে আন দুখন জাহাজ নিৰীক্ষণৰ কামত ব্যৱহূত হ’ব৷ সেই জাহাজ দুখনে জল পৰিবহণৰ ক্ষেত্রত জাৰি কৰা আদর্শ পৰিচালনা বিধি (এছ অ’ পি) পালন হৈছে নে নাই, সেইটো নিৰীক্ষণ কৰিব৷ উল্লেখ্য যে ২০১৫ চনৰ অক্টোবৰ মাহত ৰাজ্যখনৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা সুচলতৰ কৰাৰ বাবে ভাৰত চৰকাৰৰ বিত্ত মন্ত্রালয়ৰ অর্থনৈতিক পৰিক্রমা বিভাগে অসম আভ্যন্তৰীণ জল পৰিবহণ প্রকল্পত অনুমোদন জনাইছিল৷

সেই প্রকল্পৰ মূল লক্ষ্য হৈছে ৰাজ্যখনৰ যাত্রীবাহী ফেৰী সেৱাৰ উন্নীতকৰণ, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্রতিষ্ঠানিক সামর্থ্য বৃদ্ধি কৰা৷ উক্ত প্রকল্পৰ অধীনতে কালি মহানগৰীৰ ঐতিহাসিক লাচিত ঘাটত ৫খন নতুন জাহাজৰ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷

জল পৰিবহণ ব্যৱস্থাটো অধিক সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্রায় ৯০ কোটি টকা ব্যয় সাপেক্ষে এখন অভিলাষী আঁচনি লোৱাৰ কথা মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰি কয় যে এই আঁচনিৰ অধীনত ব্রহ্মপুত্রত চলাচল কৰা ৮৫৩খন একক ইঞ্জিনযুক্ত ফেৰীত ৰাজ্য চৰকাৰে নিজা খৰচত মেৰাইন ইঞ্জিন সংযুক্ত কৰাৰ বাবে পদক্ষেপ লৈছে৷ এনে ৭টা মেৰাইন ইঞ্জিন আগন্তুক সপ্তাহতে ধুবুৰীত চলাচল কৰা ফেৰীত সংযোজিত কৰা হ’ব৷ আনহাতে মাজুলী আৰু নিমাতীঘাটৰ মাজত চলা ফেৰীৰ বাবেও এনে ইঞ্জিন ক্রয়ৰ ব্যৱস্থা কৰাৰ বিষয়ে সদৰী কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ৰাজ্য চৰকাৰে নিজস্ব পুঁজিৰে অতিৰিক্তভাৱে ৫খন ৰ’পেক্স ক্রয় কৰাৰ সিদ্ধান্ত লৈছে৷ মাজুলী, ধুবুৰী, উত্তৰ গুৱাহাটীকে ধৰি জাহাজ ঘাটসমূহত যাত্রীসকলৰ সুচল জল যাতায়াতৰ বাবে এই জাহাজসমূহ চলোৱা হ’ব৷ তেনেদৰে যাত্রীৰ সুৰক্ষা অধিক সুনিশ্চিতকৰণৰ লক্ষ্যৰে নাবিকসকলৰ প্রশিক্ষণৰ ব্যৱস্থা, ফেৰী তথা জাহাজসমূহৰ ফিটনেছ পৰীক্ষণৰ ব্যৱস্থাকে ধৰি বহু ব্যৱস্থা হাতত লোৱা হৈছে, যাতে মানৱীয় কোনো ভুল–ত্রুটিৰ সম্ভাৱনা যিমানদূৰ সম্ভৱ দূৰ কৰিব পৰা যায়৷

যোৱা এসপ্তাহত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে দ্রুতভাৱে যিবোৰ পদক্ষেপ গ্রহণ কৰিছে, তাৰ ফলত জনসাধাৰণে উন্নত আৰু সুৰক্ষিত সেৱা লাভ কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷ 

You might also like