নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবৰ মুখ্যমন্ত্রীৰ দৌৰত নৱজোৎ সিদ্ধু

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ পঞ্জাবত শাসনৰ গাদীত থকা কংগ্রেছৰ অন্তঃকন্দলে নতুন মোৰ ল’লে৷ অৱশেষত দলীয় শীর্ষ নেতাৰ হেঁচাত মুখ্যমন্ত্রী কেপ্টেইন অমৰিন্দৰ সিঙে পদত্যাগ কৰিবলৈ বাধ্য হ’ল৷ দলৰ জ্যেষ্ঠ নেতা তথা বর্তমান পঞ্জাব কংগ্রেছৰ সভাপতি নৱজোৎ সিং সিদ্ধুৰ সৈতে মতানৈক্য দলীয় শীর্ষ নেতৃত্বই প্রায় সমিলমিলত সমাধান কৰিবলৈ সক্ষম হৈছিল যদিও শনিবাৰে বিধায়িনী দলৰ বৈঠক আয়োজন কৰাৰ পৰিপ্রেক্ষিতত অপমানবোধ কৰি বিয়লি মুখ্যমন্ত্রী সিঙে ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতৰ হাতত পদত্যাগ–পত্র অর্পণ কৰে৷

মুখ্যমন্ত্রীৰ পুত্রই টুইটাৰযোগে ৰাজ্যপালক পিতৃ মুখ্যমন্ত্রী সিঙে পদত্যাগ কৰাৰ আলোকচিত্র প্রকাশ কৰাৰ কেইমিনিটমান পাছতেই সাংবাদিকৰ সমুখত মুখ্যমন্ত্রী সিঙে পদত্যাগ কৰা বুলি ঘোষণা কৰে৷

উল্লেখ্য যে মুখ্যমন্ত্রী সিঙৰ নেতৃত্বাধীন চৰকাৰৰ কেবিনেটত বিজেপিৰ পৰা আহি কংগ্রেছত যোগদান কৰা নৱজোৎ সিং সিদ্ধুৱে স্থান লাভ কৰাৰ কেইমাহমান পাছতেই মুখ্যমন্ত্রী সিং আৰু সিদ্ধুৰ মাজত সংঘাত আৰম্ভ হয়৷

এই মতানৈক্য ইমানেই ভিতৰলৈ শিপায় যে দুবছৰ মুখ্যমন্ত্রী সিং আৰু সিদ্ধুৰ মাজত সংঘাত চলি থকাৰ পাছত কেইবালানিও বৈঠকৰ অন্তত শীর্ষ নেতৃত্বই সিদ্ধুক ৰাজ্যখনৰ কংগ্রেছৰ মুৰব্বী হিচাপে দায়িত্ব দিয়ে৷

ইয়াৰ পাছত মুখ্যমন্ত্রী আৰু সিদ্ধুৰ মাজত মতানৈক্য আঁতৰ হ’ব বুলি ভবা হৈছিল যদিও ই পুনৰ অধিক তীব্র হৈ উঠে৷ ৰাজহুৱাভাৱে মুখ্যমন্ত্রী আৰু সভাপতি সিদ্ধুৰ মাজত বাক্যুদ্ধ চলি থকাৰ পাছত অৱশেষত শীর্ষ নেতৃত্বৰ নির্দেশত ৰাজ্যখনৰ বিধায়িনী দলৰ বৈঠকৰ সিদ্ধান্ত লোৱা হয়৷ 

শনিবাৰে সন্ধিয়া এই বিধায়িনী দলৰ বৈঠকৰ পূর্বেই মুখ্যমন্ত্রীগৰাকীয়ে পদত্যাগ কৰে৷ পদত্যাগৰ পাছত সাংবাদিকক কেপ্ঢেইন সিঙে কয় যে সুদীর্ঘ ৯ বছৰ আৰু ৬ মাহ ধৰি ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ দায়িত্বত থকাৰ পাছত তেওঁ অপমানবোধ কৰিছে৷ কংগ্রেছৰ শীর্ষ নেতৃত্বই তেওঁৰ উপস্থিতিতেই পুনৰ বিধায়িনী দলৰ বৈঠক আয়োজনৰ অনুমতি দিয়ে৷ শনিবাৰে পুৱা দলৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীৰ সৈতে বার্তালাপ কৰি অপমানিত হোৱাৰ পাছতেই পদত্যাগৰ সিদ্ধান্ত গ্রহণ কৰে৷

মুখ্যমন্ত্রীৰ ঘনিষ্ঠ নেতাই প্রকাশ কৰা মতে, দলৰ শীর্ষ নেতৃত্বই মুখ্যমন্ত্রী সিঙক পদত্যাগ কৰিবলৈ নির্দেশ দিছে৷ মন কৰিবলগীয়া যে সিদ্ধুৰ ঘনিষ্ঠ আৰু সমর্থক ৫০তকৈ অধিক বিধায়কে মুখ্যমন্ত্রী অমৰিন্দৰ সিঙক আঁতৰ কৰাৰ বাবে সভানেত্রী ছোনিয়া গান্ধীলৈ পত্র প্রেৰণ কৰিছিল৷ সেই পত্রৰ আধাৰতেই কালি সন্ধিয়া কংগ্রেছৰ বিধায়িনী দলৰ বৈঠক আয়োজন কৰা হয়৷

উল্লেখ্য যে পঞ্জাব বিধানসভা নির্বাচনলৈ মাজত মাথোঁ কেইবামাহমান বাকী থকা অৱস্থাত মুখ্যমন্ত্রী সিঙৰ পদত্যাগ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ ইপিনে দলৰ বিধায়িনী দলৰ বৈঠকত পৰৱর্তী নেতা কোন নির্বাচিত হ’ব, তাক লৈ চর্চা আৰম্ভ হৈছে৷ প্রাৰম্ভিক চর্চা মতে, ৰাজ্যখনৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে সভাপতি নৱজোৎ সিং সিদ্ধুৰ নাম চর্চিত হৈছে৷

You might also like