উত্তৰ-পূবলৈ আশাৰ বাৰ্তা আনিব নতুন বাজেটে – কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
এইবাৰৰ কেন্দ্ৰীয় বাজেটে দেশৰ ৰাজ্য সমূহৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহলৈও নতুন আশাৰ বাৰ্তা কঢ়িয়াই আনিছে। জনমুখী এই বাজেটখনে সকলো শিতানত পূৰ্বতকৈ অধিক হাৰত পুঁজি ধাৰ্য কৰি দেশত এক নতুন পৰিবৰ্তনৰ সূচনা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।- আজি যোৰহাটত এই কথা সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।
তেওঁ উল্লেখ কৰে যে এই বাজেটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই বাজেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ যে পূৰ্বৰ দুই লাখ কোটি টকাৰ ছয় গুণ বৃদ্ধি কৰি ১২ লাখ কোটি টকালৈ ধাৰ্য কৰা হৈছে।
তেওঁ আৰু কয় – এখন বাজেটত সম বিতৰণ হয় আৰু উত্তৰ পূবলৈ অতিৰিক্ত কিছু বাজেট ধাৰ্য কৰা হয়। কিন্তু এই বাৰ উত্তৰ পূৰ্বাঞ্চলক বিশেষ বাবে গুৰুত্ব প্ৰদান কৰি কৃষি, শিক্ষা, গ্ৰামোন্নয়ন, স্বাস্থ, ক্ৰীড়া আদিত অতিৰিক্ত ভাবে ধাৰ্য কৰাটো গৌৰবৰ বিষয়।
মোদী চৰকাৰৰ দিনত ৫১ হাজাৰ কোটি টকা গ্ৰামীণ পথ নিৰ্মাণ কৰা হৈছে উত্তৰ পূবত উল্লেখ কৰি সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনা, পি এম স্বনিধি, উজ্জ্বলা যোজনা আদি সকলোতে অসম লাভৱান হব বুলি কয়।
ভাৰত বৰ্ষৰ ৫২ শতাংশ বস্ত্ৰ শিল্পৰ লগত জড়িত লোক আছে উত্তৰ পূবত। এইবাৰ পূৰ্বৰ তুলনাত অধিক বৃদ্ধি কৰি ৫২৭৯ কোটি টকা ধাৰ্য কৰিছে বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।পৰ্যটনৰ ক্ষেত্ৰতো আছে উত্তৰ পূবলৈ বহু ভাল খবৰ থকা বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এই বাজেটত মৎস্য পালনৰ পৰা পশু পালনলৈকে সকলো বৃহৎ ভাবে সামৰি লোৱা হৈছে বুলি জানিবলৈ দিয়ে।
তদুপৰি উত্তৰ পূবৰ বাবে যুগান্তকাৰী আঁচনিয়ে যুব প্ৰজন্ম,কৃষক আৰু কৃষি,নাৰী সৱলীকৰণৰ অধিকে ধৰি সকলো ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া বুলি মন্তব্য কৰে। বিকশিত অসম , বিকশিত উত্তৰ পূবৰ বাবে এইখন এখন জনমুখী বাজেট বুলি সংবাদ মেলত উল্লেখ কৰে। সংবাদ মেলত বিজেপি জিলা সভাপতি শান্তনু পূজাৰী, যুব নেতা সিদ্ধাংকু অংকুৰ বৰুৱা উপস্থিত আছিল।
বিশেষ বাৰ্তা, যোৰহাট, ৯ ফেব্ৰুৱাৰী