নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক ঘুণাসুঁতিৰ ৮৮ বছৰীয়া প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা

 🔹 এজন শিক্ষকে পাঠদান কৰে ৭৫গৰাকী ছাত্ৰ-ছাত্ৰীক
বিশেষ বাৰ্তা, ১০ ডিচেম্বৰ : ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাটোক গতিশীল আৰু সাৰ্বজনীন কৰি তোলাৰ লক্ষ্যৰে শিক্ষা বিভাগে অভিলাষী আঁচনি গ্ৰহণ কৰিলেও একাংশ বিদ্যালয়ক কিন্তু এই আঁচনিয়ে এতিয়াও ঢুকি পোৱা নাই। ৰাজ্যৰ বহু প্ৰাথমিক বিদ্যালয় বৰ্তমানেও জৰাজীৰ্ণ অৱস্থাৰ মাজেৰে চলি আছে। বিদ্যালয়খনৰ নাম ৯৭নং ঘুণাসুঁতি প্ৰাথমিক বিদ্যালয়৷ ১৯৩৫ চনতে স্থাপিত এই বিদ্যালয়খন হৈছে লখিমপুৰ জিলাৰ সোৱণশিৰি পাৰৰ অতি দুৰ্গম  তথা ঐতিহাসিক  ঘুণাসুঁতি অঞ্চলৰ ৷ যি সময়ত ৰাজ্য চৰকাৰে শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে ন ন পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়তো এই বিদ্যালয়খনত অতি জৰাজীৰ্ণ অৱস্থাত এজন শিক্ষকে ৭৫গৰাকী ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি আহিব লগা হৈছে৷ লখিমপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনত এতিয়া পৰমানন্দ ৰাজখোৱা নামৰ শিক্ষকজনে বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰীক উৰুখা গৃহত পাঠদান কৰি অহা কাৰ্যই ৰাজ্যৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ স্বৰূপ উদঙাই তুলিছে৷ সোৱণশিৰিপৰীয়া এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ দুৰৱস্থাই এতিয়া স্থানীয় লোকসকলক উদ্বিগ্ন কৰি তুলিছে৷ ঐতিহাসিক ঘুণাসুঁতিৰ আটাইতকৈ পুৰণি প্ৰাথমিক বিদ্যালয়খনত এতিয়া আন্তঃগাঁথনি উন্নয়ন শূন্য বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ লক্ষণীয় কথা যে ঘুণাসুঁতিৰ ভিতৰতে অতি পুৰণি এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিয়োগ নকৰাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷ এজনীয়া শিক্ষকে বিভিন্ন কাৰণত ১২ বজাতে বিদ্যালয় ছুটী দি ঘৰমুৱা হোৱাৰ লগতে বহু সময়ত স্থানীয় শিক্ষিত যুৱকে সময়ে সময়ে সেৱামূলকভাৱে পাঠদান কৰি আহিছে৷ প্ৰধান শিক্ষকজনে জিলা সদৰত থকা কাৰ্যালয়ৰ কাম-কাজৰ বাবেও বিভিন্ন সময়ত আধাতে বিদ্যালয় এৰি অহা কাৰ্যই স্থানীয় ৰাইজক অসন্তুষ্ট কৰি আহিছে৷ পৰিতাপৰ কথা যে চাৰি কুৰি আঠ বছৰত ভৰি দিয়া বিদ্যালয়খনে এতিয়াও আধুনিক পকীগৃহৰ মুখ নেদেখাৰ ফলত পুৰণি জৰাজীৰ্ণ তথা এটা উৰুখা গৃহত শিক্ষাদান কৰি আহিব লগা হৈছে৷ বৰষুণ দিলেই শ্ৰেণীকোঠাত পানী পৰা বিদ্যালয়খনৰ আন্ত:গাঁথনি উন্নয়ন অথবা পকীগৃহ নিৰ্মাণৰ ক্ষেত্ৰত শিক্ষা বিভাগেই হওক বা স্থানীয় জনপ্ৰতিনিধিয়েই হওক কোনেও গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই বিদ্যালয়খনৰ এনে দুৰৱস্থা হৈছে বুলি স্থানীয় লোকে অভিযোগ কৰিছে৷ ইফালে, বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকল বহাৰ বাবেও উপযুক্ত আসন বা ডেস্ক-বেঞ্চৰ অভাৱ৷ কেইযোৰমান ডেস্ক-বেঞ্চত পাঁচটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কোনোমতে বহি শিক্ষাগ্ৰহণ কৰি আহিছে ৷ বিশুদ্ধ খোৱাপানীৰো ব্যৱস্থা নাই বিদ্যালয়খনত। সেয়েহে দীর্ঘদিন ধৰি আভ্যন্তৰীণ দিশৰ লগতে বিভিন্ন সমস্যাৰ মাজত চলি থকা বিদ্যালয়খনৰ ক্ষেত্ৰত চৰকাৰ তথা শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰি সমস্যাসমূহ সমাধান কৰি গুণগত শিক্ষাৰ জৰিয়তে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিবলৈ ৰাইজে আহ্বান জনাইছে।
প্ৰেৰক নিতুল বৰা

 

You might also like