নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইৰ ৱেষ্টাৰ্ন নেভেল কমাণ্ড পৰিদৰ্শন জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ

বিশেষ বাৰ্তা, ৮ জুনঃ ভাৰতৰ সৈতে প্ৰতিৰক্ষা সম্পৰ্ক সুদৃঢ় কৰিবলৈ জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্টোৰিয়াছে ৱেষ্টাৰ্ন নেভেল কমাণ্ড (ডব্লিউ এন চি) আৰু মুম্বাইৰ মাজাগন ডক ভ্ৰমণ কৰে। জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্টোৰিয়াছৰ নেতৃত্বত জাৰ্মানীৰ এটা প্ৰতিনিধি দলে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে ভাৰতত ৱেষ্টাৰ্ন নেভাল কমাণ্ড (ডব্লিউ এন চি) আৰু মাজাগন ডক শ্বিপবিল্ডাৰ্ছ লিমিটেড (এম ডি এল) ভ্ৰমণ কৰে। বুধবাৰে পিষ্টোৰিয়াছে ডব্লিউ এন চি পৰিদৰ্শন কৰি ভাৰতীয় নৌসেনাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মত বিনিময় কৰে, য’ত তেওঁ নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰ আৰু ডব্লিউ এন চিৰ ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চীফ ভাইচ এডমিৰেল দীনেশ কে ত্ৰিপাঠীৰে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীৰ সৈতে বেনেডিক্ট জিমাৰ (জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক সচিব), ড০ জেছপাৰ উইক (ছিকিউৰিটী এণ্ড ডিফেঞ্চ পলিচীৰ সঞ্চালকপ্ৰধান, এমঅ’ডি জাৰ্মানী), ড০ ফিলিপ আকাৰমেন (ভাৰতত জাৰ্মান ৰাষ্ট্ৰদূত) আৰু অন্যান্য সদস্যসকল উপস্থিত থাকে। পিছত প্ৰতিনিধি দলটোৱে মাজাগন ডক শ্বিপবিল্ডাৰ্ছ লিমিটেড ভ্ৰমণ কৰে, য’ত তেওঁলোকক এমডিএলৰ থলুৱা জাহাজ নিৰ্মাণ ক্ষমতাৰ বিষয়ে অৱগত কৰোৱা হয়। মুম্বাই ভ্ৰমণৰ সময়তে পিষ্টোৰিয়াছক শেহতীয়া থলুৱা যুদ্ধ জাহাজ আই এন এছ মৰ্মুগাও ভ্ৰমণ কৰোৱা হয়। উল্লেখ্য যে ২০০৬ চনত ভাৰত আৰু জাৰ্মানীয়ে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ ওপৰত চুক্তি স্বাক্ষৰ কৰাৰ পিছত পাৰস্পৰিক সামৰিক ক্ৰিয়াকলাপ যথেষ্ট বৃদ্ধি পাইছে। সামুদ্ৰিক ক্ষেত্ৰত সহযোগিতাই হৈছে ভাৰত আৰু জাৰ্মানীৰ মাজত যোগাযোগৰ আটাইতকৈ স্থায়ী আৰু মূল দিশ, যিয়ে অন্যান্য বিষয়ৰ লগতে নৌসেনাৰ জাহাজ আৰু প্ৰতিনিধি দলৰ প্ৰশিক্ষণ আৰু পাৰস্পৰিক দ্বিপাক্ষিক ভ্ৰমণকো সামৰি লৈছে বুলি নৌসেনাই কয়। নৌসেনাৰ বিবৃতিত লগতে কোৱা হৈছে যে পিষ্টোৰিয়াছৰ বৰ্তমানৰ ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।

You might also like