নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বাংলাদেশৰ পৰা মানুহ নালাগে, চৰাই এটাও অসমত সোমাব নোৱাৰে’

🔹 সর্বানন্দ সোণোৱালৰ হৈ চাবুৱাত প্রচাৰ মুখ্যমন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বার্তা, ১২ এপ্রিল : ডিব্রুগড লোকসভা সমষ্টিৰ অন্তর্গত চাবুৱা–লাহোৱাল বিধানসভা সমষ্টিৰ চাবুৱা ইয়ং–ব্লু খেলপথাৰত অনুষ্ঠিত বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ খেলপথাৰৰ সমীপতে অৱস্থিত চাবুৱা ক্রীড়া সন্থাৰ ষ্টেডিয়ামত হেলিকপ্টাৰেৰে মুখ্যমন্ত্রীগৰাকীয়ে অৱতৰণ কৰি চাবুৱা–লাহোৱাল বিধানসভা সমষ্টিৰ ভিত্তিত অনুষ্ঠিত ডিব্রুগড লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পার্টীৰ প্রার্থী সর্বানন্দ সোণোৱালৰ হৈ প্রচাৰ চলাই বিশাল জনতাক সম্বোধন কৰে৷ ক্লাবটোৰ সমগ্র খেলপথাৰখন ভৰি দিবলৈ ঠাই নোহোৱা হয়। বিশ হাজাৰতকৈ অধিক লোকক সম্বোধন কৰা ৰাইজৰ প্রিয় মুখ্যমন্ত্রীগৰাকীক এবাৰ চুই চাবলৈ হেতা–ওপৰা লগায় জনতাই৷ জনতাৰ হেঁপাহ পূৰণ কৰিবলৈ চেষ্টা কৰা মুখ্যমন্ত্রীগৰাকীয়ে জনসমাগম দেখি অভিভূত হৈ পৰে৷ নির্বাচনী সভাৰ মঞ্চত বিশেষ আসন ৰখাৰ পিছতো আসন গ্রহণ নকৰি প্রসৰ ৰ’দকো নেওচি মুখ্যমন্ত্রীগৰাকীৰ অপেক্ষাত ৰৈ থকা ৰাইজৰ প্রতি শ্রদ্ধা জনাই এক মিনিট পলম নকৰি ৰাইজক সম্বোধন কৰা দেখা যায় মুখ্যমন্ত্রীগৰাকীয়ে৷ নিৰাপত্তাজনিত কাৰণত মুখ্যমন্ত্রীগৰাকী উপস্থিত থকা মঞ্চৰ পৰা জনতা ৰৈ থকা স্থান প্রায় পঞ্চাশ ফুট দূৰত্ব আছিল যদিও মুখ্যমন্ত্রীগৰাকীয়ে মাইকত নিজেই ঘোষণা কৰি জনতাক নিজৰ কাষলৈ মাতি আনে আৰু নিৰাপত্তাৰক্ষীক বাধা নিদিবলৈ কয়৷ মুখ্যমন্ত্রীগৰাকীৰ এনে স্থিতিৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ থকা জনতাই বেহু অতিক্রম কৰি মুখ্যমন্ত্রীগৰাকী থিয় হোৱা মঞ্চৰ কাষলৈ আহি ‘আকৌ এবাৰ মোদী চৰকাৰ’ শীর্ষক গীতৰ তালে তালে মুখ্যমন্ত্রীৰ সৈতে নাচিলে৷ বিৰ দি বাট নোপোৱা জনতাক সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰে৷ ‘ব’হাগ মাথোঁ এটি ঋতু নহয়, ই অসমীয়া জনজীৱনৰ আয়ুস ৰেখা…’ শীর্ষক বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ কথা সুঁৱৰি মুখ্যমন্ত্রীগৰাকীয়ে সমষ্টিটোৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰে ৰঙালী বিহুৰ৷ বিহুৰ সমান্তৰালকৈ অনুষ্ঠিত হ’বলগীয়া ভোটগ্রহণ প্রক্রিয়াৰে সম্পন্ন হ’বলগীয়া দেশৰ সাধাৰণ নির্বাচনৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীক তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ আসনত বহুৱাব লাগিব আৰু বিশ্বৰ ভিতৰত ভাৰতক শক্তিশালী কৰিবলৈ ৰাইজক আহ্বান জনায় মুখ্যমন্ত্রীগৰাকীয়ে৷ তেওঁ কয়- অসমক অন্তৰৰ পৰা ভালপোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিগত কার্যকালত ২৬বাৰ অসমলৈ আহিছে৷ কংগ্রেছৰ কার্যকালৰ কোনো প্রধানমন্ত্রীয়ে বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙাত থাকি পোৱা নাই আৰু ডিঙিত গামোচা পিন্ধা নাছিল। কিন্তু প্রথমবাৰ অসমৰ কাজিৰঙাত থকা প্রধানমন্ত্রীগৰাকীয়েই হৈছে নৰেন্দ্র মোদী৷ বিশ্বৰ যিকোনো ঠাইলৈ গ’লে অসমীয়াৰ স্বাভিমান গামোচাখন ডিঙিত লৈ ফুৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রধানমন্ত্রীৰ ডিঙিত অসমীয়াৰ গামোচা সন্দর্ভত সোধাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্রী ড০ শর্মাক কয়– ‘গামোচাখন দেখিলে মই সাহস পাওঁ, গামোচাখন দেখিলে মই প্রেৰণা পাওঁ’ ৷ এইদৰে প্রধানমন্ত্রীৰ প্রশংসা কৰা ভাষণ প্রসংগতে মুখ্যমন্ত্রীগৰাকীয়ে কয়– কংগ্রেছৰ দিনত কাজিৰঙাত এটাৰ পিছত আন এটা গঁড় হত্যা কৰা হৈছিল৷ গঁড়ৰ খর্গবিলাক কোনে লৈ যায়, সেয়া ভগৱানেহে জানে৷ প্রধানমন্ত্রী মোদীয়ে কাজিৰঙাত নিশা কটাই গঁড়ৰ ফটো তুলি টুইটাৰযোগে প্রচাৰ চলায় সমগ্র পৃথিৱীত৷ কংগ্রেছৰ কোনো প্রধানমন্ত্রীয়ে অসমৰ বীৰত্বৰ চানেকিৰ আদর্শ পুৰুষ বীৰ লাচিত বৰফুকনৰ ১৪৫ ফুট ওখ প্রতিমূর্তি নির্মাণ কৰিবলৈ সাহস কৰা নাছিল৷ অসমৰ সকলো দিশতে উন্নয়ন সাধন কৰাৰ ক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অভূতপূর্ব বৰঙণি আগবঢ়াইছে৷ ধলা–শদিয়া, বগীবিল সম্পূর্ণ হোৱাৰ পিছত নুমলীগড়ৰ পৰা গহপুৰলৈ ছয়লেনযুক্ত ব্রহ্মপুত্রৰ তলেদি সুৰংগ পথ নির্মাণ আৰু কাজিৰঙা ৰাষ্ট্রীয় অভয়াৰণ্যৰ ওপৰেৰে ৩২ কিলোমিটাৰ উৰণ সেতু নির্মাণ কৰা হ’ব বুলি উল্লেখ কৰে৷ পূর্বে কোনো এখন চৰকাৰে এনে চিন্তা কৰা নাছিল৷ আজিৰ পৰা ১০, ১৫ বছৰ পূর্বে অসমত বিহু বা উৎসৱৰ সময়ত গুলী-বাৰুদ ফুটিছিল, কিন্তু বিজেপিৰ নেতৃত্বত চলা শাসনকালত এতিয়া শান্তি–সম্প্রীতি ঘূৰি আহিছে৷ বড়ো চুক্তি, আদিবাসী চুক্তি, কার্বি চুক্তিৰ জৰিয়তে অসমৰ আই–মাতৃসকলে পুত্র হেৰুওৱাৰ বেদনাত চকুলো টুকিব লগা হোৱা নাই৷ এতিয়া সময় সলনি হ’ল, বন্দুক-বাৰুদৰ মাতত ব’হাগ নাহে, কুলি-কেতেকীৰ মিঠা মাততহে ব’হাগ আহে৷ তদুপৰি তেওঁ কয়- অসমত এতিয়াও এনে মানুহ আছে, যিয়ে অসমখন আন্দেলনমুখী কৰি ৰাখিব খোজে ৷ ‘কা’ আন্দোলনৰ কথা ৰাইজক মনত পেলাই মুখ্যমন্ত্রীগৰাকীয়ে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক সমালোচনা কৰে৷ দুই কোটি বাংলাদেশী অসমলৈ আহিব বুলি কোৱাত অসমৰ মানুহে আন্দোলন কৰিছিল বুলি দুয়োৰে নাম উচ্চাৰণ কৰি কয়৷ লুৰিণ আৰু অখিলে কোৱাৰ দৰে চাবুৱাত এজন নতুন মানুহ আহিলে নেকি বুলি ৰাইজলৈ প্রশ্ন এৰে মুখমন্ত্রী ড০ শর্মাই ৷ প্রধানমন্ত্রী মোদী আৰু ড০ হিমন্ত বিশ্ব শর্মা যেতিয়ালৈকে মুখ্যমন্ত্রী হৈ থাকিব, তেতিয়ালৈকে বাংলাদেশৰ মানুহ নালাগে, চৰাই এটাও অসমলৈ আহিব নোৱাৰে বুলি ৰাইজৰ সন্মুখত কয়৷ ‘কা’ গৃহীত হৈ গ’ল, কিন্তু আন্দোলনকাৰীয়ে কোৱাৰ দৰে এজন বিদেশীও দেখুৱাব নোৱাৰিলে৷ নির্বাচনৰ পিছতে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক সোধা হ’ব যে মিছা কথা কৈ কিয় পাঁচজন যুৱকক মৃত্যুমুখলৈ ঠেলি দিলে৷ আনহাতে, সাংবাদিকৰে বার্তালাপত মুখ্যমন্ত্রীগৰাকীয়ে কংগ্রেছৰ গৌৰৱ গগৈক সমালোচনা কৰে৷ গৌৰৱ গগৈ আৰু অখিল গগৈয়ে ঈদৰ দিনা নামাজ পঢ়াক লৈ তীব্র কটাক্ষ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়- দুয়োগৰাকী বিৰোধী নেতাই মোটামুটি নামাজ পঢ়িব জানে৷ প্রধানমন্ত্রী আৰু ৰাজ্য চৰকাৰ তৰফৰ পৰা পবিত্র ঈদ উপলক্ষে মুছলমান লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰা হৈছে৷ কোন ক’ত যায় আপত্তি নাই, কিন্তু একে আধ্যাত্মিকতা নিহিত হৈ থকা ৰাম মন্দিৰ প্রতিষ্ঠাৰ দিনটোত গৌৰৱ গগৈ আৰু অখিল গগৈয়ে কিয় অনুভৱ নকৰিলে বুলি প্রশ্ন কৰে সাংবাদিকৰ সন্মুখত৷ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ দিনটোত ৰাহুল গান্ধী আৰু গৌৰৱ গগৈয়ে নগাঁৱত ধর্ণা কৰি আছিল৷ ঈদৰ প্রতি যিটো সন্মান, ৰাম মন্দিৰৰ প্রতিও সেই সন্মান থাকিব লাগিছিল বুলি কয় মুখ্যমন্ত্রীগৰাকীয়ে৷ অসমৰ মুছলমানসকলৰ সমস্যা তুষ্টিকৰণেৰে সমাধান নহয়, মুছলমানসকলে চৰকাৰী চাকৰি পাব লাগিব, পঢ়া–শুনা কৰিব লাগিব৷ মুখ্যমন্ত্রীৰ ভাষ্যত এ পি চি চিৰ সভাপতি ভূপেন বৰাকো টানি অনা দেখা যায়৷ ভূপেন বৰাই ভগৱান কৃষ্ণক যেতিয়া লাভ জেহাদী বুলি কৈছিল, তেতিয়া গৌৰৱ গগৈ ক’ত আছিল৷ সমগ্র অসমৰ সমাজখনে ভগৱান কৃষ্ণক মানে, কিন্তু ভগৱান কৃষ্ণৰ বিষয়ে বৰাই কোৱাৰ সময়ত অসমীয়া সমাজখনলৈ মনত নপৰা অখিল গগৈ আৰু গৌৰৱ গগৈ ক’ত আছিল৷ তুষ্টিকৰণৰ ৰাজনীতি তেওঁলোকৰ বাবে সর্বস্ব হোৱা বাবেই মুছলমান, হিন্দু, খ্রীষ্টিয়ান কাকো ভাল নাপায় বুলি স্পষ্টকৈ কয় সাংবাদিকৰ সন্মুখত৷ এনেবোৰ কথা–কামৰ বাবে হিন্দুসকলৰ প্রশ্ন তেওঁলোকৰ প্রতি৷ হিন্দুসকল বিৰোধী গগৈদ্বয়ৰ প্রতি আপোন নহয় নেকি? তেওঁলোকে কেইগৰাকী দুখীয়া মুছলমান ছোৱালীক বাল্য বিবাহৰ পৰা ৰক্ষা কৰিলে, কেইঘৰ দুখীয়া মুছলমানক ঘৰ দিলে, কিন্তু তাৰ বিপৰীতে ঈদৰ দিনা আহি নামাজ পঢ়িলে মুছলমানৰ ভোট লাভ কৰিব বুলি আশা কৰিছে অখিল গগৈয়ে৷ এইদৰে বিৰোধী নেতাগৰাকীক মুখ্যমন্ত্রীয়ে সমালোচনা কৰা পৰিলক্ষিত হয়৷ নির্বাচনী সভাখনত ডিব্রুগডৰ সাংসদ ৰামেশ্বৰ তেলীকে ধৰি বিধায়ক বিনোদ হাজৰিকা, বিধায়ক পোনাকণ বৰুৱা, চাবুৱা–লাহোৱাল সমষ্টিৰ ভাৰতীয় জনতা পার্টীৰ জ্যেষ্ঠ নেতা বিকুল ডেকা আদিকে ধৰি কেইবাগৰাকী স্থানীয় বিজেপি কর্মকর্তা উপস্থিত আছিল৷

প্ৰেৰক দিব্যজ্যোতি লাহন

You might also like