নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইবাহী সমবায় সমিতি লিমিটেডৰ সচিবৰ বিৰুদ্ধে অন্ন সুৰক্ষাৰ চাউল হৰলুকীৰ অভিযোগ

🔹 চৰাইবাহী সমবায়ত প্ৰতিবাদ গ্ৰাহকৰ

🔹 সমবায়ত ভুক্তভোগী ৰাইজে ওলমালে তলা

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ মৰিগাঁও জিলাৰ চৰাইবাহী সমবায় সমিতি লিমিটেডৰ সচিব হেমন্ত কুমাৰ নাথে অসম চৰকাৰে প্ৰদান কৰা সুলভ মূল্যৰ চাউল হৰলুকী কৰি গ্ৰাহকক চাউল যোগান নধৰাৰ অভিযোগত আজি সমবায়খনত গ্ৰাহকসকলে এটি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, চৰাইবাহী সমবায় সমিতি লিমিটেডৰ দুৰ্নীতিগ্ৰস্ত সচিব হেমন্ত কুমাৰ নাথে ৰাজ্য চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ বাবে প্ৰদান কৰা সুলভ মূল্যৰ অন্ন সুৰক্ষাৰ চাউল হৰলুকী কৰি বিগত এক মাহ ধৰি গ্ৰহকক চাউল যোগান ধৰা নাছিল। এই সন্দৰ্ভত চৰাইবাহী অঞ্চলৰ একাংশ গ্ৰাহকে চাউল যোগান নধৰাত মৰিগাঁও জিলা উপায়ুক্ত আৰু জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগক লিখিত আবেদন দিয়াৰ পিছতে জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটি দল যোৱা ২৭ জুনত চৰাইবাহী সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়ত উপস্থিত হৈ তদন্ত চলাইছিল যদিও চৰাইবাহী ৰাইজে ইয়াৰ কোনো সঠিক উত্তৰ লাভ নকৰাত আজি পুনৰ চৰাইবাহী অঞ্চলৰ চাউল-বঞ্চিত গ্ৰাহকসকল সমবায়খনৰ সভাপতি নিতুল বৰদলৈ আৰু সচিব হেমন্ত কুমাৰ নাথৰ পৰা ইয়াৰ এক সমাধান বিচাৰি উপস্থিত হৈছিল যদিও ৰাইজ অহাৰ উমান লাভ কৰি সমবায়খনৰ সভাপতি আৰু সচিব এজনো সমবায়ত উপস্থিত নোহোৱাত এক উত্তপ্ত হৈ পৰে সমবায় চৌহদ ৷ প্ৰতিবাদমুখৰ হৈ পৰে উপস্থিত ভুক্তভোগী ৰাইজ ৷ ইয়াৰ পিছতে দুৰ্নীতিপৰায়ণ সমবায়খনৰ সচিব হেমন্ত কুমাৰ নাথৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰি মুখ্যমন্ত্ৰীক আহ্বান জনাই সমবায়খনত অনিৰ্দিষ্ট কাললৈ ৰাইজে তলা ওলমাই দিয়ে ৷ প্ৰকাশ যে এইগৰাকী দুৰ্নীতিপৰায়ণ আৰু দুখীয়াৰ তেজ শুহি খোৱা লুণ্ঠনকাৰী সচিব হেমন্ত কুমাৰ নাথে বিগত ২০২০ চনত এইখন চৰাইবাহী সমবায় সমিতিৰ চাউল হৰলুকী কৰাৰ অভিযোগত মিকিৰভেটা আৰক্ষী থানাত স্থানীয় ৰাইজে দাখিল কৰা এজাহাৰৰ ভিত্তিত ১৪২ / ২০২০ নম্বৰ কেছৰ ভিত্তিতে এক মাহ ধৰি জেল হাজোতলৈ যাব লগা পৰিৱেশ সৃষ্টি হৈছিল ৷ ইয়াৰ পিছতো এইগৰাকী সচিব হেমন্ত কুমাৰ নাথে সমবায়খনৰ পৰা দুখীয়াৰ তেজ খাবলৈ এৰা নাই ৷ আচলতে কাৰ আশীৰ্বাদপুষ্ট হৈ এইগৰাকী দুৰ্নীতিৰে লুতুৰি-পুতুৰি হৈ থকা সচিব হেমন্ত কুমাৰ নাথে দুৰ্নীতিৰ পাহাৰ গঢ়িব পাৰিছে, তাক লৈ চৰাইবাহী ৰাইজৰ মাজত প্ৰশ্ন উদয় হৈছে ৷

প্ৰেৰক মানস নাথ

You might also like