নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৱচ ব্যৱস্থাঃ ৰে’ল দুৰ্ঘটনা ৰোধৰ অন্যতম প্ৰযুক্তি

বিশেষ বাৰ্তা, ৩ জুনঃ ওড়িশাৰ বালাচোৰত কালি সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত এতিয়ালৈকে আঢ়ৈ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু ৯০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। এই ৰে’ল দুৰ্ঘটনাই পুনৰ ৰে’লৱেৰ প্ৰযুক্তি আৰু ৰে’ল মন্ত্ৰালয়ৰ দাবীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে? আচলতে মাত্ৰ কেইমাহমানৰ আগতে দেশৰ ৰে’ল মন্ত্ৰালয়ে কৈছিল যে ৰে’ল দুৰ্ঘটনা ৰোধ কৰিব পৰা ব্যৱস্থা আনিব। এই ব্যৱস্থাটোক কৱচ ব্যৱস্থা বুলি কোৱা হয়, যিটো ট্ৰেইন সংঘৰ্ষ পৰিহাৰ ব্যৱস্থা বুলি জনা যায়। বালাচোৰ দুৰ্ঘটনাৰ পিছত ৰে’লত কৱচ ব্যৱস্থা স্থাপন কৰাহেঁতেন এই শোকাৱহ দুৰ্ঘটনা নহ’লহেঁতেন বুলি চৰ্চা হৈছে।
কৱচ হৈছে ভাৰতীয় ৰে’লৱেৰ স্বয়ংক্ৰিয় সুৰক্ষা ব্যৱস্থা, যাৰ জৰিয়তে ৰে’ল দুৰ্ঘটনা ৰোধ কৰাৰ পৰিকল্পনা কৰিছে। আচলতে কৱচ হৈছে ইঞ্জিনত স্থাপন কৰা ইলেক্ট্ৰনিক সঁজুলি আৰু ৰেডিঅ’ ফ্ৰিকুৱেঞ্চী চিনাক্তকৰণৰ ব্যৱস্থা, যিয়ে ৰে’লৱেৰ সংকেত ব্যৱস্থাৰ লগতে ট্ৰেকত চলা ৰে’লৰ গতি নিয়ন্ত্ৰণ কৰে। ওড়িশাৰ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত ৰে’লৱেৰ বিষয়াসকলে জনাইছে যে এই ৰে’লত কৱচ ব্যৱস্থা স্থাপন কৰা হোৱা নাছিল। অৰ্থাৎ এই ৰে’লখনত ব্যৱস্থাটো স্থাপন কৰাহেঁতেন এই দুৰ্ঘটনাটো নহ’লহেঁতেন। কৱচ হৈছে এনে এক ব্যৱস্থা, যিটো প্ৰতিটো ষ্টেচনতে এক কিলোমিটাৰ দূৰত্বত স্থাপন কৰা হয়, লগতে ইয়াক ৰে’ল, ট্ৰেক আৰু ৰে’লৱে সংকেত ব্যৱস্থাতো স্থাপন কৰা হয়। এই গোটেই ব্যৱস্থাটোৱে অতি উচ্চ ৰেডিঅ’ ফ্ৰিকুৱেঞ্চীৰ জৰিয়তে ইটোৱে সিটোৰ উপাদানসমূহৰ সৈতে যোগাযোগ কৰে। এই কৱচ ব্যৱস্থাই লোকো পাইলটক সতৰ্ক কৰি দিয়ে আৰু তাৰ পিছত ৰে’লৰ ব্ৰেক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে যদি কৱচ ব্যৱস্থাই গম পায় যে একেটা ট্ৰেকতে আন এখন ৰে’ল আহি আছে, তেন্তে ই আনখন ৰে’ললৈ সতৰ্কবাণী প্ৰেৰণ কৰে আৰু আনখন ৰে’ল নিৰ্দিষ্ট দূৰত্বলৈ আহি ৰৈ যায়।

You might also like