নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাউলীৰ মৰা মানাহ নদীত অবাধ বেদখল, পৰ্যটনৰ বিকাশৰ সম্ভাৱনাক নস্যাৎ 

নিয়মীয়া বাৰ্তা, হাউলী, ৯ নৱেম্বৰ : হাউলী পৌৰসভাৰ এলেকাৰ মাজেৰে বৈ যোৱা ইতিহাসসমৃদ্ধ মৰা মানাহ নদীত হোৱা অবাধ বেদখলৰ ফলত বৃহত্তৰ হাউলী অঞ্চলৰ এক সমৃদ্ধশালী ইতিহাস পাহৰণিৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে। এই বৃহত্তৰ অঞ্চলটোৰ বাৰিষাৰ পানী ওলাই যোৱাৰ একমাত্ৰ পথ এই মৰা মানাহ নদীত যোৱা কেইবছৰমানৰ পৰা সমাজৰ একাংশ প্ৰতিষ্ঠিত লোকে অবাধ হাৰত বেদখল কৰি নদীখনৰ পৰিসৰ সংকুচিত কৰাৰ ফলত হাউলী পৌৰসভাৰ ১, ২, ৩ আৰু ৪ নম্বৰ ৱাৰ্ডৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ছাউনীৰ লগতে চহৰখনৰ লগত সংলগ্ন হৈ থকা কেইবাটাও অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

ইতিমধ্যে কৃত্ৰিম বানৰ ফলত সংৰক্ষিত আৰক্ষী বাহিনীৰ সম্পত্তিৰ ক্ষতি হোৱাৰ লগতে হাউলী ৰাস মণ্ডপ, মদন মোহন কীৰ্তন ঘৰ, চণ্ডী বৰুৱা ষ্টেডিয়াম আৰু কেইবাখনো শিক্ষা অনুষ্ঠান বাৰিষাৰ সময়ত ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছে। এই সম্পৰ্কত হাউলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰাজু দাস আৰু সাধাৰণ সম্পাদক হেমাংগ দাসে ৬ ডিচেম্বৰত বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন পত্ৰযোগে দুদিন ধৰি এটা দুষ্ট চক্ৰই ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে মাটি পেলাই নদীখন পুতি পেলোৱাৰ কাম পূৰ্ণগতিত চলাই আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

পত্ৰখনত হাউলী আঞ্চলিক ছাত্ৰ সন্থাই এই অবৈধ বেদখল তৎকালীনভাৱে বন্ধ কৰি চহৰখনত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে। ছাত্ৰ সন্থাই লগতে মুখ্যমন্ত্ৰীক বিষয়টো সন্দৰ্ভত জিলা আয়ুক্তক প্ৰয়োজনীয় নিৰ্দেশ দিবলৈ আহ্বান জনাইছে।

এই সন্দৰ্ভত হাউলী পৌৰসভাৰো নীৰৱতাই ৰাইজক উদ্বিগ্ন কৰি তুলিছে । সকলো পক্ষৰ চৰম অৱহেলা আৰু অনীহাৰ বাবে আজি মৰা মানাহ নদীখনক কেন্দ্ৰ কৰি পৰ্যটনৰ এক বিশাল ভাণ্ডাৰ গঢ়ি উঠাৰ সম্ভাৱনা নস্যাৎ হৈছে ।

You might also like