পত্নী পঞ্চায়ত সভানেত্ৰী, পিছে কাম চলায় স্বামী আলী আকবৰে
প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ আৰু অৰুণোদয় আঁচনিৰ নামত সংগঠিত দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিৰ একমাত্র ৱাৰ্ড সদস্যাগৰাকীয়ে মাত মতাৰ বাবেই মাৰপিট কৰে কংগ্ৰেছী সভানেত্ৰীৰ স্বামী আৰু গুণ্ডাবাহিনীৰ দলটোৱে
নগাঁৱত কংগ্ৰেছ দলৰ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীৰ গুণ্ডাগিৰি। গাঁও পঞ্চায়তৰ সভানেত্ৰী পত্নী। পিছে কাম কাজ চলায় স্বামীয়ে। নগাঁৱৰ হাতীযুজুৱা গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডৰ বিজেপিৰ ৱাৰ্ড সদস্যাৰ স্বামীক হাত ভৰি বান্ধি তালিবানী শাস্তি কংগ্ৰেছী পঞ্চায়ত সভানেত্ৰীৰ স্বামী আৰু এটা গুণ্ডা বাহিনীৰ।
ৰছীৰে বান্ধি, ৰডেৰে গুৰুলাগুৰুলকৈ আক্ৰমণ কৰি বেয়াকৈ আঘাতপ্রাপ্ত কৰে বিজেপিৰ ৱাৰ্ড সদস্যাৰ স্বামীক।
প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ আৰু অৰুণোদয় আঁচনিৰ নামত সংগঠিত দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিৰ একমাত্র ৱাৰ্ড সদস্যাগৰাকীয়ে মাত মতাৰ বাবেই মাৰপিট কৰে কংগ্ৰেছী সভানেত্ৰীৰ স্বামী আৰু গুণ্ডাবাহিনীৰ দলটোৱে।
কংগ্ৰেছ দলৰ পঞ্চায়ত সভানেত্ৰী মাফুজা খাতুনৰ স্বামীৰ নাম আলী আকবৰ। এই আলী আকবৰেই পঞ্চায়তৰ সভানেত্ৰী পত্নীৰ সলনি চলাই গৈছে যাৱতীয় কাম কাজ। পঞ্চায়তটোৰ সভানেত্ৰীৰ স্বামী আলী আকবৰৰ কাৰ্য্য কলাপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে নিৰ্বাচিত সদস্যসকলক ভাবুকি প্রদান কৰি আহিছে ।
ঘটনা সন্দৰ্ভত জাজৰি আৰক্ষী থানাত ভুক্তভোগী বিজেপিৰ ৱাৰ্ড সদস্যাগৰাকীয়ে সভানেত্ৰী স্বামী আৰু গুণ্ডাবাহিনীৰ দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত জাজৰি আৰক্ষীয়ে অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে।
ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ
লগতে পঢ়ক — কাইলৈ শ্বহীদ দিৱস, বৰাগাঁৱত নতুন শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ